Blog

আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সে মুকলি কৰিলে ‘এক্টিভ যুৱা’

আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সে মুকলি কৰিলে ‘এক্টিভ যুৱা’

আদিত্য বিৰলা কেপিটেলৰ স্বাস্থ্য বীমা শাখা আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(এবিএইছআইচিএল)এ যুৱ ভাৰতীয়সকলৰ পৰিৱৰ্তিত জীৱনশৈলী আৰু স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ উদ্দেশ্যে এক সুস্থতা-প্ৰথম স্বাস্থ্য বীমা প্লেন এক্টিভ যুৱা মুকলি কৰিছে। কোম্পানীটোৱে জনোৱা মতে, এই নতুন প্লেনে হেল্থ ৰিটাৰ্নছ™ প্ৰস্তাৱক অধিক সম্প্ৰসাৰিত কৰিছে, যিয়ে গ্ৰাহকসকলক দৈনিক ১০,০০০তকৈ অধিক খোজ কঢ়া বা এটা ব্যায়ামৰ ছেচনত ৩০০ কেলৰি দহন কৰাৰ দৰে স্বাস্থ্যকৰ অভ্যাস বজাই ৰখাৰ বাবে পুৰস্কৃত কৰে। এই বিকল্পৰ অধীনত ধাৰাবাহিকভাৱে সক্ৰিয় থকা আৰু এক শক্তিশালী হেল্থী হাৰ্ট স্ক’ৰ™ থকা গ্ৰাহকসকলে বাৰ্ষিক প্ৰিমিয়ামৰ ১০০ শতাংশপৰ্যন্ত ঘূৰাই পাব পাৰে।এক্টিভ যুৱাই তিনিটা মূল স্তম্ভ — খোৱা, খোজ কঢ়া আৰু আৰোগ্য লাভ (হিল)ৰ ওপৰত…
Read More
কেনিয়াৰ এখন আৱাসিক বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড: ১৬ গৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু

কেনিয়াৰ এখন আৱাসিক বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড: ১৬ গৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু

নিশা বিদ্যালয় আৱাসত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল ১৬ গৰাকীকৈ কিশোৰীয়ে। কেনিয়াৰ ৰিফ্ট ভেলী অঞ্চলৰ এখন চৰকাৰী বালিকা বিদ্যালয়ৰ আৱাসিক গৃহত অৰ্ধৰাত্ৰি সংঘটিত হয় এই বুকু কঁপি উঠা কৰুণ ঘটনা। জুইৰ মাজত আৱদ্ধ হৈ আন প্ৰায় ৭৯ গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে বুলি জানিব পৰা গৈছে। পূব আফ্ৰিকাৰ দেশ কেনিয়াৰ গিলগিল চহৰত অৱস্থিত উটুমীশ্বী গাৰ্লছ একাডেমী ছিনিয়ৰ স্কুলত সংঘটিত হয় মৰ্মান্তিক ঘটনা। দেশখনৰ শিক্ষামন্ত্ৰী জুলিয়াছ মিগোছে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, নিশা প্ৰায় ১২ বজাত আৱাসিক গৃহটোৰ ওপৰৰ অংশৰ পৰা জুইৰ সূত্ৰপাত ঘটে আৰু চকুৰ পচাৰতে সমগ্ৰ অট্টালিকাটোতে জুই বিয়পি পৰে। অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয়…
Read More
মৰ্মান্তিক! গাৰ ওপৰত গছৰ ডাল পৰি মৃত্যু যুৱকৰ

মৰ্মান্তিক! গাৰ ওপৰত গছৰ ডাল পৰি মৃত্যু যুৱকৰ

কাম কৰি থকা অৱস্থাতে হঠাতে গছৰ ডাল ভাঙি মূৰত পৰাৰ ফলত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এজন চফল যুৱকে। থিতাতে প্ৰাণ হেৰুওৱা এই দুৰ্ভগীয়া যুৱকজন বকো সমষ্টিৰ চন্দ্ৰা গাঁৱৰ ৩২ বছৰীয়া নয়ন ৰাভা বুলি চিনাক্ত কৰা হৈছে। কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিৰা আৰক্ষী চকীৰ উপান্ত অঞ্চলত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। পৰিয়াল আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মন্দিৰাৰ বাসিন্দা নিগমানন্দ ঠাকুৰীয়াৰ ঘৰৰ চৌহদত গছ কাটি থকাৰ বাবে হাজিৰা কৰিবলৈ গৈছিল যুৱকজন। গছৰ ওপৰত কাম কৰি থকাৰ সময়তে হঠাতে ওপৰৰ পৰা এটা বৃহৎ আকাৰৰ গছৰ ডাল ভাঙি পৰে নয়নৰ মূৰত। ফলত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই ওপৰৰ পৰা পোনচাটেই…
Read More
অহা পাঁচ বছৰত পুনৰ চৰকাৰী নিযুক্তি লাভ কৰিব ৰাজ্যৰ ২ লাখ নিবনুৱা যুৱক-যুৱতীয়ে

অহা পাঁচ বছৰত পুনৰ চৰকাৰী নিযুক্তি লাভ কৰিব ৰাজ্যৰ ২ লাখ নিবনুৱা যুৱক-যুৱতীয়ে

নিৰ্বাচনৰ সময়ত প্ৰদান কৰা বৃহৎ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লক্ষ্যৰে আৰু নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে এইবাৰ হাতত লৈছে এক অভিলাষী আঁচনি। ৰাজ্যত তৃতীয়বাৰৰ বাবে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে এইবাৰ অহা পাঁচ বছৰৰ ভিতৰত ২ লাখ প্ৰাৰ্থীক চৰকাৰী চাকৰি যোগান ধৰাৰ সংকল্প লৈছে। এই সন্দৰ্ভত বুধবাৰে লোকসেৱা ভৱনত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ অধ্যক্ষতাত উচ্চপদস্থ বিষয়াসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কেবিনেটৰ সিদ্ধান্ত আৰু নিৰ্বাচনী সংকল্পপত্ৰ অনুসৰি এই ২ লাখ নিযুক্তিৰ প্ৰক্ৰিয়াটো কিদৰে আগবঢ়াই নিয়া হ’ব, তাক লৈ বৈঠকত বিশদ আলোচনা কৰা হয়। ইয়াৰ বাবে পূৰ্বে গঠন কৰি দিয়া বিশেষ টাস্ক ফ’ৰ্চে অনাগত দিনত ল’বলগীয়া কাৰ্যপন্থাৰ ওপৰত আলোকপাত…
Read More
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ সিদ্ধাৰামাইয়াৰ, শিৱকুমাৰ হ’ব নতুন মুখ্যমন্ত্ৰী

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ সিদ্ধাৰামাইয়াৰ, শিৱকুমাৰ হ’ব নতুন মুখ্যমন্ত্ৰী

দক্ষিণ ভাৰতৰ গুৰুত্বপূৰ্ণ ৰাজ্য কৰ্ণাটকৰ শাসনভাৰক লৈ দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ মাজতে অৱশেষত সলনি হ’ল ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট। নতুন দিল্লীত দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত তেওঁ চিধাই ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ পত্ৰ অৰ্পণ কৰে। দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, এই চৰম সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ চৰকাৰী বাসগৃহত কেবিনেট সতীৰ্থসকলৰ বাবে এখন প্ৰাতঃভ্ৰমণকালীন বৈঠকৰ আয়োজন কৰে। সেই বিশেষ আহাৰ গ্ৰহণৰ সময়তে তেওঁ সকলো মন্ত্ৰীক দিল্লীৰ আলোচনাৰ সবিশেষ জনোৱাৰ লগতে নিজৰ পদত্যাগৰ বিষয়েও অৱগত কৰে।…
Read More
ফ্ৰেন্স অ’পেনৰ তৃতীয় ৰাউণ্ডত ন’ভাক জ’কভিচ

ফ্ৰেন্স অ’পেনৰ তৃতীয় ৰাউণ্ডত ন’ভাক জ’কভিচ

ফ্ৰেন্স অ’পেন ২০২৬ৰ পুৰুষৰ একক শাখাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে তিনিবাৰৰ চেম্পিয়ন তথা বিশ্বৰ প্ৰাক্তন এক নম্বৰ স্থানত থকা ন’ভাক জ’কভিচে। তৃতীয় স্থানৰ জ’কভিচে ৰয়ৰৰ বিৰুদ্ধে ৬-৩, ৬-২, ৬-৭(৯), ৬-৩ ত জয়লাভ কৰে। তৃতীয় ছেটৰ টাই ব্ৰেকত ৬/৫ ত মেচ পইণ্ট অপচয় কৰিছিল যদিও তিনি ঘণ্টা ২৮ মিনিটৰ মেচত ৰয়ৰক পৰাস্ত কৰে। কেৰিয়াৰত অভিলেখ সৃষ্টিকাৰী ২৪খন গ্ৰেণ্ড শ্লেম জয় কৰা চেম্পিয়নগৰাকীয়ে এই বছৰ ক্লেত মাত্ৰ এখন মেচ খেলি ফ্ৰেন্স অ’পেনত প্ৰৱেশ কৰে। মাৰ্চ মাহত ইণ্ডিয়ান ৱেলছ অ’পেনত হোৱা আঘাতৰ বাবে তেওঁ ৬ সপ্তাহতকৈ অধিক সময় খেলিব নোৱাৰিলে। ফ্ৰেন্স অ’পেনৰ প্ৰথম দুখন মেচত ফ্ৰান্সৰ খেলুৱৈৰ পৰা কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল।…
Read More
ঈদৰ দিনাই আমেৰিকাৰ লজ্জাজনক কাণ্ড

ঈদৰ দিনাই আমেৰিকাৰ লজ্জাজনক কাণ্ড

ঈদৰ দিনাই আমেৰিকাৰ লজ্জাজনক কাণ্ড। ইৰানত ভয়ংকৰ আক্ৰমণ কৰি বিশ্বক লজ্জানত কৰিলে ট্ৰাম্পে। নিশা ইৰানৰ বন্দৰ আব্বাছ চহৰত ভয়ংকৰ এয়াৰষ্ট্ৰাইক। আমেৰিকাৰ বাণিজ্যিক জাহাজৰ বাবে ভাবুকিপূর্ণ ইৰানৰ সেনাৰ ঘাটিত আক্রমণ। আমেৰিকাই ধ্বংস কৰিলে ইৰানৰ কেইবাখনো ড্রোণ। ঈদৰ দিনাই ইৰানত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। ভংগ হ'ল ইৰান-আমেৰিকাৰ অস্থায়ী যুদ্ধবিৰতি।
Read More
বাল্য বিবাহৰ বিৰুদ্ধে সোণাৰি আৰক্ষীৰ অভিযান

বাল্য বিবাহৰ বিৰুদ্ধে সোণাৰি আৰক্ষীৰ অভিযান

বাল্য বিবাহৰ বিৰুদ্ধে সোণাৰি আৰক্ষীৰ অভিযান।বিধানসভাত UCC গৃহীত হোৱাৰ পাছতেই সোণাৰিত আটক এজন।বাল্যবিবাহৰ অভিযোগত আটকাধীন যুৱকজনৰ নাম বিপ্লৱ খাকলাৰী।সোণাৰিৰ জুটুলনীৰ পৰা আটক কৰা হৈছে যুৱকজনক ।
Read More
গাজাত পুনৰ আক্ৰমণ

গাজাত পুনৰ আক্ৰমণ

পশ্চিম এছিয়াত অব্যাহত যুদ্ধৰ মাজতে ইজৰাইলে গাজাত আক্ৰমণ চলাই দুটা কুখ্যাত সন্ত্ৰাসবাদীক ধৰাশায়ী কৰে। কুখ্যাত সন্ত্ৰাসবাদী দুটাক এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে হত্যা কৰা বুলি দাবী কৰিছে ইজৰাইলে। ইজৰাইল সেনাই কয় যে- উত্তৰ গাজাত চলোৱা এয়াৰ ষ্ট্ৰাইকত সন্ত্ৰাসবাদী দুটাৰ মৃত্যু হোৱাৰ লগতে সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছে।ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ইজৰাইলৰ সেনা বাহিনীয়ে দাবী কৰে যে- তেওঁলোকে হমাছৰ নতুন মিলিটাৰী মুৰব্বী মহম্মদ ওদেহক ধৰাশায়ী কৰিছে। ২০২৩ৰ ৭ অক্টোবৰত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড আছিল ওদেহ।
Read More
মিঠা আলুৰ উপকাৰী গুণৰ বিষয়ে জানেনে

মিঠা আলুৰ উপকাৰী গুণৰ বিষয়ে জানেনে

মিঠা আলু হৈছে প্ৰাকৃতিক পুষ্টিৰ ভঁৰাল। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন (A, C, E), ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট থাকে। ই হজমশক্তি বঢ়ায়, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, চকুৰ দৃষ্টিশক্তি উন্নত কৰে আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে।মিঠা আলুৰ স্বাস্থ্যগত উপকাৰিতাৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ভিটামিন A আৰু C ৰ উপস্থিতিৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি বঢ়ায়।হজম শক্তি উন্নত কৰে: মিঠা আলুত প্ৰচুৰ পৰিমাণে আঁহ বা ফাইবাৰ থাকে যিয়ে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে আৰু পাচন তন্ত্ৰ সুস্থ ৰাখে।দৃষ্টিশক্তি উন্নত কৰে: বিটা-কেৰটিন (Beta-carotene) যুক্ত এই আলুটো চকুৰ বাবে অত্যন্ত উপকাৰী।মগজুৰ স্বাস্থ্য: ইয়াত থকা এণ্টিঅক্সিডেণ্টে মগজুৰ কাৰ্যক্ষমতা…
Read More