Blog

বৰষুণৰ বাবে নেপালত সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান

বৰষুণৰ বাবে নেপালত সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান

নেপালৰ বিধ্বংসী বানৰ ফলত মৃতকৰ সংখ্যা ৬০০ৰ ওচৰ পাৱাইছেগৈ। এতিয়ালৈকে ৫৮৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২,৫০০ জন লোক নিখোজ হৈ আছে। এই প্ৰাকৃতিক দুৰ্যোগত বৃহৎ সংখ্যক ভাৰতীয়ও আৱদ্ধ হৈ পৰিছে।উল্লেখ্য যে, নেপালৰ ত্ৰিশুলি অঞ্চলত হৈ থকা প্ৰচণ্ড বৰষুণৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে উদ্ধাৰ অভিযান ৷ যাৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু প্ৰতিকূল বতৰৰ বাবে কৰ্তৃপক্ষই হেলিকপ্টাৰ অভিযান বন্ধ কৰিবলগীয়া হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত ত্ৰিশুলী নদীৰ জলপৃষ্ঠ বিপদজনকভাৱে বৃদ্ধি পাইছে।
Read More
‘অপাৰেচন সেন্দূৰ’ক লৈ প্ৰাক্তন চিডিএছ অনিল চৌহানৰ বিস্ফোৰক তথ্য; কিৰাণা হিলছ আৰু চাৰগোধা আক্ৰমণৰ আঁৰৰ কাহিনী ফাদিল

‘অপাৰেচন সেন্দূৰ’ক লৈ প্ৰাক্তন চিডিএছ অনিল চৌহানৰ বিস্ফোৰক তথ্য; কিৰাণা হিলছ আৰু চাৰগোধা আক্ৰমণৰ আঁৰৰ কাহিনী ফাদিল

ভাৰত-পাকিস্তান সংঘাতৰ সময়ত চলোৱা ‘অপাৰেচন সেন্দূৰ’ সম্পৰ্কে কেতবোৰ অতি গুৰুত্বপূৰ্ণ তথা অজ্ঞাত তথ্য পোহৰলৈ আনিছে ভাৰতৰ প্ৰাক্তন চিফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল অনিল চৌহানে। নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি তেওঁ সদৰী কৰে যে চাৰগোধাত ভাৰতীয় বায়ুসেনাই আক্ৰমণৰ চূড়ান্ত প্ৰস্তুতি চলাই থকাৰ সময়তে পাকিস্তানে পুৱা প্ৰায় ১০ বজাত ভাৰতৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দিছিল। কিন্তু বায়ুসেনা প্ৰধানে আক্ৰমণ চলাই যোৱা সম্পৰ্কে সোধাত তেওঁ কোনো দ্বিধাবোধ নকৰি ‘আক্ৰমণ চলাই যোৱা’ৰ নিৰ্দেশ দিছিল। প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি স্কাৰ্দুক বিকল্প লক্ষ্য হিচাপে লোৱা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে পৰিকল্পনা সলনি কৰি ভোলৰীক লক্ষ্য কৰা হয়। আটাইতকৈ চাঞ্চল্যকৰ বিষয় আছিল পাকিস্তানৰ…
Read More
এমজি-এ মুকলি কৰিলে হেক্টৰ টমাহক ইভি আৰু পিএইছইভি, ১৩.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ

এমজি-এ মুকলি কৰিলে হেক্টৰ টমাহক ইভি আৰু পিএইছইভি, ১৩.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই বুধবাৰে নতুন এডাপ্ট প্লেটফৰ্মত নিৰ্মিত প্ৰথমখন এছইউভি—এমজি হেক্টৰ টমাহক উন্মোচন কৰে, যি বৈদ্যুতিক বাহন আৰু প্লাগ-ইন হাইব্ৰিড ইলেকট্ৰিক ভেহিকল (পিএইছইভি) দুয়োটা পাৱাৰট্ৰেইনতে উপলব্ধ হ’ব। হেক্টৰ টমাহক ইভি-খন ১৩.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক বেটাৰী-অজ-এ-ছাৰ্ভিচ (বিএএএছ) মূল্য আৰু প্ৰতি কিলোমিটাৰত ৪.৯০ টকাৰ বেটাৰী ৰেণ্টেলৰ সৈতে বজাৰত উপলব্ধ হৈছে। আনহাতে পিএইছইভি সংস্কৰণটোৰ প্ৰাৰম্ভিক বিএএএছ মূল্য ২১.৭৯ লাখ টকা আৰু প্ৰতি কিলোমিটাৰত বেটাৰী ৰেণ্টেল ৩.২০ টকা। গাড়ীখনৰ প্ৰাৰম্ভিক এক্স-শ্ব’ৰুম মূল্য ইভি সংস্কৰণৰ বাবে ১৯.৪৯ লাখ টকা আৰু পিএইছইভি সংস্কৰণৰ বাবে ২৫.৬৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্য ধাৰ্য কৰা হৈছে। ইভি সংস্কৰণটোত এটা ৬৯.২ কেডব্লিউএইছৰ ‘মেজিক’ বেটাৰী ব্যৱহাৰ কৰা হৈছে আৰু এবাৰ সম্পূৰ্ণ…
Read More
নেপালৰ মহাপ্ৰলয়! মান সৰোবৰলৈ ফুৰিবলৈ গৈ সন্ধানহীন মুম্বাইৰ চিকিৎসক দম্পতী

নেপালৰ মহাপ্ৰলয়! মান সৰোবৰলৈ ফুৰিবলৈ গৈ সন্ধানহীন মুম্বাইৰ চিকিৎসক দম্পতী

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ আৰু বিধ্বংসী বানে ধাহিমূহি লৈ গৈছে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ বহু পাহাৰীয়া চহৰ তথা জনপদ। ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা আকস্মিক বান আৰু ভূমিস্খলনৰ বাবে দেশখনত এতিয়ালৈকে ৪৬৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে সন্ধানহীন হৈ আছে চাৰি হাজাৰৰো অধিক লোক। তেনে সংকটজনক পৰিস্থিতিৰ মাজতে কৈলাস মানসৰোবৰ যাত্ৰালৈ যোৱা ভাৰতৰ বহুসংখ্যক তীৰ্থযাত্ৰী আৱদ্ধ হৈ থকাৰ খবৰ পোহৰলৈ আহিছে। এই দুৰ্যোগত সন্ধানহীন হৈ পৰা তীৰ্থযাত্ৰীসকলৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ মুম্বাইৰ এগৰাকী প্ৰখ্যাত চিকিৎসক দম্পতীও। মুম্বাইৰ অন্ধেৰী ইষ্ট অঞ্চলৰ বাসিন্দা ডাঃ মিলিন্দ চিটলে আৰু তেওঁৰ পত্নী জাহ্নৱী চিটলে যোৱা ২৩ আগষ্টত ৬১ জনীয়া এটা দলৰ সৈতে কৈলাস মানসৰোবৰ যাত্ৰা আৰম্ভ কৰিছিল। অন্ধেৰী…
Read More
দিনদুপৰতে জিমৰ সন্মুখত গুলীয়াই হত্যা হৰিয়ানী কণ্ঠশিল্পীক! ১৮ জাঁই গুলীৰে আক্ৰমণ

দিনদুপৰতে জিমৰ সন্মুখত গুলীয়াই হত্যা হৰিয়ানী কণ্ঠশিল্পীক! ১৮ জাঁই গুলীৰে আক্ৰমণ

প্ৰাণৰ নিৰাপত্তাহীনতাই পুনৰ সৃষ্টি কৰিছে চৰম আতংক। দিনদুপৰতে এজন জনপ্ৰিয় হৰিয়ানী কণ্ঠশিল্পীক গুলীয়াই নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ চামোলী জিলাৰ আৰ্যপুৰী-নলপত্ৰী এলেকাৰ এটা জিমৰ বাহিৰত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ বাহনৰ ভিতৰত বহি থকা অৱস্থাত কণ্ঠশিল্পীগৰাকীক লক্ষ্য কৰি মটৰচাইকেলত অহা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে অতৰ্কিতে আক্ৰমণ চলায়। প্ৰায় ১৮ জাঁইৰো অধিক গুলী বৰ্ষণ কৰি আক্ৰমণকাৰীৰ দলটো ঘটনাস্থলীৰ পৰা পলয়ন কৰে। শেহতীয়াকৈ পোহৰলৈ অহা চিচিটিভি কেমেৰাৰ ফুটেজত দুৰ্বৃত্তই ধাৰাসাৰ গুলীচালনা কৰি পলায়ন কৰাৰ সমগ্ৰ দৃশ্য স্পষ্টকৈ বন্দী হৈছে, যিয়ে অভিযুক্তসকলক চিনাক্তকৰণত আৰক্ষীক সহায় কৰিছে। অভিযুক্ত হত্যাকাৰীসকলক কৰায়ত্ত কৰিবলৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে ভিন্ন বিভাগৰ…
Read More
আৰএছএছৰ পদযাত্ৰাত অংশ লৈ নিলম্বিত কৰ্ণাটকৰ দুজন চৰকাৰী শিক্ষক

আৰএছএছৰ পদযাত্ৰাত অংশ লৈ নিলম্বিত কৰ্ণাটকৰ দুজন চৰকাৰী শিক্ষক

চৰকাৰী কৰ্মচাৰীৰ আচৰণ বিধি উলংঘা কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যসূচীত অংশ লোৱাৰ অভিযোগত নিলম্বন কৰা হৈছে কৰ্ণাটকৰ দুজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকক। নিলম্বিত শিক্ষক দুজনক কুপ্পিৰ চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আন্না চাহেব দেশমুখ আৰু হুনচাগিৰ চৰকাৰী বালিকা উচ্চ বিদ্যালয়ৰ গুৰুৰাজ যোশী বুলি চিনাক্ত কৰা হৈছে। যোৱা বৰ্ষৰ অক্টোবৰ মাহত হুনচাগি আৰু বিজয়াপুৰা জিলাৰ তালিকোটত অনুষ্ঠিত আৰএছএছৰ পথ সঞ্চালনত শিক্ষক দুজনে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছতে আম্বেদকাৰ স্বাভিমানী সেনা নামৰ সংগঠনটোৰ জিলা সভাপতি জুম্মান্না গুড়িমণিৰ এক অভিযোগৰ ভিত্তিত শিক্ষা বিভাগে দুয়োজন শিক্ষকৰ বিৰুদ্ধে তদন্ত চলায়। তাৰ পিছতে যাদগিৰ জিলাৰ শিক্ষা উপ-সঞ্চালকালয়ে কৰ্ণাটক অসামৰিক সেৱা বিধি উলংঘাৰ অভিযোগত দুয়োগৰাকী শিক্ষকৰ বিৰুদ্ধে নিলম্বনৰ এই…
Read More
বাৰ্বিকিউ নেচনে শিলচৰত মুকলি কৰিলে অসমৰ তৃতীয়টো আউটলেট

বাৰ্বিকিউ নেচনে শিলচৰত মুকলি কৰিলে অসমৰ তৃতীয়টো আউটলেট

বাৰ্বিকিউ নেচন হস্পিটেলিটী লিমিটেড-এ বুধবাৰে শিলচৰৰ প্ৰমিলা স্কোৱেৰত নতুন আউটলেট মুকলি কৰি অসমত ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। বাৰ্বিকিউ নেচনৰ এয়া অসমত ব্ৰেণ্ডটোৰ তৃতীয়টো আউটলেট।শিলচৰৰ কনকপুৰস্থিত প্ৰমিলা স্কোৱেৰৰ ব্লক-এ’ৰ তৃতীয় মহলাত অৱস্থিত এই নতুন আউটলেটটো ৩,০৭৯ বৰ্গফুট অঞ্চলজুৰি বিস্তৃত হৈ আছে আৰু ইয়াত একেলগে ৯৮ গৰাকী অতিথি বহাৰ সামৰ্থ্য আছে। পৰিয়ালৰ সমাৱেশ, কৰ্প’ৰেট লাঞ্চ আৰু অন্যান্য সামূহিক আহাৰ গ্ৰহণৰ অনুষ্ঠানসমূহৰ প্ৰয়োজন পূৰণ কৰাকৈ এই ৰেষ্টুৰেণ্টখন বিশেষ ধৰণে ডিজাইন কৰা হৈছে।বাৰ্বিকিউ নেচন হস্পিটেলিটী লিমিটেডৰ আঞ্চলিক প্ৰবন্ধক (পূব) সুমন মুখাৰ্জীয়ে এই বিষয়ে কয় যে, কোম্পানীটোৱে অসমত নিজৰ সম্প্ৰসাৰণ অব্যাহত ৰাখিবলৈ পাই আনন্দিত হৈছে আৰু গ্ৰাহকসকলক প্ৰতিষ্ঠানটোৰ আতিথ্য তথা উৎকৃষ্ট সেৱাৰে আদৰণি জনাবলৈ আগ্ৰহেৰে বাট…
Read More
টিভিএছ মটৰে নতুন ৰং আৰু বৈশিষ্ট্যৰে মুকলি কৰিলে জুপিটাৰ ডুৱেল-ট’ন স্পেকট্ৰেল ৰেঞ্জ

টিভিএছ মটৰে নতুন ৰং আৰু বৈশিষ্ট্যৰে মুকলি কৰিলে জুপিটাৰ ডুৱেল-ট’ন স্পেকট্ৰেল ৰেঞ্জ

টিভিএছ মটৰ কোম্পানীয়ে ভাৰতৰ প্ৰতিযোগিতাপূৰ্ণ ১১০ চিচি স্কুটাৰ বজাৰত নিজৰ অৱস্থান অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ৮৯,৮২৫ টকা (এক্স-শ্ব’ৰুম, দিল্লী) মূল্যত টিভিএছ জুপিটাৰ ডুৱেল-ট’ন স্পেকট্ৰেল ৰেঞ্জ মুকলি কৰি জুপিটাৰ ব্ৰেণ্ডৰ পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰিছে।এই নতুন ৰেঞ্জত স্পেকট্ৰেল ব্লু আৰু স্পেকট্ৰেল কপাৰ ৰং অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত ডুৱেল-ট’ন ষ্টাইলত একক স্পেকট্ৰেল ৰং আগবঢ়োৱা টিভিএছ জুপিটাৰ ১১০ চিচি ছেগমেণ্টৰ প্ৰথমখন স্কুটাৰ হিচাপে পৰিগণিত হৈছে। এই ভেৰিয়েণ্টসমূহত ডাইনেমিক কালাৰ-শ্বিফটিংযুক্ত টিভিএছ স্পেকট্ৰেল কালাৰ টেকন’লজী প্ৰয়োগ কৰা হৈছে, ইয়াত ৰঙৰ সৈতে মিলাই প্ৰস্তুত কৰা ইনাৰ পেনেল, এটা প্ৰিমিয়াম ছীট ফিনিচিং আৰু আংশিক ক্ৰ’ম মিৰৰ দিয়া হৈছে।কোম্পানীটোৱে বাহনখনত এই ছেগমেণ্টত প্ৰথমবাৰৰ বাবে ছিকুৱেন্সিয়েল টাৰ্ন চিগনেল লেম্প সংযোজন…
Read More
মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ! সৰৱ ছাত্ৰ সন্থা

মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ! সৰৱ ছাত্ৰ সন্থা

নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সমগ্ৰ ৰাজ্যতে সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱন-ধাৰণ অতিশয় জটিল কৰি তুলিছে। খাদ্যবস্তুকে ধৰি প্ৰতিবিধ প্ৰয়োজনীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত দামবৃদ্ধিক লৈ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ৰাজ্যৰ বজাৰসমূহত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাত চৰকাৰ সম্পূৰ্ণৰূপে অপাৰগ হৈ পৰা বুলি তেওঁ পোনপটীয়াকৈ অভিযোগ তোলে। গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, “বজাৰত জ্বলিছে জুই, চৰকাৰ আছে শুই। দামবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ জীৱন-ধাৰণ দুৰ্বিষহ কৰি তুলিছে। সকলো স্তৰতে দাম বৃদ্ধি হৈছে আৰু দাম বৃদ্ধি ৰোধ কৰাত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। খাদ্যবস্তুকে ধৰি প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ জুইছাই…
Read More
বিজেপিত যোগদানৰ চৰ্চা অগ্ৰাহ্য দেৱব্ৰত শইকীয়াৰ; ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ

বিজেপিত যোগদানৰ চৰ্চা অগ্ৰাহ্য দেৱব্ৰত শইকীয়াৰ; ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিত চামিল হোৱাৰ চৰ্চাৰ মাজতে এইবাৰ মুখ খুলিলে অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যে তেওঁৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ বিশেষ নেটৱৰ্ক আৰু প্ৰচাৰ তন্ত্ৰৰ জৰিয়তে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ এনে উৰাবাতৰি বিয়পাইছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। কংগ্ৰেছ দলৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ বুলি উল্লেখ কৰি শইকীয়াই কয় যে বিজেপিত যোগদান কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। বিজেপিয়ে নিজৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পথ সলনি নকৰালৈকে তেনে কোনো সম্ভাৱনা নাই বুলি স্পষ্ট কৰি তেওঁ মহাত্মা…
Read More