বৃহৎ নেটৱৰ্ক সম্প্ৰসাৰণ আৰু গ্ৰাহকৰ মাজত সীমাহীন ডাটা প্লেনৰ চাহিদা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ২০২৫ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চক্ৰত ইণ্টাৰনেট ডাটাৰ ব্যৱহাৰ ৬৫ শতাংশ বৃদ্ধি পোৱা বুলি সোমবাৰে ভোডাফোন আইডিয়াই প্ৰকাশ কৰিছে। টেলিকম অপাৰেটৰটোৱে কয় যে, এই সময়ছোৱাত অঞ্চলটোৰ মূল স্পেকট্ৰম বেণ্ডসমূহত ৮৯০তকৈও অধিক নতুন নেটৱৰ্ক চাইট সংযোজন কৰি নিজৰ উপস্থিতি ১৯খন অতিৰিক্ত চহৰলৈ সম্প্ৰসাৰিত কৰিছে। ভি-এ কয় যে এই সম্প্ৰসাৰণ নিজৰ বিস্তৃত ৰাষ্ট্ৰীয় নেটৱৰ্ক ৰূপান্তৰ কাৰ্যসূচীৰ অংশ যাৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে সংযোগ উন্নত কৰা আৰু ৪জি ব্যৱহাৰকাৰীৰ পৰিমাণ বৃদ্ধি কৰা।
কোম্পানীটোৰ মতে, সীমাহীন ডাটা অফাৰৰ প্ৰতি গ্ৰাহকৰ শক্তিশালী সঁহাৰিৰ বাবে ডাটা ব্যৱহাৰৰ বৃদ্ধিত ইন্ধন যোগাইছে। ভি-এ দাবী কৰে যে বৰ্তমান অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চক্ৰত আনলিমিটেড ৪জি ডাটা প্লেন প্ৰদান কৰা একমাত্ৰ টেলিকম অপাৰেটৰ হৈয়েই আছে। প্ৰতিষ্ঠানটোৱে ৩৪৯ টকাৰ পৰা আৰম্ভ হোৱা “নন-ষ্টপ হিৰো” প্ৰিপেইড প্লেনৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে, যিয়ে এমাহৰ বাবে ২৪ ঘণ্টাই সীমাহীন ৪জি ডাটা প্ৰদান কৰে। ইয়াৰ উপৰিও ২৪৯ টকাৰ পৰা আৰম্ভ হোৱা “হিৰো প্লেন”ৰ প্ৰতিও সঁহাৰি তীব্ৰভাৱে বাঢ়িছে, য’ত আনলিমিটড নৈশ ডাটা, উইকেণ্ড ডাটা ৰোল অভাৰ আৰু অতিৰিক্ত ডাটা বেনিফিট অন্তৰ্ভুক্ত কৰা হৈছে।
গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা ডিজিটেল ব্যৱহাৰ, অনলাইন শিক্ষা, অ’টিটি সম্প্ৰচাৰ আৰু ঘৰৰ পৰা কাম কৰাৰ প্ৰৱণতাৰ বাবে টেলিকমৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। উদ্যোগ পৰ্যবেক্ষকে কয় যে, ভিআইৰ নেটৱৰ্ক বৃদ্ধি আৰু আকৰ্ষণীয় ডাটা অফাৰে গুৱাহাটীৰ টেলিকম বজাৰত প্ৰতিযোগিতা তীব্ৰ কৰিব পাৰে, য’ত ব্যৱহাৰকাৰীসকলে ক্ৰমান্বয়ে উচ্চ গতি আৰু অবিৰত ইণ্টাৰনেট সংযোগ বিচাৰিছে।
