উপদেশতকৈ আৰ্হি শ্ৰেয়, ইন্ধন ৰাহিৰ উদ্দেশ্যে নিজৰ কনভয় সীমিত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। চৰকাৰী সূত্ৰৰ পৰা শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে পেট্ৰ’পণ্যৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে তেওঁৰ কনভয়ত গাড়ীৰ সংখ্য়া হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ৷হায়দৰাবাদত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনোৱাৰ পাছতেই গুজৰাট আৰু অসমত তেওঁৰ কনভয়ৰ আকাৰ হ্ৰাস পায় । প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ ক্ৰয় নকৰাকৈয়ে যদি সম্ভৱ হয়, তেন্তে তেওঁৰ কনভয়ত ইলেক্ট্ৰিক বাহন অন্তৰ্ভুক্ত কৰিবলৈও অনুৰোধ জনাইছে ৷
উপদেশতকৈ আৰ্হি শ্ৰেয়
