তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ

তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ ৷ আনহাতে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে দায়িত্ব ল’বলৈ সাজু হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে বিজেপি তথা এনডিএৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন আৰু ৰাজ্যপালৰ অনুমোদনৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে ১২ মে’ত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ মন্ত্রীসভাই শপত ল’ব ৷

১২ মে’ৰ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব ৷ আনহাতে উপস্থিত থাকিব এনডিএ শাসিত ২১ খন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীসকল ৷ তদুপৰি দেশৰ কেইবাগৰাকীও আগশাৰীৰ উদ্যোগপতি, ৰাজ্যৰ সত্রাধিকাৰসকল, বিজেপি আৰু অগপৰ বুথ কমিটীৰ সভাপতিসকল, ৰাজ্যৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্রতিনিধিসকল উপস্থিত থাকিব ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *