21
Apr
ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ জীয়ৰী নিশামণি বৰাই। গোৱাত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ সৰ্বভাৰতীয় নেচনেল ছেইলিং চেম্পিয়নশ্বিপত নিশামণিয়ে অৰ্জন কৰে ৰূপৰ পদক। যোৱা ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ অনুষ্ঠিত হোৱা এই মেগা প্ৰতিযোগিতাখনৰ ‘IQ Foil Windsurfing Women’s’ শাখাত অসমক প্ৰতিনিধিত্ব কৰিছিল সৰুপথাৰৰ এইগৰাকী সাহসী খেলুৱৈয়ে। সাগৰৰ বুকুত দুঃসাহসিকতাৰে উইণ্ড ছাৰ্ফিং কৰি নিশামণিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ছেইলৰ হিচাপে নিজৰ স্থিতি পুনৰ দৃঢ় কৰি তুলিছে। সৰুপথাৰৰ নগাজৰি দ'চুক গাঁৱৰ এক কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা নিশামণিৰ ক্ৰীড়া যাত্ৰা আৰম্ভ হৈছিল এনচিচিৰ জৰিয়তে। এনচিচিৰ কেম্পত উইণ্ড ছাৰ্ফিং খেলৰ এজন পৰ্যবেক্ষকৰ পৰামৰ্শ লাভ কৰাৰ পাছতেই এই দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হৈছিল তেওঁ।…
