Sonakshi Sarkar

1848 Posts
বংগত সন্ত্ৰাস আৰু দুৰ্নীতিৰ পৰা মুক্তি বিচাৰিছে ৰাইজেঃ বংগত নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মা

বংগত সন্ত্ৰাস আৰু দুৰ্নীতিৰ পৰা মুক্তি বিচাৰিছে ৰাইজেঃ বংগত নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মা

পশ্চিমবংগত এতিয়া যুদ্ধংদেহী ৰূপত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে ৰাজ্যখনৰ তামলুকত এক নিৰ্বাচনী জনসভাত অংশ লৈ বিজেপি নেতাগৰাকীয়ে মমতা বেনাৰ্জীৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। শেহতীয়াকৈ লোকসভাত মহিলা আসন সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰা প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে মমতা বেনাৰ্জীয়ে এই স্থিতিৰে দেশৰ মহিলা সমাজক চৰম অপমান কৰিছে। বংগৰ নাৰী শক্তিয়ে নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও তেওঁ দাবী কৰে। নিৰ্বাচনী সভাখনত ৪ মে’ত চৰকাৰ পৰিৱৰ্তন হ’ব বুলি এক মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। মমতা বেনাৰ্জীয়ে বংগত সন্ত্ৰাসৰ শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে তৃণমূলৰ শাসনকালত চৌদিশে কেৱল…
Read More
মুখ্যমন্ত্ৰীৰ পত্নীক লৈ বিতৰ্কিত মন্তব্য; গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল পৱন খেৰাৰ

মুখ্যমন্ত্ৰীৰ পত্নীক লৈ বিতৰ্কিত মন্তব্য; গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল পৱন খেৰাৰ

মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কৰা বিস্ফোৰক মন্তব্যই এতিয়া চৰম বিপাঙত পেলাইছে নিখিল ভাৰত কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাক। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ একাধিক বিদেশী পাছপ’ৰ্ট আৰু বিদেশত গোপন সম্পত্তি থকা বুলি কৰা মন্তব্যৰ পাছতেই আৰক্ষীৰ জালত পৰাৰ আশংকাত এইবাৰ তেওঁ কাষ চাপিছে উচ্চ ন্যায়ালয়ৰ। অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে ৰজু কৰা এক ফৌজদাৰী গোচৰত গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পাবলৈ সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আগতীয়া জামিন আবেদন দাখিল কৰে কংগ্ৰেছ নেতা পৱন খেৰাই। আদালতৰ পঞ্জীয়কৰ ওচৰত ইতিমধ্যে এই আবেদন পঞ্জীয়ন হৈছে আৰু অতি শীঘ্ৰেই এক উপযুক্ত বিচাৰপীঠৰ সন্মুখত ইয়াৰ শুনানি হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে অপপ্ৰচাৰ…
Read More
গুৱাহাটীত কৃত্ৰিম বান সমস্যা তীব্ৰ; জনসাধাৰণৰ সহযোগিতা বিচাৰি আহ্বান জয়ন্ত মল্ল বৰুৱাৰ

গুৱাহাটীত কৃত্ৰিম বান সমস্যা তীব্ৰ; জনসাধাৰণৰ সহযোগিতা বিচাৰি আহ্বান জয়ন্ত মল্ল বৰুৱাৰ

এজাক বৰষুণতে মহাসাগৰত পৰিণত হ’ল স্মাৰ্ট চিটী গুৱাহাটী। মহানগৰীৰ চুকে-কোণে সৃষ্টি হোৱা ভয়াৱহ কৃত্ৰিম বানত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা। এই দুৰ্বিষহ পৰিস্থিতিৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনসাধাৰণৰ সহযোগিতা আৰু সজাগতাৰ বাবে বিশেষ আহ্বান জনায়। এক সামাজিক মাধ্যমৰ পোষ্টত মন্ত্ৰীগৰাকীয়ে কয় যে সন্ধিয়াৰ পৰা গভীৰ নিশালৈ হোৱা অভূতপূৰ্ব বৰষুণৰ ফলত চহৰখনৰ সৰহসংখ্যক এলেকা এতিয়া জলমগ্ন। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই অহৰহ কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। ইফালে, বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত কেইদিনমানৰ বাবে সমগ্ৰ অসমতে বৰষুণৰ ধাৰা অব্যাহত থাকিব বুলি আগজাননী প্ৰদান কৰিছে। কেইবাখনো জিলাত বজ্ৰপাত আৰু ধুমুহাৰ সম্ভাৱনা থকা বুলি…
Read More
নিৰাপত্তা বিঘ্নিত কৰাৰ অভিযোগত ইম্ফলত ১৯ জনক আটক; সান্ধ্য আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ মণিপুৰ আৰক্ষী

নিৰাপত্তা বিঘ্নিত কৰাৰ অভিযোগত ইম্ফলত ১৯ জনক আটক; সান্ধ্য আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ মণিপুৰ আৰক্ষী

সান্ধ্য আইন উলংঘন কৰি ৰাজহুৱা সম্পত্তিৰ হানি কৰাৰ অভিযোগত মণিপুৰ আৰক্ষীয়ে ১৯ জন ব্যক্তিক আটক কৰিছে। ১৯ এপ্ৰিলত বৃহত্তৰ ইম্ফল অঞ্চলৰ বিভিন্ন স্থানত চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে এই লোকসকলক কৰায়ত্ত কৰে। জানিব পৰা মতে, ধৃত ব্যক্তিসকলে সান্ধ্য আইনৰ মাজতে পথ অৱৰোধ কৰি বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে চৰকাৰী সম্পত্তিৰো ক্ষতিসাধন কৰিছিল। আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই জনোৱা মতে, সংবেদনশীল অঞ্চলসমূহত শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে প্ৰশাসনে। বিভিন্ন স্থানত পথ অৱৰোধ কৰাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষীয়ে সমন্বিতভাৱে এই তালাচী অভিযান চলায়। আটক কৰা লোকসকলৰ ভিতৰত ৩৩ বছৰীয়া নংথোমবাম লোলিন মিতেই, ২৮ বছৰীয়া চামুৰাইলটপম শিবানন্দ শৰ্মা, চিলিমপোকপম…
Read More
মণিপুৰত বৃহৎ প্ৰতিবাদী সমদল

মণিপুৰত বৃহৎ প্ৰতিবাদী সমদল

মণিপুৰত বন্ধৰ মাজতে দেওবাৰে নিশা কেইবাটাও অঞ্চলত বৃহৎ প্ৰতিবাদ হয়। ইম্ফল পূবৰ কইৰেংগী, ইম্ফল পশ্চিমৰ উৰিপক, আৰু কাকচিং জিলাত অগ্নিশিখা ৰেলী উলিয়ায়। ইয়াৰ মাজতে কাকচিংত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষও হয়। নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ, ষ্টন গ্ৰেনেডৰ সহায়ত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিছিল। প্ৰতিবাদকাৰীসকলেও শিলগুটি নিক্ষেপ কৰে। এই সংঘৰ্ষত আহত কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৬ এপ্ৰিলত ট্ৰংলাওবি আৱাং লেইকাইৰ এটা ঘৰত বোমা বিস্ফোৰণত দুটা শিশুৰ মৃত্যু হৈছিল। তেওঁলোকৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰেপিড একচন ফৰ্চ (আৰ এ এফ) মোতায়েন কৰা হয়।
Read More
প্ৰিমিয়াৰ লীগত আৰ্চেনালৰ বিৰুদ্ধে মানচেষ্টাৰ চিটিৰ জয়

প্ৰিমিয়াৰ লীগত আৰ্চেনালৰ বিৰুদ্ধে মানচেষ্টাৰ চিটিৰ জয়

মানচেষ্টাৰ চিটিয়ে আৰ্চেনালক ২-০ত পৰাস্ত কৰি প্ৰিমিয়াৰ লীগৰ খিতাপ প্ৰায় নিশ্চিত কৰিছে। দেওবাৰে ইতিহাদ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলত মানচেষ্টাৰ চিটিয়ে প্ৰিমিয়াৰ লীগৰ শীৰ্ষ দল আৰ্চেনালক ২-১ গ’লত পৰাস্ত কৰে। এই জয়ৰ লগে লগে মানচেষ্টাৰ চিটি আৰু আৰ্চেনালৰ মাজত এতিয়া মাত্ৰ তিনি পইণ্টৰ ব্যৱধান। পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে মানচেষ্টাৰ চিটি।খেলখনৰ আৰম্ভণিতে মানচেষ্টাৰ চিটিয়ে আক্ৰমণাত্মকভাৱে খেলে। ১৬ মিনিটত ৰিয়ান চেৰ্কিয়ে এটা সুন্দৰ গ’ল দি দলটোক অগ্ৰগতি প্ৰদান কৰে। অৱশ্যে ইয়াৰ পিছতে আৰ্চেনালে প্ৰত্যুত্তৰ দিয়ে। মানচেষ্টাৰ চিটিৰ গ’লৰক্ষক জিয়ানলুইজি ড’নাৰুমাৰ ভুলৰ সুযোগ লৈ কাই হাভাৰ্টজে এটা সুন্দৰ গ’ল দি ১-১ গ’লত সমতা স্থাপন কৰে। প্ৰথমাৰ্ধত স্ক’ৰলেছ হৈ থাকিল, আৰু স্ক’ৰ ১-১…
Read More
তৃতীয় বাৰ্ষিক এছ’চিয়েচন অৱ ৰবটিক এণ্ড ইনোভেটিভ চাৰ্জনছ (ARIS)২০২৬ সন্মিলন

তৃতীয় বাৰ্ষিক এছ’চিয়েচন অৱ ৰবটিক এণ্ড ইনোভেটিভ চাৰ্জনছ (ARIS)২০২৬ সন্মিলন

এছ'চিয়েচন অৱ ৰবটিক আৰু ইন’ভেটিভ চাৰ্জনছ( এ আৰ আই এছ ২০২৬)-ৰ বাৰ্ষিক সম্মিলনখন অনুষ্ঠিত হয়। এই সন্মিলনখন ভাৰত আৰু বিশ্বজুৰি ৰ’ব’টিক আৰু উদ্ভাৱনীমূলক শল্যচিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ মাইলষ্ট’ন হিচাপে পৰিগণিত। উল্লেখ‍্য, এ আৰ আই এছ ২০২২ চনত গুৱাহাটীতে জন্ম লৈছিল, সেয়া এক ধৰণৰ স্ব-গৃহত এইবেলি এই সন্মিলনৰ আয়োজন কৰা হয়। উদ্ভোধনী অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্রজ্বলন কৰা হয়।  অনুষ্ঠানত , মুখ্য অতিথি হিচাপে,উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব,ড° ৰবি কোটা,  সন্মানিত অতিথি হিচাপে, এইমছ  গুৱাহাটীৰ কাৰ্যর্বাহী সঞ্চালক ড° অশোক পুৰাণিক, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ছুপ্ৰিম ক'ৰ্টৰ সন্মানীয় ন্যায়াধীশ উজ্জল ভূঞা উপস্থিত থাকে।সম্মিলনে ৰবটিক, লেপাৰ’স্ক’পিক আৰু এণ্ড’স্ক’পিক শল্যচিকিৎসাৰ অগ্ৰণী ৰাষ্ট্ৰীয় আৰু…
Read More
শ্ৰীনগৰ বিমান বন্দৰত দুই আমেৰিকান নাগৰিক আটক; উদ্ধাৰ নিষিদ্ধ ছেটেলাইট ফোন

শ্ৰীনগৰ বিমান বন্দৰত দুই আমেৰিকান নাগৰিক আটক; উদ্ধাৰ নিষিদ্ধ ছেটেলাইট ফোন

নিষিদ্ধ ছেটেলাইট ফোন কঢ়িওৱাৰ অপৰাধত শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দেওবাৰে আৰক্ষীয়ে আটক কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই নাগৰিকক। যাত্ৰীদ্বয়ৰ মালবস্তু নিয়মীয়া তালাচী চলাই থকাৰ সময়তে সুৰক্ষা কৰ্মীয়ে উদ্ধাৰ কৰে এই নিষিদ্ধ যন্ত্ৰসমূহ। আটক কৰা ব্যক্তি দুজনৰ এজনক মন্টানাৰ বাসিন্দা জেফ্ৰি স্কট প্ৰেথাৰ বুলি চিনাক্ত কৰা হৈছে। ছেটেলাইট ফোন উদ্ধাৰ হোৱাৰ লগে লগে বিমান বন্দৰৰ সুৰক্ষা বিষয়াসকলে তেওঁলোকক জেৰা আৰম্ভ কৰে। প্ৰাথমিক সোধা-পোছাৰ অন্তত যাত্ৰী দুজনক অধিক তদন্তৰ বাবে স্থানীয় আৰক্ষীক গতাই দিয়া হয়। জানিব পৰা মতে, তেওঁলোকৰ পৰা উদ্ধাৰ হোৱা যন্ত্ৰটো আছিল 'গাৰ্মিন' কোম্পানীৰ দ্বাৰা নিৰ্মিত এটা ছেটেলাইট ফোন। ভাৰতীয় টেলিগ্ৰাফ আইন অনুসৰি থুৰায়া বা ইৰিডিয়ামৰ দৰে উপগ্ৰহীয় যোগাযোগ সঁজুলি চৰকাৰী…
Read More
চলন্ত বাছৰ পৰা পৰি কিশোৰীৰ কৰুণ মৃত্যু; অৰুণাচলৰ পশ্চিম চিয়াঙত শোকৰ ছাঁ

চলন্ত বাছৰ পৰা পৰি কিশোৰীৰ কৰুণ মৃত্যু; অৰুণাচলৰ পশ্চিম চিয়াঙত শোকৰ ছাঁ

চলন্ত স্কুল বাছৰ পৰা বাগৰি পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে। অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দৰকাৰ সমীপত শনিবাৰে বিয়লি সংঘটিত হয় এই হৃদয়বিদাৰক দুৰ্ঘটনা। জানিব পৰা মতে, বাছখন সম্পূৰ্ণৰূপে ৰৈ নৌপাৱোতেই নামিবলৈ চেষ্টা কৰাৰ ফলতে মৃত্যুক সাৱটি লয় ছি-য়োমি জিলাৰ লুংটে গাঁৱৰ বাসিন্দা ন্যায়িৰ কামেই। চালকৰ অসাৱধানতাৰ বাবেই এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই। আলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষী মেনাই জনোৱা মতে, পূব চিয়াং জিলাৰ পাছিঘাটৰ পৰা একাংশ শিক্ষাৰ্থীক কঢ়িয়াই লৈ আহিছিল এখন স্কুল বাছে। মৃত ন্যায়িৰ কামেও লেপাৰাডা জিলাৰ বাছাৰত গীৰ্জাই আয়োজন কৰা এটা যুৱ শিবিৰত অংশ লৈ নিজ গৃহলৈ উভতি…
Read More
ইৰানক পুনৰ ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

ইৰানক পুনৰ ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

বুধবাৰৰ ভিতৰত ইৰানৰ সৈতে বৃহৎ চুক্তিত উপনীত নহ’লে ইৰানত পুনৰ বোমা বিস্ফোৰণ কৰা হ’ব বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সাংবাদিকসকলে ড’নাল্ড ট্ৰাম্পক প্ৰশ্ন কৰে যে যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰিব নেকি? ট্ৰাম্পে উত্তৰত কয়-মই হয়তো ইয়াক বৃদ্ধি নকৰো। কিন্তু অৱৰোধ অব্যাহত থাকিব। দুৰ্ভাগ্যজনকভাৱে আমি পুনৰ বোমা বিস্ফোৰণ আৰম্ভ কৰিব লাগিব। ড’নাল্ড ট্ৰাম্পে।এই মন্তব্য এনে সময়ত কৰিছে যি সময়ত দুয়োখন দেশৰ মাজত চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা অধিক হৈ আছে। ড’নাল্ড ট্ৰাম্পে লগতে কয়-তেওঁ আজি বহুত ভাল খবৰ পাইছে। মধ্যপ্ৰাচ্যত ইৰানৰ সৈতে পৰিস্থিতি উন্নত হোৱাৰ দিশে আগবাঢ়িছে। মন কৰিবলগীয়া যে প্ৰথম ৰাউণ্ডৰ আলোচনা পাকিস্তানৰ ইছলামাবাদত হৈছিল যদিও কোনো চুক্তি স্বাক্ষৰ হোৱা…
Read More