যাদৱ পৰিয়ালত শোকৰ ছাঁ, আকস্মিকভাৱে প্ৰয়াত প্ৰতীক যাদৱ

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ ভাতৃ প্ৰতীক যাদৱৰ বুধবাৰে পুৱা লক্ষ্ণৌত ৰহস্যজনকভাৱে মৃত্যু ঘটে। উত্তৰ প্ৰদেশৰ বিজেপি নেত্ৰী অপৰ্ণা যাদৱৰ স্বামী প্ৰতীকক পুৱা প্ৰায় ৫:৩০ বজাত লক্ষ্ণৌৰ চিভিল হাস্পতাললৈ নিয়া হয়। অৱশ্যে চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰা বুলি চিকিৎসকে প্ৰকাশ কৰে। মুলায়ম সিং যাদৱৰ দ্বিতীয় পত্নী সাধনা গুপ্তাৰ পুত্ৰ প্ৰতীকৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩৮ বছৰ।

চিকিৎসা বিভাগৰ সূত্ৰই এয়া এক বিষক্ৰিয়াৰ ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। হাস্পতালৰ সঞ্চালক ডাঃ জি পি গুপ্তাই সংবাদ মাধ্যমক জনোৱা মতে প্ৰতীক যাদৱক তেওঁৰ বাসগৃহৰ পাকঘৰত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল। ইতিমধ্যে তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। অহা তিনি-চাৰি দিনৰ ভিতৰত মৰণোত্তৰ পৰীক্ষাৰ বিতং প্ৰতিবেদন আহিলেহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব।

ব্যক্তিগত জীৱনত প্ৰতীক যাদৱ ৰাজনীতিৰ পৰা আঁতৰত আছিল যদিও তেওঁৰ পত্নী অপৰ্ণা যাদৱ ৰাজনৈতিকভাৱে অত্যন্ত সক্ৰিয়। ২০১১ চনত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীটোৰ এটি কন্যা সন্তানো আছে। ঘটনাৰ সময়ত অপৰ্ণা যাদৱ কোনো কামত দিল্লীত আছিল যদিও খবৰ পোৱাৰ লগে লগে তেওঁ লক্ষ্ণৌ অভিমুখে ৰাওনা হয়। ভাতৃ অখিলেশ যাদৱৰ সৈতে অতি মধুৰ সম্পৰ্ক থকা প্ৰতীকৰ এই বিয়োগে সমগ্ৰ পৰিয়ালটোৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *