আকৌ ধৰণী দেখিব মেধাৱী অৰ্পিতে! দিল্লীৰ ছাত্ৰাবাস খহি মৃত্যু ঘটা কিশোৰৰ চকু দানৰ সিদ্ধান্ত পৰিয়ালৰ

আনৰ গাফিলতিৰ পৰিণাম ভুগি অকালতে প্ৰাণ হেৰুৱালেও আন কাৰোবাৰ দৃষ্টি হৈ পৃথিৱীখন চোৱাৰ সুযোগ পাব ১৮ বছৰীয়া অৰ্পিতে। দিল্লীৰ সত্য নিকেতনৰ এটা ছাত্ৰাবাস খহি মৃত্যু হোৱা মেধাৱী ছাত্ৰজনৰ চকুৰ কৰ্ণিয়া দান কৰাৰ এক মহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে শোকস্তব্ধ পৰিয়ালে। সন্তান হেৰুওৱাৰ অসহ্য বেদনাৰ মাজতো পৰিয়ালটোৰ এই মানৱীয় পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

মধ্যপ্ৰদেশৰ দেৱাসৰ বাসিন্দা অৰ্পিত জয় ৰাখীবন্ধনৰ বন্ধ কটাই নিজ গৃহৰ পৰা দিল্লীৰ সত্য নিকেতনত থকা পেয়িং গেষ্টলৈ উভতি আহিছিল। কিন্তু ছাত্ৰাবাসলৈ ওভতাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতেই সংঘটিত হয় এই ভয়ংকৰ অট্টালিকা ভাঙি পৰাৰ ঘটনা। নিশাৰ ভিতৰতে ধ্বংসাৱশেষৰ তলত হেৰাই যায় অৰ্পিতৰ জীৱন।

অকালতে পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ ভূপেন্দ্ৰ জয়। ছাত্ৰাবাসটোৰ শোচনীয় অৱস্থাৰ বিষয়ে পূৰ্বে অৱগত নোহোৱাত তীব্ৰ আক্ষেপ প্ৰকাশ কৰে তেওঁ। পিতৃয়ে কয়, “ৰাখীবন্ধন উদযাপন কৰি ল’ৰাটো কালি পুৱাহে হোষ্টেললৈ উভতিছিল। তাৰ পিছতেই আমি তাৰ নিথৰ দেহটো দেখিবলৈ পালোঁ। হোষ্টেলটোৰ অৱস্থা ইমান বেয়া বুলি ল’ৰাটোৱে মোক এবাৰো জনোৱা নাছিল। জনা হ’লে মই তাক তাত কেতিয়াও থাকিবলৈ নিদিলোঁহেঁতেন।”

ঘটনাৰ পিছতেই চিকিৎসালয়ত উপস্থিত হোৱা বন্ধু-বান্ধৱ তথা পৰিয়ালৰ লোকৰ বাবে অৰ্পিতৰ মৃতদেহ চিনাক্তকৰণো হৈ পৰিছিল অত্যন্ত বেদনাদায়ক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে প্ৰথম অৱস্থাত কোনেও চিনাক্ত কৰিব পৰা নাছিল যদিও শৰীৰৰ জন্মচিহ্ন চাই মাতৃয়ে পুত্ৰক চিনাক্ত কৰে। সমগ্ৰ নিশা ধ্বংসস্তূপ আৰু চিকিৎসালয়ত বিচাৰ-খোঁচাৰ চলোৱাৰ অন্তত এই নিদাৰুণ সত্যৰ মুখামুখি হয় আত্মীয়।

ইফালে ঘটনা সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। পলায়ন কৰা অট্টালিকাটোৰ স্বত্বাধিকাৰীক ৰাজস্থানৰ ভিৱাড়ী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দিল্লী পৌৰ নিগমৰ উপায়ুক্তকে ধৰি পাঁচগৰাকী শীৰ্ষ অভিযন্তাক ইতিমধ্যে নিলম্বন কৰা হৈছে। সমগ্ৰ বিষয়টোত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *