অৱশেষত ঘোষণা হ’ল কেৰালামৰ মুখ্যমন্ত্ৰীৰ নাম । জ্যেষ্ঠ নেতা ভিডি সতীশনে আগন্তুক ৫ বছৰৰ বাবে ৰাজ্যখনক নেতৃত্ব দিব ।বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ১১ দিনৰ অন্তত কংগ্ৰেছে আনুষ্ঠানিকভাৱে বিৰোধী দলৰ নেতা ভিডি সতীশনক কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে । বিগত ৫ বছৰত ইউডিএফক এক আকৰ্ষণীয় বিজয়ৰ দিশত আগুৱাই লৈ যোৱা সতীশনে অহা ৫ বছৰলৈ ৰাজ্যখনক নেতৃত্ব দিব । দিনৰ ১২ বজাত এআইচিচিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলৰ সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এই কথা ঘোষণা কৰে ।
অৱশেষত ঘোষণা হ’ল কেৰালামৰ মুখ্যমন্ত্ৰীৰ নাম
