28
May
আধুনিক চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব কৃতিত্বই অৱশেষত প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ’ল এটি ৯ মহীয়া দেৱশিশুৰ। ঘৰৰ ভিতৰত খেলি থকাৰ সময়তে পৰিয়ালৰ অলক্ষিতে এটি অতি সৰু এল ই ডি বাল্ব মুখত ভৰাই দিছিল শিশুটিৱে। ইয়াৰ পাছতে উশাহ-নিশাহ বন্ধ হৈ পৰা শিশুটিৰ জৰুৰী চিকিৎসা আৰম্ভ কৰি বিশেষ কেমেৰা আৰু আধুনিক নলীযুক্ত যন্ত্ৰৰ (ব্ৰংক’স্কোপি) সহায়ত জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় বিশেষজ্ঞ চিকিৎসকৰ দলে। মহাৰাষ্ট্ৰৰ পুনে চহৰত থকা সেনা বাহিনীৰ বিশেষ চিকিৎসালয়ত সংঘটিত হৈছে এই অভূতপূৰ্ব ঘটনা। উল্লেখ্য যে, খেলনাৰ পৰা এৰাই যোৱা জোঙা তাৰ থকা এই বাল্বটো শিশুটিৰ খাদ্য খোৱা নলীৰ সলনি উশাহ লোৱা নলীৰে গৈ বাওঁফালৰ হাওঁফাওঁৰ একেবাৰে গভীৰ অংশত লাগি ধৰিছিল।…
