13
May
গুৱাহাট নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা মন্তব্যৰ জৰিয়তে মানহানি আৰু চৰিত্ৰ হনন কৰাৰ গুৰুতৰ অভিযোগ তুলি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক মুকলি চিঠি প্ৰেৰণ কৰিছে সুজাতা গুৰুং চৌধুৰীয়ে। শেহতীয়া বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে মধ্য গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কুংকী চৌধুৰীৰ মাতৃ সুজাতাই ড° শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণৰ দিনাই এই পত্ৰখন সামাজিক মাধ্যমত ৰাজহুৱা কৰে। নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ এজন বিজেপি নেতাই তেওঁক উদ্দেশ্য কৰি কৰা মন্তব্যই ব্যক্তিগত আৰু সামাজিক জীৱনত বিৰূপ প্ৰভাৱ পেলোৱা বুলি তেওঁ অভিযোগ উত্থাপন কৰে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁক ‘গো-মাংস ভক্ষণকাৰী’, ‘অ-সনাতনী’ আৰু ‘ভাৰতবিৰোধী কমিউনিষ্ট’ বুলি আখ্যা দিয়াটো সম্পূৰ্ণ ভিত্তিহীন বুলি…
