মিতব্যয়িতাৰ বাৰ্তা ৰাজ্যপালৰ, কনভয়ৰ বাহনৰ সংখ্যা ৭০ শতাংশ কমোৱাৰ নিৰ্দেশ

দেশৰ ইন্ধন সংৰক্ষণ আৰু মিতব্যয়িতাৰ প্ৰতি লক্ষ্য ৰাখি এক বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ নিজৰ চৰকাৰী কনভয়ৰ বাহনৰ সংখ্যা ৭০ শতাংশলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি, অৰ্থনৈতিক স্বনিৰ্ভৰশীলতা আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ স্বাৰ্থতে ৰাজ্যপালে এই পদক্ষেপ গ্ৰহণ কৰিছে। কেৱল কনভয়ৰ বাহন কৰ্তনেই নহয়, ৰাজ্যপালে লোকভৱনত বিদ্যুৎ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবেও প্ৰয়োজনীয় নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বেও তেওঁ চৰকাৰী ইন্ধনৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছিল। প্ৰশাসনিক কাম-কাজত এনে ধৰণৰ সৰু সৰু পৰিৱৰ্তনে ৰাষ্ট্ৰীয় সম্পদ সংৰক্ষণত গুৰুত্বপূৰ্ণ অৱদান যোগাব বুলি মন্তব্য কৰে ৰাজ্যপাল আচাৰ্যই।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মন্ত্ৰী আৰু বিষয়াসকলক চৰকাৰী প্ৰট’কলৰ ক্ষেত্ৰত ব্যয় হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল। স্বয়ং প্ৰধানমন্ত্ৰীয়ে নিজৰ কনভয়ৰ বাহনৰ সংখ্যা ৫০ শতাংশলৈ হ্ৰাস কৰি এক নিদৰ্শন দাঙি ধৰিছে। ৰাজ্যপালৰ এই পদক্ষেপে অনাগত দিনত আন চৰকাৰী বিষয়া আৰু মন্ত্ৰীসকলকো মিতব্যয়ী হ’বলৈ উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে ভিন্ন মহলে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *