06
May
কেন্দ্রীয় চৰকাৰে বন্দে মাতৰামক ৰাষ্ট্ৰীয় সংগীত "জন গণ মন"ৰ দৰে মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ জয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত লোৱা হয়। সভাত ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন সংশোধনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।কেবিনেটৰ সিদ্ধান্ত অনুসৰি বংকিম চন্দ্ৰ চেটাৰ্জীৰ ৰচনা কৰা বন্দে মাতৰমৰ ক্ষেত্ৰতো বৰ্তমান ৰাষ্ট্ৰীয় সংগীতৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা একে নিয়ম আৰু নিষেধাজ্ঞা প্ৰযোজ্য হ’ব। অৰ্থাৎ ইয়াৰ গায়ন-বায়নত অপমান বা বাধা দিলে শাস্তি হ’ব। বৰ্তমান ৰাষ্ট্ৰীয় পতাকা, সংবিধান, জাতীয় সংগীতক অপমান কৰিলে কাৰাদণ্ড, জৰিমনা, বা দুয়োটাৰে শাস্তি, এতিয়া বন্দে মাতৰমকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব। বন্দে মাতৰমৰ ১৫০…
