Sonakshi Sarkar

1848 Posts
লতাশিলত বিহু সম্ৰাজ্ঞীৰ খিতাপ দখল সংগীতা ৰাভাৰ; বিহু কুঁৱৰী আৰু বিহুৰাণীৰ মুকুট জিকিলে কৃষ্ণা-বৰষাই

লতাশিলত বিহু সম্ৰাজ্ঞীৰ খিতাপ দখল সংগীতা ৰাভাৰ; বিহু কুঁৱৰী আৰু বিহুৰাণীৰ মুকুট জিকিলে কৃষ্ণা-বৰষাই

লতাশিলৰ গৌৰৱোজ্জ্বল মঞ্চত এই বৰ্ষৰ শ্ৰেষ্ঠ বিহুৱতীৰ খিতাপ জয় কৰি নতুন ইতিহাস ৰচিলে গুৱাহাটীৰ সংগীতা ৰাভাই। ৰাজ্যৰ অন্যতম ঐতিহ্যমণ্ডিত ৭৫ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ ২০২৬ বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ যুঁজত কেইবাগৰাকীও দক্ষ প্ৰতিযোগীক চেৰ পেলাই সংগীতা ৰাভাই এই সন্মান আজুৰি আনিবলৈ সক্ষম হয়। শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে লতাশিল খেলপথাৰত উপস্থিত হাজাৰ হাজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি সংগীতাই নিজৰ যোগ্যতা প্ৰমাণ কৰে। বিহু সম্ৰাজ্ঞীৰ খিতাপ জয় কৰা সংগীতা ৰাভাই পুৰস্কাৰ হিচাপে লাভ কৰে এটি উজ্জ্বল মুকুট, বিহু সম্ৰাজ্ঞী দণ্ড আৰু নগদ ১,৭১,১০১ টকা। ইয়াৰ উপৰিও তেওঁক সোণৰ গহণা, টেলিভিছন, ফ্ৰীজ আৰু ৱাশ্বিং মেচিনসহ বহুতো আকৰ্ষণীয় উপহাৰেৰে সন্মানিত কৰে উদ্যোক্তাসকলে। উল্লেখ্য যে, এইবাৰ লতাশিলৰ এই সন্মানীয়…
Read More
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ; ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ’ল শুনানি প্ৰক্ৰিয়া

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ; ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ’ল শুনানি প্ৰক্ৰিয়া

বিহুৰ বন্ধৰ বিৰতিৰ অন্তত ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ’ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ শুনানি। ছিংগাপুৰত সংঘটিত এই চাঞ্চল্য্যকৰ ঘটনাৰ সন্দৰ্ভত শুকুৰবাৰৰ পৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপৰ প্ৰক্ৰিয়া আগবাঢ়ে। শুনানি কালত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই তদন্তৰ অনুমোদনক লৈ সৃষ্টি হোৱা আইনী জটিলতাৰ বিৰুদ্ধে আদালতত তীব্ৰ প্ৰত্যাহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা তদন্তৰ অনুমোদনত বিসংগতি থকা বুলি অভিযুক্ত পক্ষৰ অধিবক্তাই পূৰ্বে কৰা দাবী পোনপটীয়াকৈ নস্যাৎ কৰে মহাধিবক্তা দেৱজিৎ শইকীয়াই। শুকুৰবাৰে আদালতত যুক্তি দৰ্শাই শইকীয়াই কয় যে এই অনুমোদন প্ৰক্ৰিয়াত কোনো ধৰণৰ ত্ৰুটি ৰৈ যোৱা নাই। গোচৰটোত যাতে কোনো আইনী গাফিলতি নাথাকে, তাৰ বাবে জিয়াউল কামাৰৰ…
Read More
মহিলা সংৰক্ষণ বিধেয়কৰ পতন; বিৰোধীক ‘নাৰী বিৰোধী’ আখ্যা দি সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মহিলা সংৰক্ষণ বিধেয়কৰ পতন; বিৰোধীক ‘নাৰী বিৰোধী’ আখ্যা দি সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লোকসভাৰ মজিয়াত মহিলা সংৰক্ষণ বিধেয়ক ধৰাশায়ী হোৱাক লৈ এতিয়া বিৰোধীৰ বিৰুদ্ধে খড়্গহস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শাসনৰ ১২ বছৰীয়া ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সংসদত চৰকাৰী বিধেয়ক এখনৰ এনে লজ্জাজনক পতনক লৈ সমগ্ৰ দেশতে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ সূচনা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই ১৭ এপ্ৰিলৰ দিনটোক সংসদীয় ইতিহাসৰ এক ‘কলা দিন’ বুলি অভিহিত কৰি বিৰোধীৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে। সামাজিক মাধ্যম এক্সত এক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়া আক্ৰমণ চলাই বিৰোধী দলসমূহক দোষী সাব্যস্ত কৰে। শৰ্মাই কয়, "এই পৰাজয়ৰ জৰিয়তে বিৰোধীৰ প্ৰকৃত মুখখন ওলাই পৰিল; তেওঁলোকে কেতিয়াও মহিলাসকলক অধিক ৰাজনৈতিক শক্তি দিয়াটো নিবিচাৰে।" মহিলাসকলক উচিত ৰাজনৈতিক অংশীদাৰিত্ব প্ৰদানৰ ক্ষেত্ৰত বিৰোধীৰ কোনো আন্তৰিকতা নাই…
Read More
সংসদত চৰকাৰৰ পৰাজয়! মহিলা সংৰক্ষণ বিধেয়ক পালে না অনুমোদন

সংসদত চৰকাৰৰ পৰাজয়! মহিলা সংৰক্ষণ বিধেয়ক পালে না অনুমোদন

কেন্দ্ৰীয় চৰকাৰৰ ১২ বছৰীয়া সংসদীয় ইতিহাসত মচি পেলাব নোৱাৰা এক দাগ সানিলে বিৰোধীয়ে। লোকসভাত প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছতেই শুকুৰবাৰে সন্ধিয়া চৰকাৰৰ আটাইতকৈ অভিলাষী 'নাৰী শক্তি বন্দন অধিনিয়ম' অৰ্থাৎ মহিলা সংৰক্ষণ বিধেয়কখন ধৰাশায়ী হয়। নিৰ্বাচনৰ পূৰ্বে চৰকাৰী পক্ষৰ বাবে এই আইনী পৰাজয় এক বৃহৎ ৰাজনৈতিক মোক্ষম আঘাত হিচাপে চিহ্নিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'বিবেক ভোট'ৰ আৱেদন আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আশ্বাসক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰে ঐক্যবদ্ধ বিৰোধীয়ে। সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিধেয়কখনৰ সপক্ষে ২৯৮ টা ভোট পৰাৰ বিপৰীতে ইয়াৰ বিৰোধিতা কৰে ২৩০ গৰাকী সাংসদে। বিধেয়কখন গৃহীত হ’বলৈ নিম্ন সদনত ৩৫২ গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন আছিল যদিও বিৰোধীৰ অনমনীয়…
Read More
পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ

পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ

চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক - অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা গুৱাহাটীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোেক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্রমে - বৰগাং, নালাপাৰা, নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও। এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত বৈদ্যুতিক অভিযন্তা মনীন ৰাজাই…
Read More
আই পি এল খেলাৰ অনুমতি লাভ কৰিলে পেট কামিন্সে

আই পি এল খেলাৰ অনুমতি লাভ কৰিলে পেট কামিন্সে

ছিডনীত শেহতীয়া স্কেনৰ পিছত অষ্ট্ৰেলিয়াৰ বেগী বলাৰ পেট কামিন্সক কোনো ধৰণৰ বাধা অবিহনে বলিং কৰিবলৈ অনুমতি দিয়া হৈছে, যাৰ ফলত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)লৈ ঘূৰি অহাৰ পথ মুকলি হৈছে। বুধবাৰে স্কেনত নিশ্চিত কৰা হৈছে যে যোৱা বছৰৰ আগষ্টৰ পিছত তেওঁক মাত্ৰ এখন পেছাদাৰী মেচতে সীমাবদ্ধ কৰি ৰখা পিঠিৰ মানসিক চাপৰ আঘাৰ পৰা এতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈছে।শীঘ্ৰে ভাৰতলৈ উভতি আহি আই পি এলৰ বাকী অংশৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে যোগ দিয়াৰ সম্ভাৱনা আছে অষ্ট্ৰেলিয়াৰ বেগী বলাৰগৰাকীৰ। যদিও ছানৰাইজাৰ্ছে এই সপ্তাহৰ শেষৰ ফালে চেন্নাই ছুপাৰ কিংছ আৰু অহা বুধবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে ঘৰুৱা মেচ খেলিব, তথাপিও কামিন্স উভতি অহাৰ পিছতো…
Read More
সংসদত বিতৰ্ক চলি থাকোঁতেই মাজনিশা কাৰ্যকৰী মহিলা সংৰক্ষণ আইন ২০২৩

সংসদত বিতৰ্ক চলি থাকোঁতেই মাজনিশা কাৰ্যকৰী মহিলা সংৰক্ষণ আইন ২০২৩

দেশৰ সংসদত মহিলাৰ আসন সংৰক্ষণক লৈ চলি থকা তীব্ৰ বাদানুবাদৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে হঠাতে কাৰ্যকৰী কৰিলে ২০২৩ চনৰ সেই পুৰণি আইনখন। লোকসভাত আসন বৃদ্ধি সংক্রান্তীয় নতুন সংবিধান সংশোধনী বিলৰ ওপৰত আলোচনা চলি থকাৰ মুহূৰ্ততে জাৰি কৰা হৈছে এই বিশেষ চৰকাৰী অধিসূচনা। কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ মতে ১০৬তম সংবিধান সংশোধনী আইনখন যোৱা ১৬ এপ্ৰিলৰ পৰাই সমগ্ৰ দেশতে বলৱৎ হৈছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰই মহিলা সংৰক্ষণৰ এই ঐতিহাসিক বিলখন গৃহীত কৰিছিল। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সন্মতি দিয়াৰ পাছতো আঢ়ৈ বছৰ ধৰি স্থবিৰ হৈ থকা এই আইনখনক লৈ আজি গ্ৰহণ কৰা হৈছে এক তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত। চৰকাৰী গেজেটত আজি অধিসূচনা প্ৰকাশ কৰি…
Read More
চত্তীশগড় বিস্ফোৰণত তীব্ৰ চাঞ্চল্য, অনিল আগৰৱালৰ বিৰুদ্ধে অভিযোগ নিবন্ধন

চত্তীশগড় বিস্ফোৰণত তীব্ৰ চাঞ্চল্য, অনিল আগৰৱালৰ বিৰুদ্ধে অভিযোগ নিবন্ধন

কৰ বয়লাৰ বিস্ফোৰণত ২০ জনকৈ শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চত্তীশগড়তে বৰ্তমান বিৰাজ কৰিছে তীব্ৰ উত্তেজনা। সক্তী জিলাৰ বেদান্ত লিমিটেডৰ তাপবিদ্যুৎ কেন্দ্ৰত সংঘটিত এই শোকাৱহ কাণ্ডত আৰক্ষীয়ে আজি প্ৰতিষ্ঠানটোৰ অধ্যক্ষ অনিল আগৰৱাল আৰু পৰিচালক দেৱেন্দ্ৰ পেটেলসহ ১০ জন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সক্তী জিলাৰ আৰক্ষী অধীক্ষক প্ৰফুল্ল ঠাকুৰে জানিবলৈ দিয়া মতে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও গুৰুতৰ ধাৰাত এই গোচৰ ৰুজু কৰা হৈছে। কৰ্তব্যত গাফিলতি আৰু যন্ত্ৰপাতি পৰিচালনাত কৰা চৰম অসাৱধানতাৰ বাবেই আৰম্ভ কৰিছে এই বিশেষ আইনী প্ৰক্ৰিয়া। তদন্তৰ অগ্ৰগতিৰ লগে লগে এই ঘটনাৰ সৈতে জড়িত অধিক ব্যক্তিৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।…
Read More
অমৃতপাল সিংক ডিব্ৰুগড় জেলত ৰাখাৰ দাবী, উচ্চ ন্যায়ালয়ৰ কাষ চাপিল পঞ্জাৱ চৰকাৰ

অমৃতপাল সিংক ডিব্ৰুগড় জেলত ৰাখাৰ দাবী, উচ্চ ন্যায়ালয়ৰ কাষ চাপিল পঞ্জাৱ চৰকাৰ

ডিব্ৰুগড় কাৰাগাৰতে ৰখা হওক খালিস্তানী নেতা অমৃতপাল সিঙক। এই অনুৰোধেৰে শেহতীয়াকৈ পঞ্জাৱ চৰকাৰে বৃহস্পতিবাৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত এখন নতুন আবেদন দাখিল কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত থকা সাংসদগৰাকীৰ আটকৰ সময়সীমা অহা ২২ এপ্ৰিলত অন্ত পৰিব বাবে চৰকাৰে এই আইনী তৎপৰতা আৰম্ভ কৰিছে। পঞ্জাৱ চৰকাৰৰ হৈ অধিবক্তাই মুখ্য ন্যায়াধীশ শীল নাগুৰ বিচাৰপীঠক জনায় যে চৰকাৰে অমৃতপালক পুনৰ গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰতে জিম্মাত ৰাখিব বিচাৰে। চোৰাংচোৱা সংস্থাৰ তথ্য আৰু নিৰাপত্তাজনিত কাৰণ দৰ্শাই ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা আদালতক অৱগত কৰে। অমৃতপালৰ অধিবক্তা ইমান সিং খাৰাই জনায় যে উচ্চ ন্যায়ালয়ে শুক্ৰবাৰে এই আৱেদনৰ শুনানি গ্ৰহণ কৰিব। ইফালে উচ্চ ন্যায়ালয়ে…
Read More
ট্ৰংলোবি ব্লাষ্ট তদন্তত অগ্ৰগতি: এনআইএৰ জালত পৰিল ৫ সন্দেহভাজন উগ্ৰপন্থী

ট্ৰংলোবি ব্লাষ্ট তদন্তত অগ্ৰগতি: এনআইএৰ জালত পৰিল ৫ সন্দেহভাজন উগ্ৰপন্থী

মণিপুৰৰ ট্ৰংলোবিত অলপতে সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণৰ তদন্ত চলাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনআইএ-য়ে আজি পাঁচজন সন্দেহযুক্ত উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যখনৰ শেহতীয়া অশান্ত পৰিৱেশৰ মাজত কূটাঘাতমূলক কাৰ্যৰ সৈতে জড়িত শক্তিসমূহক উৎখাত কৰিবলৈ তদন্তকাৰী সংস্থাটোৱে বৰ্তমান অভিযান তীব্ৰতৰ কৰি তুলিছে। গৃহ মন্ত্ৰী গোবিন্দাস কোন্থৌজামে মন্ত্ৰীপুখুৰীস্থিত সচিবালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে। মণিপুৰৰ ট্ৰংলোবি বিস্ফোৰণৰ অগ্ৰগতিৰ সন্দৰ্ভত গৃহ মন্ত্ৰী গোবিন্দাস কোন্থৌজামে কয়, "এই ঘটনাত জড়িত থকাৰ সন্দেহত এতিয়ালৈকে 'ইউনাইটেড কুকি নেশ্যনেল আৰ্মী'ৰ পাঁচজন কেডাৰক এনআইএ-য়ে কৰায়ত্ত কৰিছে।" তদন্ত যিমানেই আগবাঢ়িব সিমানেই বিস্ফোৰণৰ আঁৰৰ ৰহস্য পোহৰলৈ আহিব বুলিও তেওঁ জানিবলৈ দিয়ে। আনহাতে বিষ্ণুপুৰৰ থিনুংগেইত শেহতীয়াকৈ হোৱা ৰাইজ আৰু নিৰাপত্তা বাহিনীৰ সংঘাতৰ…
Read More