২৬ আগষ্টৰ পুৱা নেপাল-তিব্বত সীমান্তৰ সমীপত সংঘটিত হিমস্খলনৰ ফলত বৈ অহা পানীৰ ধলে উত্তৰ আৰু মধ্য নেপালৰ বসতিস্থলসমূহ বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ এই ঘটনাত বৰ্তমান পৰ্যন্ত ১৩৫৫ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৮৯ জন বিদেশী নাগৰিককে ধৰি ৪,৯৯৬ জন লোকৰ সন্ধান হৈ আছে ৷ আনহাতে ১৩,৩৯৬ জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে ।চীনত থকা ভাৰতীয় দূতাবাসে ২৬ আগষ্টত তিব্বত-নেপাল সীমান্তত আকস্মিক বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ ডি এন এৰ নমুনা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ৷দূতাবাসৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ভাৰতীয় নাগৰিকৰ ডি এন এ নমুনা লোৱা সন্দৰ্ভত চীন কৰ্তৃপক্ষৰ পৰা নিশ্চিত হোৱাৰ পিছত বেইজিঙত থকা ভাৰতীয় দূতাবাসে নিৰুদ্দেশ হোৱা ভাৰতীয় নাগৰিকৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত সহায় কৰিবলৈ ডি এন এৰ নমুনা দাখিল কৰিবলৈ এই অনুৰোধ জনাইছে ৷নমুনা প্ৰদান কৰিবলৈ ইচ্ছুক পৰিয়ালসমূহক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ক’ডিছ ফৰ্মেটত ডি এন এ তথ্য দাখিল কৰিবলৈ কোৱা হৈছে ৷ দূতাবাসে এই নমুনা সংশ্লিষ্ট চীনা কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব আৰু নমুনা নিশ্চিত হ’লে দূতাবাসৰ জৰিয়তে পৰিয়ালসমূহক অৱগত কৰা হ’ব ৷নমুনাত নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ ৰাষ্ট্ৰীয়তা, নাম আৰু পাছপ’ৰ্ট নম্বৰ, পৰিয়ালৰ সদস্যৰ নাম আৰু পাছপ’ৰ্ট নম্বৰ আৰু নমুনা চিনাক্তকৰণ নম্বৰকে ধৰি সবিশেষ তথ্য সঠিকভাৱে লেবেল লগোৱা হ’ব লাগিব ।পৰিয়ালসমূহে অধিক নিৰ্দেশনাৰ বাবে দূতাবাসৰ টেলিফোন নম্বৰ +৮৬ ১৮৫১৪২৮৪৯০৫ত যোগাযোগ কৰিব পাৰিব ।
বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত ডি এন এৰ নমুনা বিচাৰিছে চীনস্থিত দূতাবাসে
