নেপালৰ বিধ্বংসী বানৰ ফলত মৃতকৰ সংখ্যা ৬০০ৰ ওচৰ পাৱাইছেগৈ। এতিয়ালৈকে ৫৮৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২,৫০০ জন লোক নিখোজ হৈ আছে। এই প্ৰাকৃতিক দুৰ্যোগত বৃহৎ সংখ্যক ভাৰতীয়ও আৱদ্ধ হৈ পৰিছে।উল্লেখ্য যে, নেপালৰ ত্ৰিশুলি অঞ্চলত হৈ থকা প্ৰচণ্ড বৰষুণৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে উদ্ধাৰ অভিযান ৷ যাৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু প্ৰতিকূল বতৰৰ বাবে কৰ্তৃপক্ষই হেলিকপ্টাৰ অভিযান বন্ধ কৰিবলগীয়া হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত ত্ৰিশুলী নদীৰ জলপৃষ্ঠ বিপদজনকভাৱে বৃদ্ধি পাইছে।
বৰষুণৰ বাবে নেপালত সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান
