ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষৰ (আইআৰডিএআই) ৰাজ্যিক বীমা আঁচনি(এছআইপি)ৰ অধীনত নাগালেণ্ডৰ বাবে প্ৰধান বীমা প্ৰতিষ্ঠান টাটা এআইজি জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড-এ ৰাজ্যখনত অনুষ্ঠিত প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ বীমা সমিতি(এছএলআইচি)ৰ বৈঠকত অংশগ্ৰহণ কৰে। নাগালেণ্ড চৰকাৰৰ বিত্তীয় আয়ুক্ত কেচন্যু য়হোম(আইএএছ)ৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত আইআৰডিএআই, টাটা এআইজি, চৰকাৰী বিভাগ আৰু বীমা প্ৰতিষ্ঠানসমূহৰ বিষয়াসকল একত্ৰিত হৈ সমগ্ৰ নাগালেণ্ডত বীমাৰ প্ৰসাৰ শক্তিশালী কৰা আৰু বীমা সুৰক্ষাৰ ব্যৱধান দূৰ কৰাৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰে। কেচন্যু য়হোমে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি ৰাজ্যখনৰ উচ্চ সংবেদনশীলতা, তীব্ৰ ভূমিকম্পপ্ৰৱণতা আৰু ভূমিস্খলন প্ৰৱণ পৰিস্থিতিৰ কথা উল্লেখ কৰি অঞ্চলটোৰ বাবে পৰ্যাপ্ত বীমা সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। য়হোমে মটৰ, গৃহ, এমএছএমই, সম্পদ আৰু অন্যান্য বিপদাশংকা অন্তৰ্ভুক্ত খণ্ডসমূহৰ বীমাৰ প্ৰয়োজনীয়তা পৰীক্ষা কৰিবলৈ সকলো চৰকাৰী বিভাগক আহ্বান জনায়। ইয়াৰ উপৰিও নাগালেণ্ডক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা(পিএমএফবিৱাই)ৰ অধীনলৈ অনাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ আৰু বিকশিত ভাৰত আৰু বিকশিত নাগালেণ্ডৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষণত ২০৪৭ চনৰ ভিতৰত সকলোৰে বাবে বীমাৰ ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাটো নিশ্চিত কৰিবলৈ তেওঁ আহ্বান জনায়।
টাটা এআইজিৰ চৰকাৰী আৰু গ্ৰাম্য ব্যৱসায় শাখাৰ অধ্যক্ষ মধুকৰ সিনহাই ৰাজ্যিক বীমা আঁচনি(এছআইপি)ৰ গাঁথনি, প্ৰধান বীমা প্ৰতিষ্ঠানৰ ভূমিকা আৰু ৰাজ্যখনৰ বীমা সুৰক্ষাৰ ব্যৱধান হ্ৰাস কৰাৰ পদক্ষেপসমূহ ব্যাখ্যা কৰে। আইআৰডিএআইৰ বিষয়াসকলে মুখ্য সচিব আৰু ৰাজ্য চৰকাৰক এছআইপি ৰূপায়ণ আৰু বীমা সুৰক্ষা শক্তিশালী কৰাৰ বাবে দেখুওৱা প্ৰতিশ্ৰুতিৰ বাবে প্ৰশংসা কৰে। বৈঠকত প্ৰকাশ কৰা হয় যে, যোৱা দুবছৰত মুখ্যমন্ত্ৰীৰ স্বাস্থ্য বীমা আঁচনি, মুখ্যমন্ত্ৰীৰ জীৱন বীমা আঁচনি আৰু ডিজিটেল পিগাৰি ইঞ্চুৰেন্স(গাহৰি পালন বীমা) আঁচনিসহ ৰাজ্য চৰকাৰৰ বিভিন্ন বীমা পদক্ষেপৰ অধীনত প্ৰায় ১.২০ লাখ লোকে প্ৰায় ৩০০ কোটি টকাৰ দাবী লাভ কৰিছে। এই বৈঠকে সমগ্ৰ ৰাজ্যখনতে অধিক ব্যাপক, সুলভ আৰু সহজলভ্য বীমা সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০৪৭ চনৰ ভিতৰত সকলোৰে বাবে বীমাৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ প্ৰতি নাগালেণ্ডৰ প্ৰতিশ্ৰুতি পুনৰবাৰ সুদৃঢ় কৰে।
আইআৰডিএআই-ৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত নাগালেণ্ডত অনুষ্ঠিত হ’ল প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ বীমা সমিতিৰ বৈঠক
