জুবিন হত্যা কাণ্ডত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন ১৩ মে’ত উচ্চ ন্যায়ালয়ত শুনানিলৈ উঠিব

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা সাংস্কৃতিক উদ্যোক্তা শ্যামকানু মহন্তৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। অহা ১৩ মে’ত ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত এই গুৰুত্বপূৰ্ণ আইনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। উল্লেখযোগ্য যে যোৱা ৩০ এপ্ৰিলত গুৱাহাটীৰ এক ফাষ্টট্ৰেক আদালতে মহন্তৰ জামিন আৱেদন নাকচ কৰাৰ পাছতেই তেওঁ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অনুষ্ঠিত ‘নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল’ৰ সময়তে সাগৰত সাঁতুৰি থকা অৱস্থাত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। এই ঘটনাৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে শ্যামকানু মহন্তক মূল অভিযুক্ত হিচাপে চিহ্নিত কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰিছে। মহন্তৰ বিৰুদ্ধে জুবিন গাৰ্গৰ শাৰীৰিক অসুস্থতাৰ কথা জানিও সুৰা যোগান ধৰা আৰু সঠিক চিকিৎসাৰ অভাৱৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চৰকাৰী পক্ষই।

প্ৰায় ২০০ দিনতকৈও অধিক সময় কাৰাগাৰত থকা শ্যামকানু মহন্তৰ অধিবক্তাই অহা ১৩ মে’ৰ শুনানিত তেওঁৰ মুক্তিৰ বাবে তীব্ৰ আইনী যুঁজ দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে প্ৰতিপক্ষই মহন্তৰ পূৰ্বৰ আচৰণ আৰু বিদেশলৈ পলায়ন কৰাৰ শংকা প্ৰকাশ কৰি জামিনৰ বিৰোধিতা কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। এই গোচৰত মহন্তৰ লগতে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ আন কেইবাজনো অভিযুক্ত বৰ্তমান কাৰাগাৰত আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *