অসম

অসম ক্ৰিকেটত নতুন অধ্যায়; আগষ্টত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, সাজু হৈ উঠিছে ক্ৰিকেট সন্থাসমূহ

অসম ক্ৰিকেটত নতুন অধ্যায়; আগষ্টত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, সাজু হৈ উঠিছে ক্ৰিকেট সন্থাসমূহ

ৰাজ্যৰ উদীয়মান ক্ৰিকেটাৰসকলক এক বৃত্তিমূলক মঞ্চ প্ৰদান কৰাৰ স্বাৰ্থত আগন্তুক আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগৰ প্ৰথমটো সংস্কৰণ। ক্ৰিকেটাৰসকলৰ প্ৰতিভা বিকাশৰ বাবে অসম ক্ৰিকেট সন্থাই ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে চলাইছে এই প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক প্ৰস্তুতি। সোমবাৰে এই গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ যুটীয়া সচিব দেৱজিত ল’ন শইকীয়াই। অসমৰ ক্ৰিকেট খেলুৱৈসকলৰ বাবে এই টুৰ্নামেণ্ট এক ডাঙৰ সুযোগ হিচাপে বিবেচিত হ’ব, কাৰণ প্ৰতিযোগিতাৰ আটাইকেইখন খেল দেশৰ আগশাৰীৰ ক্ৰীড়া চেনেলত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। দেৱজিত ল’ন শইকীয়াই কয়, "প্ৰাইম টাইমত এই লীগ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সম্প্ৰচাৰ হোৱাৰ ফলত অসমৰ খেলুৱৈসকল পোনপটীয়াকৈ আই পি এল ফ্ৰেঞ্চাইজি আৰু প্ৰতিভা সন্ধানকাৰী দলসমূহৰ দৃষ্টিগোচৰ হ’ব।" ইয়াৰ…
Read More
পঞ্জাৱত চাঞ্চল্য; অপহৰণৰ ৬ দিনৰ পাছত নীল’ নদীৰ পৰা উদ্ধাৰ পঞ্জাবী গায়িকা ইন্দৰ কৌৰৰ মৃতদেহ

পঞ্জাৱত চাঞ্চল্য; অপহৰণৰ ৬ দিনৰ পাছত নীল’ নদীৰ পৰা উদ্ধাৰ পঞ্জাবী গায়িকা ইন্দৰ কৌৰৰ মৃতদেহ

অপহৰণৰ ৬ দিন পাছত উদ্ধাৰ হ’ল পঞ্জাৱৰ জনপ্ৰিয় কণ্ঠশিল্পী ইন্দৰ কৌৰৰ মৃতদেহ। ১৩ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা ২৯ বছৰীয়া জনপ্ৰিয় পঞ্জাবী গায়িকা ইন্দৰ কৌৰ ওৰফে যশিন্দৰ কৌৰৰ মৃতদেহ মঙলবাৰে পুৱা উদ্ধাৰ কৰে আৰক্ষীয়ে। লুধিয়ানাৰ সমীপৱৰ্তী নীল’ নদীৰ বুকুত উপঙি থকা অৱস্থাত এই মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ পঞ্জাৱতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গায়িকা গৰাকীৰ ভাতৃ জতিন্দৰ সিঙে দাখিল কৰা এজাহাৰ অনুসৰি যোৱা ১৩ মে’ৰ নিশা প্ৰায় ৮:৩০ বজাত নিজৰ বাহনেৰে বজাৰলৈ যোৱাৰ সময়তে নিৰুদ্দেশ হৈছিল ইন্দৰ। পৰিয়ালৰ লোকে এই হত্যাকাণ্ডৰ অন্তৰালত মোগা জিলাৰ ভালুৰ গাঁৱৰ সুখবিন্দৰ সিং ওৰফে সুখু নামৰ এজন যুৱক জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ৩…
Read More
জাগীৰোডত অবৈধ গৰুভৰ্তি কন্টেইনাৰ জব্দ; পলায়ন চালক-হেণ্ডিমেনৰ

জাগীৰোডত অবৈধ গৰুভৰ্তি কন্টেইনাৰ জব্দ; পলায়ন চালক-হেণ্ডিমেনৰ

অসমৰ মাজেৰে চুবুৰীয়া ৰাজ্যলৈ অব্যাহত থকা গৰুৰ অবাধ সৰবৰাহৰ বিৰুদ্ধে মঙলবাৰে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল জাগীৰোড আৰক্ষী। জাগীৰোডৰ দেওশালত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ত আৰক্ষীয়ে চলোৱা এক অভিযানত ৩৮ টা গৰু ভৰ্তি এখন কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। পথৰ দাঁতিত ৰখাই থোৱা এন এল-০১এন-১১৯১ পঞ্জীয়ন নম্বৰৰ কণ্টেইনাৰখনত আৰক্ষীয়ে তালাচী চলোৱাৰ সময়তে উদ্ধাৰ হয় বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে অনা গো-ধন কেইটা। প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা মতে নাগালেণ্ডৰ পৰা মেঘালয় অভিমুখে অবৈধভাৱে সৰবৰাহ কৰা হৈছিল এই পশুধনখিনি। ইফালে, আৰক্ষীৰ দলটো অহাৰ উমান পায়েই বাহনখন থিতাতে এৰি থৈ ঘটনাস্থলৰ পৰা কৌশলেৰে পলায়ন কৰে চালক আৰু হেণ্ডিমেনে। উদ্ধাৰ হোৱা আটাইকেইটা গৰুকে সুৰক্ষা আৰু প্ৰথমিক চিকিৎসাৰ…
Read More
অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ; বিধানসভা অধিৱেশনৰ পূৰ্বেই ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ; বিধানসভা অধিৱেশনৰ পূৰ্বেই ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ পূৰ্বেই মন্ত্ৰী অতুল বৰাক অৰ্পণ কৰা হৈছে সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব। নৱগঠিত চৰকাৰখনৰ প্ৰথমখন বিধানসভা অধিৱেশন অনুষ্ঠিত হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে ৰাজ্য চৰকাৰে এই অন্তৱৰ্তীকালীন ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যপালৰ নিৰ্দেশক্ৰমে যোৱা ১৬ মে’ত জাৰি কৰা এক চৰকাৰী অধিসূচনাৰ জৰিয়তে এই কথা স্পষ্ট কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই বৰ্তমান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব চম্ভালি আছে। অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া নতুন বিধানসভাৰ প্ৰথমখন বৈঠক সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থতে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে বৰাক এই অতিৰিক্ত…
Read More
বিজেপিত যোগদানৰ চৰ্চাক উৰাবাতৰি বুলি আখ্যা দেৱব্ৰত শইকীয়াৰ; ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীক্ষ্ণ সমালোচনা

বিজেপিত যোগদানৰ চৰ্চাক উৰাবাতৰি বুলি আখ্যা দেৱব্ৰত শইকীয়াৰ; ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীক্ষ্ণ সমালোচনা

কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সন্দৰ্ভত শেহতীয়াকৈ ৰাজনৈতিক মহলত চলি থকা চৰ্চাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। বিৰোধী দলপতিগৰাকীৰ মতে, একাংশ লোকে তেওঁ নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা আৰু বিজেপি দলত যোগদান কৰা সন্দৰ্ভত যি উৰাবাতৰি বিয়পাইছে, সেয়া সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু এক গভীৰ ষড়যন্ত্ৰৰ অংশ। তেওঁক অসমৰ ৰাজনীতিৰ পৰা আঁতৰাই পঠোৱাৰ বাবেই এইয়া এক বিফল প্ৰচেষ্টা বুলিও তেওঁ স্পষ্ট কৰে। নিৰ্বাচনী পৰিৱেশ আৰু চৰকাৰৰ ভূমিকাক সমালোচনা কৰি দেৱব্ৰত শইকীয়াই কয়, "ৰাইজৰ সেৱাত, ৰাজ্যৰ ৰাজনীতিত মই সদায় আছোঁ আৰু থাকিম। মই মোৰ দল কংগ্ৰেছৰ লগতেই আছোঁ আৰু দল ত্যাগ কৰাৰ বা উপ-নিৰ্বাচন খেলাৰ…
Read More
অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা’ শীৰ্ষক সজাগতা সভা

অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা’ শীৰ্ষক সজাগতা সভা

গুৱাহাটীৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত 'কাৰিকৰী আৰু ব্যৱহাৰিক  শিক্ষাৰ প্ৰয়োজনীয়তা'  শীৰ্ষক   এখন সজাগতা সভা অনুষ্ঠিত  হয় ৷ আনহাতে  অসম মহিলা অভিযন্তা সংস্থাৰ সভানেত্ৰী মৃদুলা দাস ,  সম্পাদিকা অন্তৰা বৰুৱা , জ্যেষ্ঠ  সদস্যা নয়ন ভাণ্ডাৰী শৰ্মা , সুৰেয়া জাহান , লাৱণ্য পদ্মপতি বৰুৱা প্ৰমুখ্যে সংস্থাৰ বিষয়ববীয়া, সদস্যাসকলৰ উপৰিও  গোপাল বড়ো উচ্চতৰ  মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত   অধ্যক্ষা গুণলতা চহৰীয়াকে ধৰি শিক্ষক - শিক্ষয়িত্ৰী  আৰু  ছাত্ৰ- ছাত্ৰীসকলৰ উপস্থিতিত   অনুস্থিত হোৱা সভাখন  ৰাষ্ট্ৰীয় সংঙ্গীতৰে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে সংস্থাৰ সভানেত্ৰী মৃদুলা দাসৰ  আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা সভাখনত নিৰ্দিষ্ট বক্তা  হিচাপে ভাগ লৈ অসম অভিযান্ত্ৰিক মহাবিদ্যিলয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা…
Read More
২৩ বছৰ বয়সতে ব্ৰিটেইনত ইতিহাস ৰচনা; আটাইতকৈ কম বয়সীয়া ভাৰতীয় মূলৰ মেয়ৰ নিৰ্বাচিত তুষাৰ কুমাৰ

২৩ বছৰ বয়সতে ব্ৰিটেইনত ইতিহাস ৰচনা; আটাইতকৈ কম বয়সীয়া ভাৰতীয় মূলৰ মেয়ৰ নিৰ্বাচিত তুষাৰ কুমাৰ

ব্ৰিটেইনৰ স্থানীয় পৌৰসভা নিৰ্বাচনত অভূতপূৰ্ব অভিলেখ গঢ়িলে ২৩ বছৰীয়া ভাৰতীয় মূলৰ ৰাজনীতিবিদ তুষাৰ কুমাৰে। যুক্তৰাষ্ট্ৰখনৰ ইতিহাসত আটাইতকৈ কম বয়সীয়া ভাৰতীয় মূলৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে এই যুৱকজন। যোৱা সপ্তাহত অনুষ্ঠিত এক চৰকাৰী অনুষ্ঠানত তেওঁ এলষ্ট্ৰী আৰু ব’ৰহামউড চহৰৰ মেয়ৰ হিচাপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। লেবাৰ পাৰ্টীৰ এইগৰাকী কাউন্সিলাৰে লণ্ডনৰ কিঙছ কলেজৰ পৰা ৰাজনীতি বিজ্ঞানৰ ডিগ্ৰী লাভ কৰাৰ পাছত ২০২৩ চনত পোনপ্ৰথমবাৰৰ বাবে পৌৰসভাত খোপনি পুতিছিল। ইয়াৰ পূৰ্বে তেওঁ ডেপুটী মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। পদভাৰ গ্ৰহণ কৰিয়েই নতুন মেয়ৰগৰাকীয়ে পূৰ্বসূৰী ডেন অ’জাৰোৱে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জনায় আৰু লিণ্ডা স্মিথক নতুন ডেপুটী মেয়ৰ হিচাপে নিযুক্তি দিয়ে। ৰাজহুৱা কৰ্তব্যৰ সন্দৰ্ভত তুষাৰ কুমাৰে…
Read More
ছুইডেনৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ছুইডেনৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ইউৰোপ ভ্ৰমণৰ মাজতে ছুইডেন চৰকাৰৰ সৰ্বোচ্চ সন্মানীয় অসামৰিক বঁটা লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দেশখনে ‘ৰয়েল অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ, কমাণ্ডাৰ গ্ৰ্যান্ড ক্ৰছ’ সন্মানেৰে বিভূষিত কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীক। ছুইডেনৰ গোটেনবাৰ্গ চহৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ উপস্থিতিত সোমবাৰে এই সৰ্বোচ্চ ৰাজকীয় সন্মান অৰ্পণ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু কূটনীতিৰ ক্ষেত্ৰত ভাৰতৰ বাবে এয়া এক ডাঙৰ সফলতা হিচাপে বিবেচিত হৈছে। এই ঐতিহাসিক মূহূৰ্তৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, "এই আন্তঃৰাষ্ট্ৰীয় সন্মান কেৱল মোৰ ব্যক্তিগত প্ৰাপ্তি নহয়। এয়া হৈছে ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ বাবে এক অতি গৌৰৱৰ বিষয়।" এই বঁটাৰ জৰিয়তে ভাৰত আৰু ছুইডেনৰ ঐতিহাসিক বন্ধুত্ব তথা দ্বিপাক্ষিক…
Read More
প্ৰধানমন্ত্ৰী মোদীয়ে বঁটা লাভৰ চেঞ্চুৰী কৰিব, কিন্তু দেশবাসীয়ে কি পালে? কেন্দ্ৰক তীব্ৰ কটাক্ষ সঞ্জয় ৰাউতৰ

প্ৰধানমন্ত্ৰী মোদীয়ে বঁটা লাভৰ চেঞ্চুৰী কৰিব, কিন্তু দেশবাসীয়ে কি পালে? কেন্দ্ৰক তীব্ৰ কটাক্ষ সঞ্জয় ৰাউতৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈদেশিক ভ্ৰমণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা বিভিন্ন সন্মানক লৈ পুনৰবাৰ তীব্ৰ ৰাজনৈতিক আক্ৰমণ চলাইছে বিৰোধীয়ে। এই সন্দৰ্ভত শিৱসেনা (উদ্ধৱ থাকৰে গোট)ৰ জ্যেষ্ঠ নেতা তথা সাংসদ সঞ্জয় ৰাউতে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি এক বিস্ফোৰক মন্তব্য কৰে। নতুন দিল্লীত এক সংবাদ মেল সম্বোধন কৰি সাংসদ ৰাউতে কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে বঁটা লাভ কৰাৰ ক্ষেত্ৰত অতি সোনকালেই এশ বা চেঞ্চুৰী পূৰণ কৰিব। তেওঁ যি দেশলৈকে যায়, তাৰে আটাইতকৈ ডাঙৰ অসামৰিক বা চৰকাৰী বঁটাটো লাভ কৰে। কিন্তু প্ৰশ্ন হয়, এই বঁটাবোৰ লৈ দেশবাসীৰ কি লাভ হৈছে? তেওঁলোকে কি পালে?" প্ৰধানমন্ত্ৰীৰ বিদেশ নীতি আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাক তীব্ৰ সমালোচনা কৰি…
Read More
বৰ্ষাসিক্ত বতৰৰ মাজতো ৰাজ্যিক চিৰিয়াখানাত পৰ্যটকৰ ভিৰ; প্ৰতিদিনে আগমন দুই সহস্ৰাধিক পৰ্যটকক

বৰ্ষাসিক্ত বতৰৰ মাজতো ৰাজ্যিক চিৰিয়াখানাত পৰ্যটকৰ ভিৰ; প্ৰতিদিনে আগমন দুই সহস্ৰাধিক পৰ্যটকক

বৰ্ষাসিক্ত বতৰৰ মাজতো প্রতিদিনে প্রায় দুই সহস্ৰাধিক পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানে। ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত থকা বৰষুণৰ পৰিপ্ৰেক্ষিততো চিৰিয়াখানাখনত বৰ্তমান দেখিবলৈ পোৱা গৈছে পৰ্যটকৰ অভূতপূৰ্ব ভিৰ। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে চিৰিয়াখানা কৰ্তৃপক্ষই বিভিন্ন শিক্ষানুষ্ঠানৰ সৈতে সমন্বয় ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সজাগতা কাৰ্যসূচীৰো আয়োজন কৰি আহিছে। চিৰিয়াখানাৰ ডিভিজনেল ফৰেষ্ট অফিচাৰ তথা সঞ্চালক ড° অশ্বিনী কুমাৰে জানিবলৈ দিয়া মতে, বন্যপ্ৰাণীসমূহৰ বাবে এক প্ৰাকৃতিক আৰু অনুকূল পৰিৱেশ সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ চৌহদত কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰা হৈছে। পৰ্যটকে চিৰিয়াখানাত প্ৰৱেশ কৰিয়েই যাতে এক বন্য পৰিৱেশৰ অনুভৱ লাভ কৰিব পাৰে, তাৰ বাবে জন্তুসমূহ থকা স্থানসমূহ অধিক…
Read More