দিল্লীৰ পৰা থিৰুৱনন্তপুৰমলৈ ব্যস্ততা বৃদ্ধি, কেৰালাৰ মুখ্যমন্ত্ৰী পদক লৈ অব্যাহত জল্পনা-কল্পনা

কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব সেই লৈ দিল্লীত তীব্ৰ মন্থন চলিছে কংগ্ৰেছ হাইকামাণ্ডৰ মাজত। দলীয় নেতৃত্ব, কৰ্মী আৰু মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি কৰি বৃহস্পতিবাৰে পুৱা ৰাহুল গান্ধীয়ে নিজ বাসভৱনত কে চি বেণুগোপালৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্তৰ দিশে অগ্ৰসৰ হোৱা যেন দেখিলেও এতিয়ালৈকে চৰকাৰী ঘোষণা সম্পূৰ্ণ গোপন কৰি ৰখা হৈছে।

দিল্লীৰ পৰা চূড়ান্ত নিৰ্দেশ অহাৰ পূৰ্বে থিৰুৱনন্তপুৰমত থকা দলীয় মুখ্য কাৰ্যালয়ত সমবেত হ’বলৈ নিৰ্দেশ দিয়া হৈছে নৱ নিৰ্বাচিত সকলো বিধায়কক। দিনৰ ১ বজাত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে ৰাজ্যিক ৰাজনীতিৰ কেন্দ্ৰবিন্দু এতিয়া থিৰুৱনন্তপুৰমলৈ স্থানান্তৰিত হৈছে।

দলীয় সূত্ৰই জনোৱা মতে, কেৰালা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ছানী জোচেফে চৰকাৰ গঠনৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে ইতিমধ্যে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰৰ সৈতে যোগাযোগ স্থাপন কৰিছে।

ইফালে মুখ্যমন্ত্ৰীৰ দৌৰত থকা কে চি বেণুগোপাল, ভি ডি ছাথীচান আৰু ৰমেশ চেন্নিথালাৰ সমৰ্থকসকলৰ মাজত নিজ নিজ নেতাৰ সমৰ্থনত দেখা গৈছে ব্যাপক উছাহ। দিল্লীৰ পৰা সেউজ সংকেত পালেই বিধায়কসকলে লোকভৱনলৈ এক বিশাল সমদল উলিওৱাৰ সম্ভাৱনা আছে। কেৰালাৰ পৰৱৰ্তী চৰকাৰৰ নেতৃত্ব কোনে দিব, সেই লৈ চলি থকা এই ৰাজনৈতিক নাটকৰ আজি পৰিসমাপ্তি ঘটিব বুলি আশা কৰা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *