উত্তৰ-পূৱ

পুনৰ বিদেশ ভ্ৰমণৰ বাবে যাব মোদী

পুনৰ বিদেশ ভ্ৰমণৰ বাবে যাব মোদী

১৫ ৰ পৰা ২০ মে’লৈ সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ইউৰোপৰ চাৰিখন দেশ নেডাৰলেণ্ড, ছুইডেন, নৰৱে’ আৰু ইটালীক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।১৫ ৰ পৰা ২০ মে’লৈ সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ইউৰোপৰ চাৰিখন দেশ নেডাৰলেণ্ড, ছুইডেন, নৰৱে’ আৰু ইটালীক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ১৫ মে’ত সংযুক্ত আৰৱ আমিৰশ্বাহীত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক, শক্তি সহযোগিতা আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰিব । ভাৰত আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ মাজত এক ব্যাপক কৌশলগত অংশীদাৰিত্ব আছে, তাত ৪৫ লাখতকৈ অধিক ভাৰতীয় লোকে বাস কৰে । তাৰ পাছতেই প্ৰধানমন্ত্ৰী উপস্থিত হ’ব নেদাৰলেণ্ডত । ইয়াত বাণিজ্য, বিনিয়োগ, সেউজ প্ৰযুক্তি আৰু…
Read More
অৱশেষত ঘোষণা হ’ল কেৰালামৰ মুখ্যমন্ত্ৰীৰ নাম

অৱশেষত ঘোষণা হ’ল কেৰালামৰ মুখ্যমন্ত্ৰীৰ নাম

অৱশেষত ঘোষণা হ'ল কেৰালামৰ মুখ্যমন্ত্ৰীৰ নাম । জ্যেষ্ঠ নেতা ভিডি সতীশনে আগন্তুক ৫ বছৰৰ বাবে ৰাজ্যখনক নেতৃত্ব দিব ।বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ১১ দিনৰ অন্তত কংগ্ৰেছে আনুষ্ঠানিকভাৱে বিৰোধী দলৰ নেতা ভিডি সতীশনক কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে । বিগত ৫ বছৰত ইউডিএফক এক আকৰ্ষণীয় বিজয়ৰ দিশত আগুৱাই লৈ যোৱা সতীশনে অহা ৫ বছৰলৈ ৰাজ্যখনক নেতৃত্ব দিব । দিনৰ ১২ বজাত এআইচিচিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলৰ সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এই কথা ঘোষণা কৰে ।
Read More
এইবাৰ অধিবক্তাৰ ৰূপত মমতা বেনাৰ্জী

এইবাৰ অধিবক্তাৰ ৰূপত মমতা বেনাৰ্জী

এইবাৰ অধিবক্তাৰ ৰূপত মমতা বেনাৰ্জী । অধিবক্তা শিৰ্ষেণ্য বেনাৰ্জীয়ে তৃণমূলৰ হৈ দাখিল কৰা জনস্বাৰ্থ জড়িত গোচৰত তেওঁ দলটোক প্ৰতিনিধিত্ব কৰি উচ্চ ন্যায়ালয়ত যুক্তি আগবঢ়ায় ।উল্লেখ্য যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত দলৰ কাৰ্যালয়ত আক্ৰমণ আৰু কৰ্মীসকলৰ ওপৰত হিংসাৰ অভিযোগ উত্থাপন কৰি অধিবক্তা শিৰ্ষেণ্য বেনাৰ্জীয়ে তৃণমূলৰ হৈ দাখিল কৰা জনস্বাৰ্থ জড়িত গোচৰত তেওঁ দলটোক প্ৰতিনিধিত্ব কৰি উচ্চ ন্যায়ালয়ত যুক্তি আগবঢ়ায় ।
Read More
অসম চৰকাৰৰ মহাধিবক্তাৰূপে দেৱজিৎ ল’ন শইকীয়াৰ ম্যাদ ৫ বছৰলৈ বৃদ্ধি

অসম চৰকাৰৰ মহাধিবক্তাৰূপে দেৱজিৎ ল’ন শইকীয়াৰ ম্যাদ ৫ বছৰলৈ বৃদ্ধি

অসম চৰকাৰৰ মহাধিবক্তা হিচাপে পুনৰ ৫ বছৰৰ বাবে নিযুক্তি প্ৰদান কৰা হৈছে দেৱজিৎ লন শইকীয়াক। বৃহস্পতিবাৰে শপত গ্ৰহণৰ পাছত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ আইনী নেতৃত্বত ধাৰাবাহিকতা ৰক্ষা কৰাৰ স্বাৰ্থতে চৰকাৰে এই গুৰুত্বপূৰ্ণ দায়িত্ব পুনৰ শইকীয়াক অৰ্পণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। উল্লেখ্য যে, সাংবিধানিক নিয়ম অনুসৰি যোৱা বুধবাৰে এই পদৰ পৰা পদত্যাগ কৰিছিল দেৱজিৎ শইকীয়াই। ২০২১ চনত মাত্ৰ ৫২ বছৰ বয়সতে অসমৰ কনিষ্ঠতম মহাধিবক্তা হোৱাৰ গৌৰৱ অৰ্জন কৰা শইকীয়াই বিগত সময়ছোৱাত বিভিন্ন গুৰুত্বপূৰ্ণ আইনী বিষয়ত চৰকাৰক প্ৰতিনিধিত্ব কৰিছে। চৰকাৰৰ মুখ্য আইনী উপদেষ্টা হিচাপে তেওঁৰ অভিজ্ঞতাক সন্মান জনাই ২.০…
Read More
মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক জামিন, চিবিআইৰ ত্ৰুটিক লৈ চাঞ্চল্য

মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক জামিন, চিবিআইৰ ত্ৰুটিক লৈ চাঞ্চল্য

চিবিআইৰ গুৰুতৰ ভুলৰ বাবেই জামিন লাভ কৰিবলৈ সক্ষম হ’ল ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ বৰ্মনে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে মহাপ্ৰৱঞ্চকজনৰ জামিন আৱেদন মঞ্জুৰ কৰে। তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰৰ পূৰ্বে অভিযুক্তক কোনো জাননী নিদিয়াৰ বাবেহে এতিয়া আইনী সুৰক্ষা লাভ কৰে দীপাংকৰে। উচ্চ ন্যায়ালয়ৰ মজিয়াত চিবিআইৰ কাৰ্যপ্ৰণালীক লৈও এতিয়া গম্ভীৰ প্ৰশ্ন উত্থাপন কৰিছে একাংশই। ইয়াৰ পূৰ্বে সংস্থাটোৱে কেৱল অভিযুক্তজনৰ অধীনত কৰ্মৰত সাধাৰণ কৰ্মচাৰীসকলকহে জামিন দি নিজৰ দায়িত্ব সামৰিছিল। হাজাৰ হাজাৰ বিনিয়োগকাৰীৰ কোটি কোটি টকা লুণ্ঠন কৰা মূল খলনায়কজনক ধৰা পেলাবলৈ চিবিআইয়ে অৱলম্বন কৰা দুৰ্বল স্থিতিয়ে সকলোকে স্তম্ভিত কৰিছে। চিবিআইৰ এই গাফিলতিৰ সুযোগ গ্ৰহণ কৰিয়েই দীপাংকৰ বৰ্মনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এই সকাহ লাভ কৰিবলৈ…
Read More
দিল্লীৰ পৰা থিৰুৱনন্তপুৰমলৈ ব্যস্ততা বৃদ্ধি, কেৰালাৰ মুখ্যমন্ত্ৰী পদক লৈ অব্যাহত জল্পনা-কল্পনা

দিল্লীৰ পৰা থিৰুৱনন্তপুৰমলৈ ব্যস্ততা বৃদ্ধি, কেৰালাৰ মুখ্যমন্ত্ৰী পদক লৈ অব্যাহত জল্পনা-কল্পনা

কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব সেই লৈ দিল্লীত তীব্ৰ মন্থন চলিছে কংগ্ৰেছ হাইকামাণ্ডৰ মাজত। দলীয় নেতৃত্ব, কৰ্মী আৰু মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি কৰি বৃহস্পতিবাৰে পুৱা ৰাহুল গান্ধীয়ে নিজ বাসভৱনত কে চি বেণুগোপালৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্তৰ দিশে অগ্ৰসৰ হোৱা যেন দেখিলেও এতিয়ালৈকে চৰকাৰী ঘোষণা সম্পূৰ্ণ গোপন কৰি ৰখা হৈছে। দিল্লীৰ পৰা চূড়ান্ত নিৰ্দেশ অহাৰ পূৰ্বে থিৰুৱনন্তপুৰমত থকা দলীয় মুখ্য কাৰ্যালয়ত সমবেত হ’বলৈ নিৰ্দেশ দিয়া হৈছে নৱ নিৰ্বাচিত সকলো বিধায়কক। দিনৰ ১ বজাত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে ৰাজ্যিক ৰাজনীতিৰ কেন্দ্ৰবিন্দু এতিয়া থিৰুৱনন্তপুৰমলৈ স্থানান্তৰিত হৈছে। দলীয় সূত্ৰই জনোৱা মতে, কেৰালা প্ৰদেশ…
Read More
কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: ছেপ্টেম্বৰ পৰ্যন্ত চেনি ৰপ্তানি স্থগিত

কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: ছেপ্টেম্বৰ পৰ্যন্ত চেনি ৰপ্তানি স্থগিত

দেশৰ বজাৰত চেনিৰ পৰ্যাপ্ত নাটনি ৰোধ আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰপ্তানিৰ ওপৰত অহা ৩০ ছেপ্টেম্বৰলৈকে নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক জাননীৰ জৰিয়তে কেঁচা, বগা আৰু পৰিশোধিত চেনিৰ ৰপ্তানি নীতি ‘সংকুচিত’ শ্ৰেণীৰ পৰা ‘নিষিদ্ধ’ শ্ৰেণীলৈ সলনি কৰে। ঘৰুৱা উপলব্ধতা বৃদ্ধিৰ স্বাৰ্থত গ্ৰহণ কৰা এই সিদ্ধান্ত তৎকালীনভাৱে কাৰ্যকৰী হ’ব বুলি বৈদেশিক বাণিজ্য সঞ্চালকালয়ে স্পষ্ট কৰি দিয়ে। চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি ইউৰোপীয় ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ নিৰ্ধাৰিত কোটাৰ অধীনত চেনি ৰপ্তানি অব্যাহত থাকিব। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এই সন্দৰ্ভত কয়, "চেনিৰ ৰপ্তানি নীতি ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে অথবা পৰৱৰ্তী…
Read More
মিতব্যয়িতাৰ বাৰ্তা ৰাজ্যপালৰ, কনভয়ৰ বাহনৰ সংখ্যা ৭০ শতাংশ কমোৱাৰ নিৰ্দেশ

মিতব্যয়িতাৰ বাৰ্তা ৰাজ্যপালৰ, কনভয়ৰ বাহনৰ সংখ্যা ৭০ শতাংশ কমোৱাৰ নিৰ্দেশ

দেশৰ ইন্ধন সংৰক্ষণ আৰু মিতব্যয়িতাৰ প্ৰতি লক্ষ্য ৰাখি এক বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ নিজৰ চৰকাৰী কনভয়ৰ বাহনৰ সংখ্যা ৭০ শতাংশলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি, অৰ্থনৈতিক স্বনিৰ্ভৰশীলতা আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ স্বাৰ্থতে ৰাজ্যপালে এই পদক্ষেপ গ্ৰহণ কৰিছে। কেৱল কনভয়ৰ বাহন কৰ্তনেই নহয়, ৰাজ্যপালে লোকভৱনত বিদ্যুৎ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবেও প্ৰয়োজনীয় নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বেও তেওঁ চৰকাৰী ইন্ধনৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছিল। প্ৰশাসনিক কাম-কাজত এনে ধৰণৰ সৰু সৰু পৰিৱৰ্তনে ৰাষ্ট্ৰীয় সম্পদ সংৰক্ষণত গুৰুত্বপূৰ্ণ…
Read More
গোৱালপাৰাত ৮৬ গ্ৰাম হেৰ’ইনসহ দুজন আটক; জব্দ মটৰচাইকেল আৰু মোবাইল ফোন

গোৱালপাৰাত ৮৬ গ্ৰাম হেৰ’ইনসহ দুজন আটক; জব্দ মটৰচাইকেল আৰু মোবাইল ফোন

ৰাজ্যত অব্যাহত থকা নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানৰ অংশ হিচাপে বুধবাৰৰ সন্ধিয়া গোৱালপাৰাৰ কৃষ্ণাইত ৮৬ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। এই অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে কৃষ্ণাই আৰক্ষীৰ এটা দলে। ধৃত অভিযুক্ত দুজনক ক্ৰমে শাহিদুল ইছলাম আৰু মনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, সন্ধিয়া প্ৰায় ৭ বজাত চলোৱা এই তালাচীৰ সময়ত অভিযুক্ত দুজনৰ পৰা ড্ৰাগছখিনি উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰিও ড্ৰাগছ সৰবৰাহৰ কামত ব্যৱহাৰ কৰা এখন মটৰচাইকেল আৰু দুটা মোবাইল ফোনো আৰক্ষীয়ে নিজৰ জিম্মাত লয়। বৰ্তমান দুয়ো অভিযুক্তক অধিক সোধা-পোছাৰ বাবে জিম্মাত লোৱাৰ লগতে অঞ্চলটোত সক্ৰিয় হৈ থকা ড্ৰাগছৰ নেটৱৰ্কৰ সৈতে…
Read More
পৱন খেড়াক পুনৰ ক্ৰাইম ব্ৰান্সত তলব, মানহানিৰ গোচৰত দীঘলীয়া জেৰা অব্যাহত

পৱন খেড়াক পুনৰ ক্ৰাইম ব্ৰান্সত তলব, মানহানিৰ গোচৰত দীঘলীয়া জেৰা অব্যাহত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে বিদেশী পাছপৰ্ট তথা বিদেশী সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে আৰম্ভ হৈছে আইনী প্ৰক্ৰিয়া। এই অভিযোগৰ তদন্তৰ অংশ হিচাপে বুধবাৰে ১০ ঘণ্টাতকৈও অধিক সময় ধৰি অসম আৰক্ষীৰ অপৰাধ শাখাই জেৰা কৰে পৱন খেৰাক। বুধবাৰে গুৱাহাটীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত হাজিৰ হোৱা নেতাগৰাকীক মুখ্যমন্ত্ৰী আৰু ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা গোচৰৰ ভিত্তিত সোধা-পোছা কৰা হয়। জেৰাৰ অন্তত পৱন খেৰাই সংবাদ মাধ্যমক কয়, "মই তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ আৰু কাইলৈ অৰ্থাৎ ১৪ মে'ৰ পুৱা ৯:৩০ বজাত পুনৰ হাজিৰ হ'বলৈ মোক নিৰ্দেশ দিয়া হৈছে।" এজন আইন মানি চলা নাগৰিক হিচাপে…
Read More