Blog

আকৌ ধৰণী দেখিব মেধাৱী অৰ্পিতে! দিল্লীৰ ছাত্ৰাবাস খহি মৃত্যু ঘটা কিশোৰৰ চকু দানৰ সিদ্ধান্ত পৰিয়ালৰ

আকৌ ধৰণী দেখিব মেধাৱী অৰ্পিতে! দিল্লীৰ ছাত্ৰাবাস খহি মৃত্যু ঘটা কিশোৰৰ চকু দানৰ সিদ্ধান্ত পৰিয়ালৰ

আনৰ গাফিলতিৰ পৰিণাম ভুগি অকালতে প্ৰাণ হেৰুৱালেও আন কাৰোবাৰ দৃষ্টি হৈ পৃথিৱীখন চোৱাৰ সুযোগ পাব ১৮ বছৰীয়া অৰ্পিতে। দিল্লীৰ সত্য নিকেতনৰ এটা ছাত্ৰাবাস খহি মৃত্যু হোৱা মেধাৱী ছাত্ৰজনৰ চকুৰ কৰ্ণিয়া দান কৰাৰ এক মহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে শোকস্তব্ধ পৰিয়ালে। সন্তান হেৰুওৱাৰ অসহ্য বেদনাৰ মাজতো পৰিয়ালটোৰ এই মানৱীয় পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। মধ্যপ্ৰদেশৰ দেৱাসৰ বাসিন্দা অৰ্পিত জয় ৰাখীবন্ধনৰ বন্ধ কটাই নিজ গৃহৰ পৰা দিল্লীৰ সত্য নিকেতনত থকা পেয়িং গেষ্টলৈ উভতি আহিছিল। কিন্তু ছাত্ৰাবাসলৈ ওভতাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতেই সংঘটিত হয় এই ভয়ংকৰ অট্টালিকা ভাঙি পৰাৰ ঘটনা। নিশাৰ ভিতৰতে ধ্বংসাৱশেষৰ তলত হেৰাই যায় অৰ্পিতৰ জীৱন। অকালতে পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ…
Read More
বাংলাদেশলৈ বহিষ্কাৰ কৰা মহিলাৰ স্বামীক দুই লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

বাংলাদেশলৈ বহিষ্কাৰ কৰা মহিলাৰ স্বামীক দুই লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পৰিয়ালৰ অজ্ঞাতে এগৰাকী মহিলাক বাংলাদেশলৈ বহিষ্কাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰক তীব্ৰ ভৰ্ৎসনা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পাছতেই বাংলাদেশলৈ পুশ্ববেক কৰা বঙালীভাষী মুছলমান মহিলাগৰাকীৰ স্বামীক অন্তৱৰ্তীকালীন ক্ষতিপূৰণ হিচাপে নগদ দুই লাখ টকা দিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে ন্যায়ালয়ে। নগাঁও জিলাৰ জুৰীয়াৰ বাসিন্দা মুজাম্মেল হক নামৰ ব্যক্তিজনে দাখিল কৰা এক বন্দী প্ৰত্যক্ষীকৰণ আবেদনৰ ভিত্তিত আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ খণ্ডপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰে। জানিব পৰা মতে, মমতাজ বেগম নামৰ মহিলাগৰাকীক দেশৰ পৰা বিতাড়ন কৰাৰ পূৰ্বে স্বামী বা পৰিয়ালৰ কোনো প্রাপ্তবয়স্ক সদস্যক কোনো ধৰণৰ তথ্য জনোৱা…
Read More
ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত প্ৰতিজন অসমীয়াই তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে

ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত প্ৰতিজন অসমীয়াই তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ সাংস্কৃতিক-সামাজিক ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তি। লগতে ১০০গৰাকী শিল্পীয়ে পৰিৱেশন কৰিলে ভূপেনদাৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’।বিশাল সত্তাৰ এগৰাকী মহান ব্যক্তি, নাম যাৰ ভূপেন হাজৰিকা ৷ যাৰ সৃষ্টিৰ মাজত প্ৰতিটো স্তৰৰ ব্যক্তিয়ে নিজকে বিচাৰি পায় ৷ জীৱন সংগ্ৰাম, চহা গাঁৱলীয়া সমাজ, প্ৰেম, যৌৱন, উৎসৱ, পাহাৰ-ভৈয়ামৰ একাত, সংগ্ৰাম আদি জাতীয় জীৱনৰ প্ৰতিটো কথাতে যেন সোমাই আছে সেই মহান ব্যক্তিজনৰ সৃষ্টিৰাজিত ৷জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে-…
Read More
‘তাইকতো কাটিলো, জে’লৰ পৰা আহি ছুগাৰ ডেডীকো কাটিম’।ৰামানুজে ক’লে- No regrets,No apology।

‘তাইকতো কাটিলো, জে’লৰ পৰা আহি ছুগাৰ ডেডীকো কাটিম’।ৰামানুজে ক’লে- No regrets,No apology।

আজি সম্পন্ন হ’ব ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষা। সোমবাৰে ককায়েক পলমকৈ মৰ্গত উপস্থিত হোৱাৰ বাবে সম্পন্ন নহ'ল মৰণোত্তৰ পৰীক্ষা।বশিষ্ঠপুৰত সংঘটিত হোৱা হত্যাকাণ্ডই এতিয়া সকলোতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পত্নীক বৰ্বৰভাৱে শিৰচ্ছেদ কৰি হত্যা কৰাৰ পিছতো তিলমানো অনুশোচনা নাই ৰামানুজৰ। আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে সাংবাদিকৰ সন্মুখত পত্নীহন্তা ৰামানুজে দিলে আন এক হুংকাৰ।সাংবাদিকৰ আগত ৰামানুজে কয়, ‘‘No regrets, No apology… ৰিয়াক হত্যা কৰি বহুত ভালহে লাগিছে। তাইক কাটিলোঁ, জে’লৰ পৰা ওলালে তাইৰ চুগাৰ ডেডীটোকো কাটিম।’’
Read More
বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত ডি এন এৰ নমুনা বিচাৰিছে চীনস্থিত দূতাবাসে

বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত ডি এন এৰ নমুনা বিচাৰিছে চীনস্থিত দূতাবাসে

২৬ আগষ্টৰ পুৱা নেপাল-তিব্বত সীমান্তৰ সমীপত সংঘটিত হিমস্খলনৰ ফলত বৈ অহা পানীৰ ধলে উত্তৰ আৰু মধ্য নেপালৰ বসতিস্থলসমূহ বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ এই ঘটনাত বৰ্তমান পৰ্যন্ত ১৩৫৫ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৮৯ জন বিদেশী নাগৰিককে ধৰি ৪,৯৯৬ জন লোকৰ সন্ধান হৈ আছে ৷ আনহাতে ১৩,৩৯৬ জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে ।চীনত থকা ভাৰতীয় দূতাবাসে ২৬ আগষ্টত তিব্বত-নেপাল সীমান্তত আকস্মিক বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ ডি এন এৰ নমুনা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ৷দূতাবাসৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ভাৰতীয় নাগৰিকৰ ডি এন এ নমুনা লোৱা সন্দৰ্ভত চীন কৰ্তৃপক্ষৰ পৰা নিশ্চিত হোৱাৰ পিছত বেইজিঙত থকা ভাৰতীয়…
Read More
মণিপুৰৰ গীটাৰিষ্টক দিল্লীত হত্যা

মণিপুৰৰ গীটাৰিষ্টক দিল্লীত হত্যা

দিল্লীকেই নিজৰ ঘৰ হিচাপে আকোঁৱালি লোৱা মণিপুৰৰ ৫৪ বছৰীয়া সংগীত শিল্পী চংথাম বিক্ৰম সিঙৰ বাবে ঘৰৰ বাহিৰত হোৱা হুলস্থূল বিৰুদ্ধাচাৰণ কৰা কাৰ্য্য়ই কাল হৈ পৰিল ৷ এখন কাজিয়াই প্ৰাণ কাঢ়িলে শিল্পীগৰাকীৰ ৷দিল্লীত মণিপুৰৰ প্ৰখ্যাত গীটাৰিষ্টক হত্যা। নিহত সংগীত শিল্পীজন ৫৪ বছৰীয়া চোংথাম বিক্ৰম। দক্ষিণ-পূব কিলোকাৰী অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। শিল্পীজনৰ ঘৰৰ সন্মুখত ডেলিভাৰী কৰ্মীৰে সংঘাত হৈছিল ধাবাৰ কৰ্মচাৰীৰ। ঘটনাত বাধা দিবলৈ গৈছিল চোংথাম বিক্ৰম। চিকিৎসালয়ত মৃত্যুক সাৱটি লয় চোংথাম বিক্ৰমে।৭ ছেপ্টেম্বৰত সংঘটিত এই ঘটনা সন্দৰ্ভত ছানলাইট কলনী আৰক্ষী থানাই ফোনকল লাভ কৰাৰ পাছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত এজন নাবালকসহ কেইবাজনো লোকক…
Read More
ডিব্ৰুগড়ৰ নামদাঙ সংৰক্ষিত বনাঞ্চলৰ ২৩৫ হেক্টৰত ৫৩৪ কোটিৰ বন্যপ্ৰাণী প্ৰকল্প

ডিব্ৰুগড়ৰ নামদাঙ সংৰক্ষিত বনাঞ্চলৰ ২৩৫ হেক্টৰত ৫৩৪ কোটিৰ বন্যপ্ৰাণী প্ৰকল্প

বন্যপ্ৰাণী সংৰক্ষণ, গৱেষণা, উদ্ধাৰ আৰু পুনৰ সংস্থাপন কাৰ্যকলাপ শক্তিশালী কৰাৰ লগতে ৰাজ্যত ইক' টুৰিজিমক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় জিলাত প্ৰায় ৫৩৪ কোটি টকা ব্যয়েৰে এটা অত্যাধুনিক বন্যপ্ৰাণী চাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে অসমে। দেওবাৰে অসমৰ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগ আৰু আন সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত প্ৰস্তাৱিত প্ৰকল্পটোৰ পৰ্যালোচনা কৰে। টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত নামদাঙ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ২৩৫ হেক্টৰ ভূমিত এই সুবিধা গঢ়ি তোলাৰ প্ৰস্তাৱ কৰা হৈছে। প্ৰস্তাৱিত স্থান ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ আৰু ডিব্ৰুগড় বিমানবন্দৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত অৱস্থিত, যাৰ ফলত পৰ্যটক আৰু…
Read More
অসম-কেন্দ্ৰিক পৰ্টফলিঅ’ শক্তিশালী কৰিবলৈ ছানৰাইজ স্পাইচেছে মুকলি কৰিলে ফিছ নাৰসিংহা পাত মছলা

অসম-কেন্দ্ৰিক পৰ্টফলিঅ’ শক্তিশালী কৰিবলৈ ছানৰাইজ স্পাইচেছে মুকলি কৰিলে ফিছ নাৰসিংহা পাত মছলা

আইটিচি লিমিটেডৰ ছানৰাইজ স্পাইচেছ, পূব ভাৰতৰ অন্যতম আগশাৰীৰ মছলা ব্ৰেণ্ডে অসমত ছানৰাইজ ফিছ নৰসিংহ পাত মছলা মুকলি কৰিছে। অসমীয়া পৰিয়ালসমূহৰ অতি প্ৰিয় এই ব্যঞ্জনটোৱে নৰসিংহ পাতৰ পৰা পোৱা সুকীয়া সোৱাদ আৰু সুবাসৰ বাবে বিশেষ স্থান দখল কৰি আহিছে।আঞ্চলিক খাদ্যসংস্কৃতিৰ সৈতে গভীৰভাৱে জড়িত ছানৰাইজে সদায় স্থানীয় উপভোক্তাৰ ৰুচি আৰু পছন্দৰ পৰা অনুপ্ৰেৰণা লৈ আহিছে। হাঁহ চালকোমোৰা মছলাৰ দৰে অসম-কেন্দ্ৰিক মছলা মিশ্ৰণৰ পৰা আৰম্ভ কৰি পৰম্পৰাগত মাংসৰ মছলালৈকে, ব্ৰেণ্ডটোৱে অঞ্চলভেদে স্বাদৰ উপযোগী সামগ্ৰী আগবঢ়াইছে। নতুন এই মুকলিয়ে ছানৰাইজৰ অঞ্চল-কেন্দ্ৰিক সম্ভাৰত এক উল্লেখযোগ্য সংযোজন ঘটোৱাৰ লগতে সুচিন্তিত উদ্ভাৱনৰ জৰিয়তে স্থানীয় খাদ্য পৰম্পৰাক উদযাপন কৰাৰ প্ৰতিশ্ৰুতি অধিক দৃঢ় কৰিছে। পৰিয়ালৰ একেলগে বহি খোৱা আহাৰত…
Read More
১০ অক্টোবৰৰ পৰা হোম-এৱে ফৰ্মেটত ঘূৰি আহিব আই এছ এল, চলিব ২০২৭ৰ মে’লৈকে

১০ অক্টোবৰৰ পৰা হোম-এৱে ফৰ্মেটত ঘূৰি আহিব আই এছ এল, চলিব ২০২৭ৰ মে’লৈকে

নতুন ফুটবল ছিজনৰ কাউণ্টডাউন আৰম্ভ হৈছে, ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ১০ অক্টোবৰত আৰম্ভ হ'ব বুলি নিশ্চিত হৈছে। এই উৎসাহৰ মাজতে নৰ্থইষ্ট ইউনাইটেড এফ চিৰ গৰাকী জন আব্ৰাহামে দেশৰ ক্ৰীড়াৰ বাবে এক নিৰ্ণায়ক মুহূৰ্ত বুলি বিশ্বাস কৰা কথাটো সৰৱ হৈ পৰিছে, যিটো ছিজনে ভাৰতে ফুটবল চোৱাৰ ধৰণ সলনি কৰিব পাৰে। শনিবাৰে মুম্বাইত ৰিবকৰ সৈতে এন ই ইউ এফ চিৰ নতুন কিটৰ আনুষ্ঠানিক জাৰ্ছি উন্মোচন অনুষ্ঠানত বলীউড অভিনেতাগৰাকীয়ে আই এছ এলে এক নতুন যুগত প্ৰৱেশ কৰিছে বুলি তেওঁৰ বিশ্বাস পুনৰ দৃঢ় কৰে, যিটো যুগ ক্লাবসমূহৰ দ্বাৰা পৰিচালিত। আব্ৰাহামে দৃঢ়ভাৱে বিশ্বাস কৰে যে আগন্তুক ছিজনটো ভাৰতীয় ফুটবলৰ বাবে এক টাৰ্ণিং পইণ্ট…
Read More
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নিৰ্মীয়মান ছাদ খহি কৰুণ মৃত্যু ৰোগীৰ আত্মীয়ৰ

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নিৰ্মীয়মান ছাদ খহি কৰুণ মৃত্যু ৰোগীৰ আত্মীয়ৰ

মাতৃৰ জীৱন ৰক্ষাৰ আশা লৈ চিকিৎসালয়লৈ আহি নিজেই অকাল মৃত্যুক সাৱটি ল’লে এগৰাকী দুৰ্ভগীয়া যুৱকে। মহানগৰীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ নিৰ্মীয়মান অংশৰ ছাদ ভাঙি মূৰত পৰাৰ ফলত এগৰাকী ৰোগীৰ আত্মীয়ৰ কৰুণ মৃত্যু ঘটে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকাৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে। মৃত যুৱকজনক ধুবুৰী জিলাৰ গোলকগঞ্জৰ মনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত মাতৃৰ উন্নত চিকিৎসাৰ বাবেই মনোৱাৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ লৈ আহিছিল। চিকিৎসালয় চৌহদত কাম-কাজ চলি থকা অৱস্থাতে নিৰ্মীয়মান ছাদৰ এটা অংশ খহি হঠাৎ মনোৱাৰৰ মূৰৰ ওপৰত পৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক লগে লগে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ…
Read More