মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক জামিন, চিবিআইৰ ত্ৰুটিক লৈ চাঞ্চল্য

চিবিআইৰ গুৰুতৰ ভুলৰ বাবেই জামিন লাভ কৰিবলৈ সক্ষম হ’ল ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ বৰ্মনে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে মহাপ্ৰৱঞ্চকজনৰ জামিন আৱেদন মঞ্জুৰ কৰে। তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰৰ পূৰ্বে অভিযুক্তক কোনো জাননী নিদিয়াৰ বাবেহে এতিয়া আইনী সুৰক্ষা লাভ কৰে দীপাংকৰে।

উচ্চ ন্যায়ালয়ৰ মজিয়াত চিবিআইৰ কাৰ্যপ্ৰণালীক লৈও এতিয়া গম্ভীৰ প্ৰশ্ন উত্থাপন কৰিছে একাংশই। ইয়াৰ পূৰ্বে সংস্থাটোৱে কেৱল অভিযুক্তজনৰ অধীনত কৰ্মৰত সাধাৰণ কৰ্মচাৰীসকলকহে জামিন দি নিজৰ দায়িত্ব সামৰিছিল। হাজাৰ হাজাৰ বিনিয়োগকাৰীৰ কোটি কোটি টকা লুণ্ঠন কৰা মূল খলনায়কজনক ধৰা পেলাবলৈ চিবিআইয়ে অৱলম্বন কৰা দুৰ্বল স্থিতিয়ে সকলোকে স্তম্ভিত কৰিছে।

চিবিআইৰ এই গাফিলতিৰ সুযোগ গ্ৰহণ কৰিয়েই দীপাংকৰ বৰ্মনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা এই সকাহ লাভ কৰিবলৈ সক্ষম হয়। ৰাজ্য কঁপোৱা অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তত চিবিআইৰ এনে ব্যৰ্থতাই ভুক্তভোগী বিনিয়োগকাৰীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সঞ্চাৰ কৰিছে। আদালতৰ এই ৰায়দানৰ পাছত এতিয়া সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোৱেই এক অনিশ্চয়তাৰ মাজত সোমাই পৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *