আন এক লোমহৰ্ষক কাণ্ডই জোকাৰি গ’ল মহানগৰবাসীক। চিনেমাৰ কায়দাত পত্নীক হত্যা কৰি ছিন্নমুণ্ড ক’লা পলিথিনত মেৰিয়াই ফ্ৰীজৰ ভিতৰত ভৰাই থ’লে পাষণ্ড স্বামীয়ে। মহানগৰীৰ বেলতলা অঞ্চলত সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছতে দেওবাৰে নিশা দিশপুৰ আৰক্ষী থানাত নিজে উপস্থিত হৈ আত্মসমৰ্পণ কৰে হত্যাকাৰী স্বামী ৰামানুজ গোস্বামীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পত্নীহন্তা ৰামানুজে দিয়া ইটোৰ পিছত সিটো বিস্ফোৰক স্বীকাৰোক্তিয়ে এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
বেলতলাৰ বশিষ্ঠপুৰ ৪ নং উপ-পথত অৱস্থিত ‘অঞ্জলি গৃহ’ নামৰ বহুমহলীয়া অট্টালিকাটোৰ তৃতীয় মহলাৰ নিজা ফ্লেটত এই লোমহৰ্ষক ঘটনা সংঘটিত হয়। প্ৰায় ছমাহ ধৰি সেই ভাড়াঘৰটোত বাস কৰি অহা উবেৰ চালক ৰামানুজ গোস্বামীয়ে অতি নিষ্ঠুৰভাৱে পত্নী ৰিয়া তালুকদাৰক হত্যা কৰে। কেৱল শিৰচ্ছেদ কৰাই নহয়, ৰিয়াৰ হাতৰ আঙুলিও কাটি পেলায় হত্যাকাৰীয়ে। মৃতদেহ উদ্ধাৰৰ স্থানত এখন দা আৰু কেইবাটাও সুৰাৰ বটল প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধৰ ভিত্তিত প্ৰায় ৪৮ ঘণ্টাৰ পূৰ্বেই ৰিয়াক হত্যা কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ জেৰাত হত্যাকাৰী ৰামানুজে প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰথম অৱস্থাত ৰিয়াৰ মৃতদেহ টুকুৰা-টুকুৰ কৰি কুকুৰক খুওৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত পত্নীলৈ হঠাৎ মৰম উপজাত সেই সিদ্ধান্তৰ পৰা আঁতৰি আহে। হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত মৃতদেহৰ কাষতে বহি সুৰাপান আৰু খাদ্য গ্ৰহণ কৰাৰ লগতে তথ্য নষ্ট কৰাৰ উদ্দেশ্যে নিজৰ আৰু পত্নীৰ মোবাইল ফোন ভাঙি পেলাইছিল অভিযুক্তই।
উল্লেখ্য যে, ধুবুৰীৰ গৌৰীপুৰৰ বাসিন্দা ৰামানুজে গুৱাহাটীৰ নুনমাটিৰ ৰিয়া তালুকদাৰৰ সৈতে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত নাৰেংগীৰ এটা মন্দিৰত প্ৰেমবিবাহত আৱদ্ধ হৈছিল। ফাঁচীবজাৰৰ এখন বুটিকত কৰ্মৰত আছিল পিতৃ-মাতৃহাৰা যুৱতী ৰিয়া। জানিব পৰা মতে, ড্ৰাগছৰ আসক্তিৰ বাবে তিনিমাহ পুনৰ্সংস্থাপন কেন্দ্ৰতো আছিল ৰামানুজ।
শনিবাৰে নিশা ফ্লেটটোৰ ভিতৰৰ পৰা কান্দোন আৰু হুলস্থূলৰ শব্দ শুনিবলৈ পাইছিল প্ৰতিবেশীয়ে। সেইদিনা নিশাই চুলিৰ ৰং সলনি কৰি এপাত মোজাৰে দুৱাৰখন চেপা দি বন্ধ কৰি আত্মগোপন কৰিছিল ৰামানুজে। অৱশেষত দেওবাৰে নিশা পোছাকত তেজৰ দাগ লৈ দিশপুৰ থানাত আত্মসমৰ্পণ কৰে অভিযুক্তই। স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁক হাতীগাঁও থানালৈ লৈ যোৱা হয়।
ইপিনে পুত্ৰৰ এনে জঘন্য কাণ্ডৰ বাতৰি পাই হতভম্ব হৈ পৰে ৰামানুজৰ মাতৃ। সকলোকে সন্মান কৰা আৰু শান্ত প্ৰকৃতিৰ ল’ৰা হিচাপে পৰিচিত পুত্ৰই এনে জঘন্য ঘটনা কিদৰে সংঘটিত কৰিব পাৰে, তাক তেওঁ কোনোমতেই বিশ্বাস কৰিব পৰা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
