27
Aug
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস লগত সংগতি ৰাখি দেশজুৰি অনুষ্ঠিত কাৰ্যসূচীৰ অংশ হিচাপে আজি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰাংগণত ‘বিকশিত ভাৰত যুৱ সংযোগ – ক্ৰীড়া সংস্কৰণ’ অনুষ্ঠিত হয় । উল্লেখ্য যে কিংবদন্তি হকী খেলুৱৈ তথা মেজৰ ধ্যানচান্দৰ জন্মজয়ন্তী উপলক্ষে প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এইবেলি দেশজুৰি অনুষ্ঠিত এই কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠান নতুন দিল্লীৰ পৰা ভি ডি অ' যোগে কৰা পোনপটীয়া সম্প্ৰচাৰ। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দেশৰ ১,৬০০টা স্থানত উপস্থিত ৮ লাখৰো অধিক যুৱ অংশগ্ৰহণকাৰীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, যেনে অলিম্পিক, কমনৱেলথ গেমছ আদিত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত ভাৰতীয়…
