নীট-ইউজি বাতিলক লৈ উত্তাল ৰাজনীতি, পেপাৰ লিক মাফিয়াৰ ওপৰত কেজৰিৱালৰ আক্ৰমণ

মেডিকেল প্ৰৱেশ পৰীক্ষা নীট-ইউজি ২০২৬ বাতিল হোৱাক লৈ আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। এই পেপাৰ লিকৰ আঁৰত শীৰ্ষ পৰ্যায়ৰ বৃহৎ ষড়যন্ত্ৰ আৰু ৰাজনৈতিক পৃষ্ঠপোষকতা থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে। এখন সংবাদমেল সম্বোধন কৰি কেজৰিৱালে বিগত ১০ বছৰত দেশত প্ৰায় ৮৯ খন পেপাৰ লিক হোৱা তথ্য দাঙি ধৰি চৰকাৰৰ কাৰ্যপ্ৰণালীক ক্ষুৰধাৰ সমালোচনা কৰে।

কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱালে কয়, “চৰকাৰ চলোৱাটো কোনো সহজ কাম নহয়, এয়া এক দায়িত্বশীল কাম। যিসকলে দেশৰ এটা পৰীক্ষা লিক নোহোৱাকৈ পাতিব নোৱাৰে, তেওঁলোকে কেনেকৈ দেশ চলাব? এয়া কোটি কোটি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে খেলা কৰাৰ বাহিৰে আন একো নহয়”। বাৰে বাৰে হোৱা এনে বিসংগতিয়ে চৰকাৰৰ সদিচ্ছাক লৈ প্ৰশ্নৰ সৃষ্টি কৰা বুলিও তেওঁ মন্তব্য আগবঢ়ায়।

ছাত্ৰ-ছাত্ৰীসকলক এক নিৰ্ণায়ক যুঁজৰ আহ্বান জনাই তেওঁ লগতে কয়, “পেপাৰ লিকৰ সৈতে জড়িত মাফিয়া আৰু তেওঁলোকক সহায় কৰা নেতাসকল দেশৰ শত্ৰু, যিয়ে দেশৰ ভেটিটোকে ফোঁপোলা কৰি পেলাইছে। ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশৰ যুৱ প্ৰজন্মই এক শক্তিশালী আন্দোলন গঢ়ি তুলিব লাগিব”। চৰকাৰে কেৱল আন্দোলনৰ ভাষাহে বুজি পায় বুলি উল্লেখ কৰি তেওঁ প্ৰয়োজনত আম আদমী পাৰ্টীয়ে ছাত্ৰ সমাজৰ হৈ ৰাজপথত সংগ্ৰাম কৰিব বুলিও স্পষ্ট কৰি দিয়ে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *