ইন্ধন সঞ্চয়ৰ বাৰ্তা দিবলৈ বাছত যাত্ৰা কৰিব নীতিন গাডকাৰী

দেশৰ বৰ্ধিত ইন্ধনৰ নাটনি আৰু বিত্তীয় মিতব্যয়িতাৰ প্ৰতি লক্ষ্য ৰাখি এক ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। মহাৰাষ্ট্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘাইপথ প্ৰকল্প পৰিদৰ্শনৰ বাবে তেওঁ কোনো ব্যক্তিগত বিলাসীবহুল বাহনৰ পৰিৱৰ্তে এখন বাছ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰধানমন্ত্ৰীৰ ইন্ধন ৰাহিৰ পৰামৰ্শৰ প্ৰতি সন্মান জনাই তেওঁ আৰক্ষী, নিৰাপত্তাকৰ্মী আৰু সাংবাদিকৰ সৈতে একেলগে যাত্ৰা কৰিব বুলি মহাৰাষ্ট্ৰ আৰক্ষীক এক পত্ৰযোগে অৱগত কৰে।

মহাৰাষ্ট্ৰ চৰকাৰক উদ্দেশ্যি লিখা পত্ৰখনত গাডকাৰীয়ে কয়, “অহা ১৪ আৰু ১৫ মে’ত সন্ত জ্ঞানেশ্বৰ মহাৰাজ আৰু সন্ত তুকাৰাম মহাৰাজ পালখি মাৰ্গ প্ৰকল্প পৰিদৰ্শন কৰা হ’ব। এই ভ্ৰমণৰ সময়ত ইন্ধন ৰাহি কৰাৰ বাবে মই বিষয়া আৰু সাংবাদিকৰ সৈতে একেখন বাছতে যাত্ৰা কৰাৰ সিদ্ধান্ত লৈছোঁ।’’ ইয়াৰ উপৰিও তেওঁৰ কনভয়ত থকা বাহনৰ সংখ্যা ৫০ শতাংশলৈ হ্ৰাস কৰিবলৈও তেওঁ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে।

চৰকাৰী ব্যয় হ্ৰাস আৰু জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজনে এই পদক্ষেপ গ্ৰহণ কৰা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। তেওঁৰ এই কাৰ্যই প্ৰশাসনৰ মিতব্যয়িতাৰ দিশত এক নতুন নিদৰ্শন দাঙি ধৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *