Blog

বিয়াৰ দিনাই ভয়ংকৰ সিদ্ধান্ত নৱবিবাহিত দৰাৰ! কাছাৰাৰ বৰখলাত তীব্ৰ চাঞ্চল্য

বিয়াৰ দিনাই ভয়ংকৰ সিদ্ধান্ত নৱবিবাহিত দৰাৰ! কাছাৰাৰ বৰখলাত তীব্ৰ চাঞ্চল্য

বিয়াৰ আনন্দ-উল্লাসৰ মাজতেই এটা পৰিয়াললৈ নামি আহিল চৰম অন্ধকাৰ। বিবাহ অনুষ্ঠান সম্পন্ন কৰাৰ ঠিক পিছতেই নৱবিবাহিত দৰাই আত্মঘাতী হোৱাৰ এক মৰ্মান্তিক ঘটনাই স্তম্ভিত কৰি তুলিছে সমগ্ৰ কাছাৰ জিলাক। জিলাখনৰ বৰখলা সমষ্টিৰ অন্তৰ্গত চান্দপুৰ বেলাকোনা গাঁৱত দেওবাৰে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। মৃত যুৱকজনক চান্দপুৰ বেলাকোনাৰ বাসিন্দা ৰুহুল আলম চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। কন্যাৰ গৃহত বৈবাহিক ৰীতি-নীতি সুকলমে সমাপ্ত হোৱাৰ পিছত ঘৰলৈ উভতি আহি তেওঁ নিজৰ শোৱনিকোঠাত সোমাই ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি লয়। বহু সময় কোনো সঁহাৰি নোপোৱাত পৰিয়ালৰ লোকে সন্দেহবশতঃ দুৱাৰ ভাঙি যুৱকজনক অচেতন অৱস্থাত উদ্ধাৰ কৰে। ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি…
Read More
মৰ্মান্তিক! মেঘালয়ত চেপ্তিক টেংক চাফা কৰিবলৈ নামি প্ৰাণ গ’ল অসমৰ ৪ শ্ৰমিকৰ, উদ্ধাৰৰ বাবে গৈ অচেতন দুই অগ্নিবীৰ

মৰ্মান্তিক! মেঘালয়ত চেপ্তিক টেংক চাফা কৰিবলৈ নামি প্ৰাণ গ’ল অসমৰ ৪ শ্ৰমিকৰ, উদ্ধাৰৰ বাবে গৈ অচেতন দুই অগ্নিবীৰ

চেপ্তিক টেংক চাফা কৰিবলৈ নামি বিষাক্ত গেছৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ'ল অসমৰ চাৰিজনকৈ শ্ৰমিকে। মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ অন্তৰ্গত বাঘমাৰাৰ ৰাংডকৰাম অঞ্চলত দেওবাৰে বিয়লি সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। এটা ভূগৰ্ভস্থ চেপ্তিক টেংকৰ ঢাকনি খুলিবলৈ চেষ্টা কৰাৰ সময়তেই টেংকটোৰ পৰা নিৰ্গত হোৱা মাৰাত্মক গেছৰ প্ৰভাৱত এই শ্ৰমিককেইজনৰ থিতাতে প্ৰাণনাশ ঘটে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰথমতে দুজন শ্ৰমিকে টেংকৰ ঢাকনিখন খুলিবলৈ চেষ্টা কৰোঁতেই গেছৰ বিষক্ৰিয়াত হঠাৎ টেংকৰ ভিতৰতে ঢলি পৰে। তেওঁলোকক ততাতৈয়াকৈ উদ্ধাৰ কৰাৰ স্বাৰ্থত আন দুজন শ্ৰমিকো আগবাঢ়ি যায় যদিও বিষাক্ত বাষ্পৰ ফলত তেওঁলোকো অচেতন হৈ সেই স্থানতে আৱদ্ধ হৈ পৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী…
Read More
সমগ্ৰ উত্তৰ-পূব ৰাজ্যৰ প্ৰতিযোগীসকলৰ মাজত নাগালেণ্ডৰ পৰা ষ্টেৰিঅ’ গ্ৰুভক এন ই ষ্টাৰ ২০২৬ হিচাপে ক্রাউন কৰে

সমগ্ৰ উত্তৰ-পূব ৰাজ্যৰ প্ৰতিযোগীসকলৰ মাজত নাগালেণ্ডৰ পৰা ষ্টেৰিঅ’ গ্ৰুভক এন ই ষ্টাৰ ২০২৬ হিচাপে ক্রাউন কৰে

উত্তৰ-পূব ভাৰতৰ ব্যতিক্ৰমী সংগীত প্ৰতিভা আৰু সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপন কৰি টয়োটা কিৰ্লোস্কাৰ মটৰ (টি কে এম)ৰ চূড়ান্ত সংগীত প্ৰতিভা চিকাৰ এন ই (উত্তৰ-পূব) ষ্টাৰ ২০২৬ৰ গ্ৰেণ্ড ফিনালে সফলতাৰে সমাপ্ত কৰে।  সমগ্ৰ উত্তৰ-পূব ৰাজ্যৰ পৰা ১৬ জন অসাধাৰণ চূড়ান্ত প্ৰতিযোগীক একত্ৰিত কৰি গ্ৰেণ্ড ফিনালে সংগীতৰ উৎকৃষ্টতাৰ এক সজীৱ প্ৰদৰ্শন হিচাপে কাম কৰিছিল। গ্ৰেণ্ড ফিনালেত সংগীত প্ৰতিভাৰ এক আকৰ্ষণীয় প্ৰদৰ্শন দেখা যায়, নাগালেণ্ডৰ ষ্টেৰিঅ’ গ্ৰুভক এন ই ষ্টাৰ ২০২৬ৰ মুকুট পিন্ধোৱা হয়।মেঘালয়ৰ পাটেং বেণ্ড আৰু ছিকিমৰ নাদ বেণ্ডক ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ ঘোষণা কৰা হয়।  মেঘালয়ৰ পৰা অহা পাটেং বেণ্ডে মোগো শাখাত বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰাৰ বিপৰীতে তেওঁলোকৰ অসাধাৰণ অভিনয়ৰ…
Read More
এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহাইৰ ৷ অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহায়ে সোমবাৰে দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙৰ বিৰুদ্ধে মহিলাৰ ৭৫ কেজি কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছ ২০২৬ৰ অভিযান আৰম্ভ কৰে ৷জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙক ৫-০ ত পৰাস্ত কৰে ৷ ইয়াৰ লগতে তেওঁ এছিয়ান গেমছত ভাৰতৰ হৈ আন এটা পদক নিশ্চিত কৰিছে । অৱশ্যে স্বৰ্ণ পদকৰ ওপৰতে লাভলীনাৰ দৃষ্টি থাকিব । লাভলীনাই বিগত এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিছিল । ছুঙে প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল যদিও লাভলীনাই শক্তিশালীভাৱে ৰাউণ্ডটো শেষ কৰে আৰু পাঁচোজন বিচাৰকে লাভলীনাৰ পক্ষত সিদ্ধান্ত দিয়ে ।
Read More
আকৌ নেপালত প্ৰকৃতিক দুৰ্যোগ

আকৌ নেপালত প্ৰকৃতিক দুৰ্যোগ

বৃহস্পতিবাৰৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নেপালৰ ভিন্ন প্ৰান্তত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে বিগত ৭২ ঘণ্টাত দেশখনত বৰ্তমানলৈকে প্ৰায় ১৪ জন লোকৰ মৃত্যু হৈছে ।আনহাতে, দেওবাৰে বতৰ বিজ্ঞানীয়ে দেশখনত সতৰ্কতা জাৰি কৰিছে ৷ ইফালে প্ৰশাসনে পুৱা মধ্য নেপালৰ নাৰায়ণী নদীৰ পাৰত বসবাস কৰা সকলো বাসিন্দাৰ বাবে সতৰ্কবাণী জাৰি কৰে ৷ যিহেতু নাৰায়নী নদীৰ জলস্তৰ প্ৰায় ৯ মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছে ৷ইফালে বৰ্তমানো দেশখনৰ ভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ কাৰ্য চলোৱাত ব্যাঘাত হৈছে বুলি জানিবলৈ দিছে প্ৰশাসনে ৷ একেদৰে বাগলুং জিলাৰ নিশিখোলা গাঁৱত দেওবাৰে পুৱা সংঘটিত ভূমিস্খলনত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি স্থানীয়…
Read More
ব্ৰহ্মপুত্ৰৰ বুকুৰে বাংলাদেশলৈ মিথানল সৰবৰাহৰ প্ৰস্তুতি অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ

ব্ৰহ্মপুত্ৰৰ বুকুৰে বাংলাদেশলৈ মিথানল সৰবৰাহৰ প্ৰস্তুতি অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ

অসমৰ ডিব্ৰুগড়ৰ পৰা মালবাহী জাহাজে ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে চুবুৰীয়া বাংলাদেশলৈ মিথানল সৰবৰাহ কৰিবলৈ সাজু হৈছে বুলি এগৰাকী বিষয়াই জনায় । অসম পেট্ৰ’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাই দাবী কৰে যে ইয়াৰ দ্বাৰা স্বাধীনতাৰ পিছত পূবৰ চহৰৰ পৰা জলপথেৰে ৰপ্তানি পথ পুনৰাম্ভ হ’ব ।ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দুখন জাহাজ অসম পেট্ৰ’-কেমিকেলছ লিমিটেডে বাংলাদেশলৈ মিথানল ৰপ্তানি কৰিবলৈ লিজত লৈছে । মিথানল আৰু ফৰ্মেলিন উৎপাদন কৰা ৰাজ্য চৰকাৰৰ অসম পেট্ৰ’-কেমিকেলছ লিমিটেড, পূব অসমৰ তৈলক্ষেত্ৰত থকা প্ৰাকৃতিক গেছৰ বিশাল মজুত ব্যৱহাৰৰ বাবে গঠন কৰা হৈছিল ।শনিবাৰে ছ’চিয়েল মিডিয়া পোষ্টত এইদৰে কয়, ‘‘আন এটা সপোন বাস্তৱায়নৰ বাটত । ইংৰাজ গুচি যোৱাৰ পিছৰে পৰা স্বাধীন…
Read More
তিনি মহলীয়া অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ১১ জন আহত

তিনি মহলীয়া অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ১১ জন আহত

হাৰিয়ানাৰ আম্বালাৰ ধুলকোটত নিৰ্মাণৰত তিনি মহলীয়া বিল্ডিং ভাঙি ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক আহত হয় ৷ ধ্বংসাৱশেষৰ তলত এতিয়াও বহু শ্ৰমিকক আৱদ্ধ হৈ আছে ৷ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে জেচিবিৰ সহায়ত ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ লোকক উদ্ধাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷এজন প্ৰত্যক্ষদৰ্শীয়ে ঘটনাৰ বিশদ বিৱৰণ দি কয়, "তেওঁলোকে প্ৰথমে সকলো দেৱাল ৪ ইঞ্চি ডাঠকৈ নিৰ্মাণ কৰিছিল ৷ ছাদ ঢালি শুকাবলৈ সময় নিদিলে ৷ আজি তৃতীয় মহলাৰ বাবে ছাদ ঢলাৰ সময়তো বিল্ডিঙটো তিতি আছিল, যাৰ ফলত এই বৃহৎ দুৰ্ঘটনাটো সংঘটিত হয় ৷"জানিবলৈ দিয়া অনুসৰি, আহত ১২ জন শ্ৰমিকক ততাতৈয়াকৈ আম্বালা চহৰ অসামৰিক…
Read More
বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিঙেৰে ভি-এ ভ্ৰমণ খণ্ডলৈ আনিছে অভূতপূৰ্ব পৰিৱৰ্তন

বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিঙেৰে ভি-এ ভ্ৰমণ খণ্ডলৈ আনিছে অভূতপূৰ্ব পৰিৱৰ্তন

ভি-এ নিজৰ নতুন ব্ৰেণ্ড প্ৰতিশ্ৰুতি “ভি পে চব হ্যে ভিআইপি”ক গ্ৰাহকৰ বাবে এক প্ৰকৃত লাভালভলৈ ৰূপান্তৰিত কৰি বৈপ্লৱিক অফাৰ ঘোষণা কৰিছে, যাৰ অধীনত প্ৰধান পোষ্টপেইড, প্ৰিপেইড আৰু এণ্টাৰপ্ৰাইজ প্লেনসমূহৰ সৈতে বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং সেৱা আগবঢ়োৱা হৈছে। এই যুগান্তকাৰী অফাৰৰ জৰিয়তে গ্ৰাহক আৰু পৰিয়ালৰ সদস্যসকলে এতিয়া বিশ্বজুৰি ১৭০তকৈও অধিক দেশত ভ্ৰমণ কৰাৰ সময়ত সম্পূৰ্ণ বিনামূলীয়াকৈ সংযুক্ত হৈ থাকিব পাৰিব।দশক দশক ধৰি আন্তঃৰাষ্ট্ৰীয়ভাৱে ভ্ৰমণ কৰাৰ সময়ত সংযুক্ত হৈ থকাৰ অৰ্থ আছিল একাধিক চিম কাৰ্ড সলনি কৰা, যাত্ৰাৰ পূৰ্বে স্থানীয় বা ট্ৰেভেল চিম ক্ৰয় কৰা, নিজৰ ভাৰতীয় ম’বাইল নম্বৰটো ব্যৱহাৰ কৰাৰ সুবিধা হেৰুওৱা, গুৰুত্বপূৰ্ণ অ’টিপিসমূহ নোপোৱা, অসুৰক্ষিত ৰাজহুৱা/বিনামূলীয়া ৱাই-ফাইৰ ওপৰত নিৰ্ভৰ কৰা, আমনিদায়ক…
Read More
জিটিএচিৰ ৫৬ বছৰ সম্পূৰ্ণ: ২০২৬ চনত উচ্চ গড় মূল্যত ১০৬ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী

জিটিএচিৰ ৫৬ বছৰ সম্পূৰ্ণ: ২০২৬ চনত উচ্চ গড় মূল্যত ১০৬ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী

বিশ্বৰ অন্যতম প্ৰভাৱশালী চাহ নিলাম কেন্দ্ৰ তথা পৰিমাণৰ ফালৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম চিটিচি (CTC) চাহ নিলাম প্লেটফৰ্ম গুৱাহাটী চাহ নিলাম কেন্দ্ৰই (GTAC) ইয়াৰ কাৰ্যকালৰ ৫৬ বছৰ সম্পূৰ্ণ কৰিছে। ই অসমৰ চাহ উদ্যোগৰ বাবে আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। অসমৰ চাহ উৎপাদকসকলক এক সমৰ্পিত বিপণন মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা জিটিএচিয়ে চাহৰ মূল্য নিৰ্ধাৰণ শক্তিশালী কৰা, চাহ ব্যৱসায়ত স্বচ্ছতা নিশ্চিত কৰা আৰু ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ প্ৰসাৰত এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। বিগত দশকবোৰত ই ৰাজ্যৰ অৰ্থনীতি আৰু চাহ খণ্ডৰ বিকাশত এক মুখ্য অৱদানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। নিলাম কেন্দ্ৰটোৱে ২০২৬ চনত উল্লেখনীয় প্ৰদৰ্শন…
Read More
৫ বজালৈকো মুক্তি নাই আশুতোষ ৰাংকাৰ! গেটৰ বাহিৰত ৰাইজৰ দলৰ অৱস্থান

৫ বজালৈকো মুক্তি নাই আশুতোষ ৰাংকাৰ! গেটৰ বাহিৰত ৰাইজৰ দলৰ অৱস্থান

ককৰোচ জনতা পাৰ্টিৰ (CJP) সহ-আহ্বায়ক আশুটোষ ৰাংকা আৰু দলটোৰ অন্যান্য নেতাসকলক আটক কৰি ৰখা কাৰ্যক লৈ দেওবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰে ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাই। তেওঁ অভিযোগ কৰা অনুসৰি, সমৰ্থক, অধিবক্তা আৰু পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হোৱা নাই। আটক কৰি থোৱা স্থানৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে কথা পাতি বৰাই কয় যে বিয়লি ৫ বাজিবলৈ হোৱা স্বত্বেও তেওঁলোকক মুকলি কৰি দিয়া হোৱা নাই। তেওঁ কয়, "এতিয়া প্ৰায় ৫ বাজিবলৈ হ’ল, কিন্তু আমি এতিয়াও আশুটোষ ৰাংকা আৰু চিজেপিৰ অন্যান্য নেতাসকলৰ মুক্তিৰ বাবে গেটৰ মুখত ৰৈ আছোঁ। তেওঁলোকক এতিয়াও বন্দী কৰি থোৱা হৈছে আৰু আমাক তেওঁলোকক লগ কৰিবলৈ…
Read More