ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ আৰু বিধ্বংসী বানে ধাহিমূহি লৈ গৈছে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ বহু পাহাৰীয়া চহৰ তথা জনপদ। ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা আকস্মিক বান আৰু ভূমিস্খলনৰ বাবে দেশখনত এতিয়ালৈকে ৪৬৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে সন্ধানহীন হৈ আছে চাৰি হাজাৰৰো অধিক লোক। তেনে সংকটজনক পৰিস্থিতিৰ মাজতে কৈলাস মানসৰোবৰ যাত্ৰালৈ যোৱা ভাৰতৰ বহুসংখ্যক তীৰ্থযাত্ৰী আৱদ্ধ হৈ থকাৰ খবৰ পোহৰলৈ আহিছে। এই দুৰ্যোগত সন্ধানহীন হৈ পৰা তীৰ্থযাত্ৰীসকলৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ মুম্বাইৰ এগৰাকী প্ৰখ্যাত চিকিৎসক দম্পতীও।
মুম্বাইৰ অন্ধেৰী ইষ্ট অঞ্চলৰ বাসিন্দা ডাঃ মিলিন্দ চিটলে আৰু তেওঁৰ পত্নী জাহ্নৱী চিটলে যোৱা ২৩ আগষ্টত ৬১ জনীয়া এটা দলৰ সৈতে কৈলাস মানসৰোবৰ যাত্ৰা আৰম্ভ কৰিছিল। অন্ধেৰী ইষ্টৰ মালপা ডোংগ্ৰীস্থিত নিজৰ ক্লিনিকখনত ২৪ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰলৈ সেৱা বন্ধ থাকিব বুলি জাননী আঁৰি তেওঁলোকে এই যাত্ৰাত অংশ লৈছিল। চিকিৎসা সেৱাৰ উপৰিও বিগত ৩০ বছৰ ধৰি পৰ্বতাৰোহণ আৰু দীঘলীয়া দূৰত্বৰ চাইক্লিং অভিযানৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল ডাঃ চিটলে।
২০০৫ চনত ‘গিৰিমিত্ৰ বঁটা’ লাভ কৰা চিকিৎসকগৰাকীয়ে হিমালয় অঞ্চলত ৩,০০০ৰো অধিক ট্ৰেক আৰু অভিযানত অংশ লৈছিল। মাউণ্ট কাঞ্চনজংঘাত ২৩,০০০ ফুট উচ্চতালৈ আৰোহণ কৰাৰ লগতে ৮,০০০ মিটাৰতকৈ অধিক ওখ পৰ্বতমালাৰ ভাৰতীয় অসামৰিক অভিযানত তেওঁ ‘ক্লাইম্বিং ডাক্তৰ’ হিচাপেও দায়িত্ব পালন কৰিছিল। পৰ্বতাৰোহণৰ সমান্তৰালকৈ মুম্বাইৰ পৰা গোৱা আৰু কন্যাকুমাৰীলৈ চাইকেলেৰে যাত্ৰা কৰাৰো অভিজ্ঞতা আছিল তেওঁৰ। নেপালৰ দুৰ্যোগপূৰ্ণ অঞ্চলটোত আবদ্ধ হৈ থকা চিকিৎসক দম্পতীহালৰ সন্ধান উলিয়াবলৈ সম্প্ৰতি প্ৰশাসনৰ তৰফৰ পৰা যোগাযোগ আৰু উদ্ধাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে।
