দিনদুপৰতে জিমৰ সন্মুখত গুলীয়াই হত্যা হৰিয়ানী কণ্ঠশিল্পীক! ১৮ জাঁই গুলীৰে আক্ৰমণ

প্ৰাণৰ নিৰাপত্তাহীনতাই পুনৰ সৃষ্টি কৰিছে চৰম আতংক। দিনদুপৰতে এজন জনপ্ৰিয় হৰিয়ানী কণ্ঠশিল্পীক গুলীয়াই নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ চামোলী জিলাৰ আৰ্যপুৰী-নলপত্ৰী এলেকাৰ এটা জিমৰ বাহিৰত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড।

নিজ বাহনৰ ভিতৰত বহি থকা অৱস্থাত কণ্ঠশিল্পীগৰাকীক লক্ষ্য কৰি মটৰচাইকেলত অহা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে অতৰ্কিতে আক্ৰমণ চলায়। প্ৰায় ১৮ জাঁইৰো অধিক গুলী বৰ্ষণ কৰি আক্ৰমণকাৰীৰ দলটো ঘটনাস্থলীৰ পৰা পলয়ন কৰে। শেহতীয়াকৈ পোহৰলৈ অহা চিচিটিভি কেমেৰাৰ ফুটেজত দুৰ্বৃত্তই ধাৰাসাৰ গুলীচালনা কৰি পলায়ন কৰাৰ সমগ্ৰ দৃশ্য স্পষ্টকৈ বন্দী হৈছে, যিয়ে অভিযুক্তসকলক চিনাক্তকৰণত আৰক্ষীক সহায় কৰিছে।

অভিযুক্ত হত্যাকাৰীসকলক কৰায়ত্ত কৰিবলৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে ভিন্ন বিভাগৰ সহযোগত এক বৃহৎ অভিযান আৰম্ভ কৰিছে। সোণিপটৰ একাংশ পক্ষৰ দাবী অনুসৰি ব্যক্তিগত শত্ৰুতাৰ বাবেই এই আক্ৰমণ সংঘটিত হৈছে। ইফালে ঘটনাৰ আঁৰত কোনো গেংষ্টাৰ অথবা মনোৰঞ্জন জগতৰ বিবাদ জড়িত আছে নেকি, সেই দিশসমূহো আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে। আৰক্ষীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, অতি শীঘ্ৰেই এই বৰ্বৰ কাণ্ডৰ সৈতে জড়িত অভিযুক্তসকলক কৰায়ত্ত কৰা সম্ভৱ হ’ব।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *