পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলত ব্যাপক ভোটাৰ কৰ্তনে প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা বুলি দাবী কৰিছে তৃণমূল কংগ্ৰেছে। নিৰ্বাচন আয়োগৰ ‘বিশেষ নিবিড় সংশোধন’ বা এছআইআৰ প্ৰক্ৰিয়াৰ বিসংগতিৰ অভিযোগ তুলি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় সদ্য ক্ষমতাচ্যুত তৃণমূল কংগ্ৰেছ। ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলক লৈ সৃষ্টি হোৱা এই বিতৰ্কই এতিয়া আইনী যুঁজৰ ৰূপ লৈছে। জ্যেষ্ঠ অধিবক্তা কল্যাণ বেনাৰ্জীয়ে আদালতত যুক্তি প্ৰদৰ্শন কৰি কয় যে ৰাজ্যখনৰ কমেও ৩১খন আসনত বিজেপি প্ৰাৰ্থীৰ জয়ৰ ব্যৱধানতকৈ কৰ্তন কৰা ভোটাৰৰ সংখ্যা অধিক আছিল। উদাহৰণস্বৰূপে, জংগীপাড়া সমষ্টিত তৃণমূল প্ৰাৰ্থীজন মাত্ৰ ৮৬২ টা ভোটত পৰাজিত হৈছিল যদিও সেই একেটা সমষ্টিতে প্ৰায় ৫,০০০ ভোটাৰৰ নাম কৰ্তন কৰা হৈছিল। এই কাৰ্যই নিৰ্বাচনী ফলাফলত এক বৃহৎ ভূমিকা পালন কৰা বুলি টি এম চিয়ে অভিযোগ কৰে।
ইফালে, মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে শুনানি কালত এক গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে। আদালতে জনায় যে যদিহে ভোটাৰ কৰ্তনে ফলাফলত প্ৰভাৱ পেলাইছে, তেন্তে দলটোৱে বিষয়টোৰ ওপৰত পৃথককৈ এক অন্তৱৰ্তীকালীন আবেদন দাখিল কৰিব লাগিব। এই আবেদন দাখিলৰ পাছতহে উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টো পৰীক্ষা কৰি চাব বুলি স্পষ্ট কৰি দিয়ে। আনহাতে, নিৰ্বাচন আয়োগে তৃণমূলৰ এই দাবীক আদালতত তীব্ৰ বিৰোধিতা কৰে। আয়োগৰ মতে, যিকোনো নিৰ্বাচনী বিসংগতি বা ফলাফলক প্ৰত্যাহ্বান জনাবলৈ কেৱল ‘নিৰ্বাচনী আবেদন’ দাখিল কৰাটোহে একমাত্ৰ আইনী পথ। উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী নিৰ্দেশনা আৰু টি এম চিৰ নতুন আবেদনে বংগৰ ৰাজনীতিত কি প্ৰভাৱ পেলায়, সেয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে।
