মণিপুৰত পুনৰ সশস্ত্ৰ গোটৰ মাজত ভয়ংকৰ গুলীয়াগুলী! আক্ৰমণকাৰীয়ে জ্বলাই দিলে প্ৰাথমিক বিদ্যালয়

আকৌ উত্তপ্ত হৈ পৰিছে মণিপুৰ। ৰাজ্যখনৰ কাংপোকপী জিলাত শেহতীয়াকৈ সংঘটিত বন্দুক যুদ্ধত কঁপি উঠিছে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চল। দুই সশস্ত্ৰ গোটৰ মাজত প্ৰায় আধা ঘণ্টাজোৰা প্ৰচণ্ড গুলীয়াগুলীৰ পিছতে অঞ্চলটোৰ এখন প্ৰাথমিক বিদ্যালয়ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে।

সোমবাৰে পুৱা প্ৰায় ৫ বজাত চালৱা থানাৰ অন্তৰ্গত আই টি পথৰ সমীপৱৰ্তী লহুনজাং গাঁৱত এই সংঘৰ্ষৰ সূচনা হয়। আৰক্ষীৰ তথ্য অনুসৰি, গাঁওখনলৈ আক্ৰমণ চলোৱাৰ উদ্দেশ্যে কিছু সশস্ত্ৰ দুৰ্বৃত্ত আগবাঢ়ি অহাৰ লগে লগে অঞ্চলটোত মোতায়েন থকা নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে। প্ৰায় ৪০ গৰাকী বাসিন্দা থকা এই গাঁওখনত মণিপুৰ ৰাইফলছ আৰু আই আৰ বিৰ সুৰক্ষা চকীও আছে। আৰক্ষীৰ তথ্য অনুসৰি, নিৰাপত্তাৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত হোৱা এই গুলীয়াগুলীত কোনো লোক হতাহত হোৱা নাই।

ইপিনে গুলীয়াগুলীৰ অন্ত পৰাৰ ঠিক পিছতেই পলায়ন কৰাৰ পূৰ্বে দুৰ্বৃত্তৰ দলটোৱে কাষতে থকা লহুনজাং প্ৰাথমিক বিদ্যালয়খনত জুই লগাই দিয়ে। লেলিহান শিখাত ছাত্ৰ-ছাত্ৰীৰ শিক্ষানুষ্ঠানখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ঘটনা সন্দৰ্ভত এজাহাৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও অগ্নিসংযোগকাৰী দলটোৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই। দীৰ্ঘদিনীয়া হিংসাৰ মাজত শিক্ষানুষ্ঠানক এনেদৰে লক্ষ্য কৰি লোৱা ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *