07
Sep
আন এক লোমহৰ্ষক কাণ্ডই জোকাৰি গ'ল মহানগৰবাসীক। চিনেমাৰ কায়দাত পত্নীক হত্যা কৰি ছিন্নমুণ্ড ক’লা পলিথিনত মেৰিয়াই ফ্ৰীজৰ ভিতৰত ভৰাই থ’লে পাষণ্ড স্বামীয়ে। মহানগৰীৰ বেলতলা অঞ্চলত সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছতে দেওবাৰে নিশা দিশপুৰ আৰক্ষী থানাত নিজে উপস্থিত হৈ আত্মসমৰ্পণ কৰে হত্যাকাৰী স্বামী ৰামানুজ গোস্বামীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পত্নীহন্তা ৰামানুজে দিয়া ইটোৰ পিছত সিটো বিস্ফোৰক স্বীকাৰোক্তিয়ে এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বেলতলাৰ বশিষ্ঠপুৰ ৪ নং উপ-পথত অৱস্থিত ‘অঞ্জলি গৃহ’ নামৰ বহুমহলীয়া অট্টালিকাটোৰ তৃতীয় মহলাৰ নিজা ফ্লেটত এই লোমহৰ্ষক ঘটনা সংঘটিত হয়। প্ৰায় ছমাহ ধৰি সেই ভাড়াঘৰটোত বাস কৰি অহা উবেৰ চালক ৰামানুজ গোস্বামীয়ে অতি নিষ্ঠুৰভাৱে পত্নী ৰিয়া তালুকদাৰক…
