Blog

নিমিষাক হত্যাৰ পূৰ্বে আছিফ আলীয়ে সেৱন কৰিছিল সুৰা

নিমিষাক হত্যাৰ পূৰ্বে আছিফ আলীয়ে সেৱন কৰিছিল সুৰা

নিমিষা ঠাকুৰীয়া হত্যাকাণ্ডৰ সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত বলীন দেউৰীৰ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য ৷আৰক্ষী বিষয়া দেউৰীয়ে কয়,"সপ্তাহত দুই-তিনিদিন সেই হোমষ্টে খনলৈ দুয়ো গৈছিল ৷ উক্ত ঘটনাৰ দিনা দুয়োজনে সুৰা সেৱন কৰিছিল ৷ তাৰ পাছত দুয়োগৰাকীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ তেতিয়া নিমিষাক হত্যা কৰা হৈছিল ৷"ইফালে নিমিষাৰ মাতৃয়ে সংবাদ মাধ্যমত কৰা মন্তব্যৰ সন্দৰ্ভটো তদন্ত চলিব বুলি উল্লেখ কৰি তেওঁ কয়,"যিহেতুকে নিশা ২.০২ বজাত নিমিষাই মাকলৈ ফোন কৰি কৈছিল যে, 'সিহঁতে মোক বুকুত গোৰ মাৰিছে' বুলি ৷ সিহঁত কোন এই বিষয়ে তদন্ত চলি আছে আৰু হোমষ্টেখনৰ কৰ্মচাৰীকো সোধা-পোচ কৰা হৈছে ৷ নিমিষাৰ শৰীৰৰ ভিন্ন স্থানত আঘাত আছিল ৷ মুখেৰে তেজ ওলাই…
Read More
ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ কিউক্টাও টাউনশ্বিপত বোমা নিক্ষেপ

ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ কিউক্টাও টাউনশ্বিপত বোমা নিক্ষেপ

ম্যানমাৰৰ সেনাই সোমবাৰে এটা শক্তিশালী বিদ্ৰোহী গোটৰ নিয়ন্ত্ৰণত থকা অঞ্চলত বজাৰৰ সমীপত চলোৱা বিমান আক্ৰমণত প্ৰায় ৪৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৮ জন লোক আহত হয় ৷দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালেৰ পৰা প্ৰায় ৩৪০ কিলোমিটাৰ (২১০ মাইল) পশ্চিমে অৱস্থিত কিউক্টাও টাউনশ্বিপত সোমবাৰৰ এই আক্ৰমণ সংঘটিত হয় । কিউক্টাও ৰাখাইনত অৱস্থিত এটা শক্তিশালী জনগোষ্ঠীয় সশস্ত্ৰ গোট আৰাকান সেনাৰ নিয়ন্ত্ৰণত আছে ।
Read More
১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!

১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!

১৮ বছৰৰ অনুৰ্ধ্বই ছ’চিয়েল মিডিয়াত খুলিব নোৱাৰিব একাউণ্ট!মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক ১৮ বছৰৰ অনুৰ্ধ্বৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ আইনী গাঁথনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি প্ৰকাশিত তথ্যত উল্লেখ কৰা হৈছে।শিশু আৰু কিশোৰ-কিশোৰীৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰক লৈ নতুনকৈ গুৰুত্ব লাভ কৰিছে আইনী নিয়ন্ত্ৰণৰ বিষয়টোৱে। আদালতৰ নিৰ্দেশ অনুসৰি, ১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ ছ’চিয়েল মিডিয়া একাউণ্ট আৰু ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে উপযুক্ত আইনী কাঠামো প্ৰস্তুত কৰাৰ বিষয়টো বিবেচনা কৰিব লাগিব।“১৮ বছৰৰ অনুৰ্ধ্বৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে আইনী গাঁথনি প্ৰস্তুত কৰাৰ নিৰ্দেশ।”এই বিষয়ত আগন্তুক আইনী ব্যৱস্থা, ইয়াৰ পৰিসৰ আৰু কাৰ্যকৰী কৰাৰ পদ্ধতি সম্পৰ্কে চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ…
Read More
২০৫০ চনৰ ভিতৰত বিশ্বত দুগুণ হ’ব পাৰে কৰ্কট ৰোগীৰ সংখ্যা

২০৫০ চনৰ ভিতৰত বিশ্বত দুগুণ হ’ব পাৰে কৰ্কট ৰোগীৰ সংখ্যা

বিশ্বজুৰি কৰ্কট ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে। ২০৫০ চনৰ ভিতৰত বিশ্বত কৰ্কট ৰোগীৰ সংখ্যা বৰ্তমানৰ তুলনাত প্ৰায় দুগুণলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। এই পৰিস্থিতিয়ে আগন্তুক দিনত বিশ্ব স্বাস্থ্য ব্যৱস্থাৰ সন্মুখত এক গুৰুতৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই কৰ্কট ৰোগক বিশ্বজুৰি এক গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত প্ৰত্যাহ্বান হিচাপে চিহ্নিত কৰি ইয়াৰ প্ৰতিৰোধ, আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু সময়মতে চিকিৎসাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে। বিশেষজ্ঞসকলৰ মতে, বাৰ্ধক্য, অস্বাস্থ্যকৰ জীৱনশৈলী, ধূমপান, মেদবহুলতা আৰু পৰিৱেশগত প্ৰভাৱ আদি বিভিন্ন কাৰকে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। সেয়েহে ৰোগ প্ৰতিৰোধৰ লগতে স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰাটোও অত্যন্ত…
Read More
অসমত পৌৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০২৬ ৰূপায়ণৰ বাবে নতুন কৌশল আৰম্ভ

অসমত পৌৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০২৬ ৰূপায়ণৰ বাবে নতুন কৌশল আৰম্ভ

অসমত পৌৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০২৬ কাৰ্যকৰী কৰাৰ বাবে এক ব্যাপক বহুমুখী সংস্থাৰ কৌশল আৰম্ভ কৰা হৈছে। আজি গুৱাহাটীত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, স্বচ্ছ ভাৰত অভিযান (নগৰীয়া) আৰু স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ), অসমৰ এক যুটীয়া সংবাদমেলত এই কথা প্ৰকাশ কৰা হয়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬-ৰ অধীনত পৌৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা (SWM) বিধি, ২০২৬ অধিসূচিত কৰাৰ পিছত এই নতুন কৌশল গ্ৰহণ কৰা হৈছে, যি ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে। স্বচ্ছ ভাৰত অভিযান (নগৰীয়া)ৰ মিছন সঞ্চালক সব্যসাচী কাশ্যপে অসমৰ নগৰীয়া কেন্দ্ৰসমূহত গ্ৰহণ কৰা নিৰ্দিষ্ট পদক্ষেপসমূহৰ সবিশেষ দাঙি ধৰে। তেওঁ হ্ৰাস (Reduce), পুনৰ…
Read More
টিভিএছ মটৰ আৰু ছি ফৰ ছচায়িটীৰ যুটীয়া পদক্ষেপ: বেংগালুৰুত মহিলা চালকসকলক সৱলীকৰণৰ বাবে ১৬খন গুলপীয়া ই-অটো মুকলি

টিভিএছ মটৰ আৰু ছি ফৰ ছচায়িটীৰ যুটীয়া পদক্ষেপ: বেংগালুৰুত মহিলা চালকসকলক সৱলীকৰণৰ বাবে ১৬খন গুলপীয়া ই-অটো মুকলি

টিভিএছ ভেন্যুৰ অন্তৰ্গত টিভিএছ মটৰ কোম্পানীয়ে বাণিজ্যিক পৰিবহনৰ জৰিয়তে মহিলাৰ অৰ্থনৈতিক সৱলীকৰণক সমৰ্থন জনাবলৈ ছি ফৰ ছচায়িটী আৰু টালিৰু ফাউণ্ডেচনৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ অধীনত “বিল্ডিং কুইনছ ফ্ৰম দ্য গ্ৰাছৰুটছ” কাৰ্যসূচীৰ অংশ হিচাপে বেংগালুৰুত ১৬খন গুলপীয়া ইলেক্ট্ৰিক অটো মুকলি কৰা হৈছে।টালিৰু ফাউণ্ডেচনৰ দ্বাৰা নিৰ্বাচিত কৰা মহিলা হিতাধিকাৰীসকলক এই ১৬খন ই-অটো প্ৰদান কৰা হৈছে, যিয়ে এনে বাহনৰ পৰিমাণ মুঠ ১০০খন বাহনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে, আঁচনিৰ প্ৰথমটো পৰ্যায় সফলতাৰে সমাপ্তি ঘটিল। এই পদক্ষেপৰ উদ্দেশ্য হৈছে মহিলা অটো চালকসকলৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰা আৰু ইয়াৰ লগতে উদ্যোগী হোৱাৰ প্ৰৱণতা, উপাৰ্জন বৃদ্ধি আৰু বাণিজ্যিক গতিশীলতাৰ পৰিৱেশতন্ত্ৰত অধিক অংশগ্ৰহণক উদগনি…
Read More
এছিয়ান গেমছত বৰষুণৰ বাবে মেচ বাতিল: ছেমি ফাইনেলত ভাৰতীয় পুৰুষ ক্ৰিকেট দল

এছিয়ান গেমছত বৰষুণৰ বাবে মেচ বাতিল: ছেমি ফাইনেলত ভাৰতীয় পুৰুষ ক্ৰিকেট দল

জাপানৰ নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ পুৰুষ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচখন নেৰানেপেৰা বৰষুণৰ বাবে বাতিল কৰা হয়। ইয়াৰ লগে লগে ভাৰতীয় পুৰুষ ক্ৰিকেট দলে পোনে পোনে ছেমি ফাইনেলত প্ৰৱেশ কৰে। প্ৰতিকূল বতৰৰ বাবে মেচখন অনুষ্ঠিত নোহোৱাত আই চি চি টি-২০ ৰেংকিংৰ শীৰ্ষস্থানত থকাৰ সুবিধা লাভ কৰি ভাৰতে ছেমি ফাইনেলৰ স্থান সুনিশ্চিত কৰে। আই চি চি টি-২০ ৰেংকিংত ভাৰত ১ম স্থানত থকাৰ বিপৰীতে আফগানিস্তান ১০ম স্থানত আছে। ছেমি ফাইনেলত ভাৰতে নেপাল আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলৰ মুখামুখি হ’ব। যদি সেই মেচখনো বৰষুণৰ বাবে বাতিল হয়, তেন্তে উন্নত ৰেংকিংৰ ভিত্তিত শ্ৰীলংকাই ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে খেলিব।…
Read More
এছিয়ান গেমছৰ বক্সিঙত লাভলীনা বৰগোঁহাইৰ পদক নিশ্চিত; দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমিফাইনেলত অসম কন্যা

এছিয়ান গেমছৰ বক্সিঙত লাভলীনা বৰগোঁহাইৰ পদক নিশ্চিত; দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমিফাইনেলত অসম কন্যা

এচিয়ান গেমছৰ ৰিঙত পুনৰ উজ্বলি উঠিল অসম কন্যা তথা অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই। জাপানী চহৰ নিচিঅ’ত চলি থকা এছিয়ান গেমছৰ মহিলা বক্সিং প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ ছিয়ং চুয়নক একপক্ষীয়ভাৱে পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে পদক নিশ্চিত কৰে লাভলীনাই। সোমবাৰে অনুষ্ঠিত ৭৫ কেজি ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত ভাৰতীয় তাৰকাগৰাকীয়ে ৫-০ ব্যৱধানত সহজ বিজয় সাব্যস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। প্ৰতিযোগিতাখনৰ প্ৰথমখন ৰাউণ্ডতে সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰি খেলিছিল অসমৰ এই অভিজ্ঞ বক্সাৰগৰাকীয়ে। কোৱাৰ্টাৰ ফাইনেলত দেখুওৱা এই আক্ৰমণাত্মক প্ৰদৰ্শনৰ জৰিয়তে তেওঁ কমেও এটা ব্ৰঞ্জৰ পদক নিজৰ নামত সুনিশ্চিত কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বৰ সংস্কৰণতো ৰূপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই…
Read More
চাকৰিৰ আশাত সময় নষ্ট নকৰি ই-ৰিক্সা চলাবলৈ যুৱপ্ৰজন্মক আহ্বান; উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকৰ মন্তব্যক লৈ দেশজুৰি বিতৰ্ক

চাকৰিৰ আশাত সময় নষ্ট নকৰি ই-ৰিক্সা চলাবলৈ যুৱপ্ৰজন্মক আহ্বান; উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকৰ মন্তব্যক লৈ দেশজুৰি বিতৰ্ক

চাকৰিৰ আশাত সময় নষ্ট নকৰিব, তাতকৈ ই-ৰিক্সা চলাওক। - যুৱ প্ৰজন্মলৈ এই আহ্বান উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকৰ। যোৱা ২৩ ছেপ্টেম্বৰত লক্ষ্ণৌত ‘ভাৰত টেক্সি’ সেৱাৰ শুভ উদ্বোধন কৰি এই বিচিত্ৰ মন্তব্য কৰিলে উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি তেওঁ পৰম্পৰাগত চাকৰিৰ পিছত দৌৰি সময় অপচয় নকৰি নিজাকৈ টেক্সি বা ই-ৰিক্সা ক্ৰয় কৰি আত্মনিৰ্ভৰশীল হ'বলৈ যুৱক-যুৱতীসকলক পৰামৰ্শ আগবঢ়ায়। উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দিনটোত মাত্ৰ চাৰি ঘণ্টা সময় টেক্সি চলাই এজন ব্যক্তিয়ে নিজৰ পৰিয়ালক পৰ্যাপ্ত সময় দিয়াৰ লগতে সন্মানজনক উপাৰ্জনো কৰিব পাৰে। চৰকাৰী বা বেচৰকাৰী চাকৰিত আৱদ্ধ হৈ থকাতকৈ এনে স্ব-নিয়োজনৰ জৰিয়তে স্বাধীনতা লাভ কৰিব পাৰি বুলি তেওঁ যুক্তি দৰ্শায়। যুৱসমাজক উদ্দেশ্যি উপ-মুখ্যমন্ত্ৰী পাঠকে…
Read More
পিঠিত ওলমি থকা গীটাৰকে মানুহ ভাবিলে এআই কেমেৰাই! হেলমেট নিপিন্ধাৰ অপৰাধত ৫০০ টকাৰ চালান ভৰিবলগীয়া হ’ল চালকে

পিঠিত ওলমি থকা গীটাৰকে মানুহ ভাবিলে এআই কেমেৰাই! হেলমেট নিপিন্ধাৰ অপৰাধত ৫০০ টকাৰ চালান ভৰিবলগীয়া হ’ল চালকে

কৃত্ৰিম বুদ্ধিমত্তা বা এআই প্ৰযুক্তিৰ এক অদ্ভুত কাণ্ডই চকু কপালত তুলিছে বাংগালুৰুৰ এজন সাধাৰণ নাগৰিকৰ। দুচকীয়া বাহনত পিঠিত এটা গীটাৰ ওলমাই যাত্ৰা কৰা এজন যুৱকৰ বিৰুদ্ধে হঠাৎ জাৰি হ’ল ৫০০ টকাৰ যান-বাহন জৰিমনাৰ জাননী। পথৰ স্বয়ংক্ৰিয় এআই কেমেৰাই যুৱকজনৰ পিঠিত থকা গীটাৰটোক হেলমেট পৰিধান নকৰা এগৰাকী আৰোহী বুলি ধাৰণা কৰাৰ ফলতেই এই বিচিত্ৰ পৰিস্থিতিৰ উদ্ভৱ হয়। ভুক্তভোগী সৌভিক দত্ত নামৰ ব্যক্তিজনে যোৱা ১৫ ছেপ্টেম্বৰত পত্নীৰ দুচকীয়া বাহন চলাই মহানগৰীখনৰ মাজেৰে অকলেই গৈ আছিল। সেই সময়ত তেওঁ নিয়ম অনুসৰি সঠিকভাৱে হেলমেট পৰিধান কৰিছিল আৰু পিঠিত ওলোমাই লৈছিল এখন গীটাৰ। কিন্তু পথৰ নিৰীক্ষণ কেমেৰাত সেই দৃশ্য বন্দী হোৱাৰ পিছতেই তেওঁৰ পত্নীৰ নামত…
Read More