09
May
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত এক বিৰল আৰু ৰোমাঞ্চকৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল এদল পৰ্যটক। ৰাষ্ট্ৰীয় উদ্যানখনত ছাফাৰী কৰি থকাৰ সময়তে পৰ্যটকসকলে পোনপ্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে বিলুপ্তপ্ৰায় প্ৰজাতিৰ এটা ঘঁৰিয়াল। বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলু কেম্পৰ সমীপত পৰ্যটকৰ দলটোৱে এই দৃশ্য প্ৰত্যক্ষ কৰাৰ লগতে কেমেৰাতো আৱদ্ধ কৰিবলৈ সক্ষম হয়। ট্যুৰিষ্ট গাইড শিশুকান্ত নাথে পৰ্যটক দিগন্ত কুমাৰ শৰ্মাৰ সৈতে পুৱাৰ ভাগত ভ্ৰমণ কৰি থকাৰ সময়তে এই বিৰল দৃশ্যটো দেখা পায়। প্ৰথমে ডিফলু নদীৰ পাৰত হাতীয়ে পানী খাই থকা দেখি তেওঁলোকে গাড়ীখন ৰখাইছিল। তাৰ কিছু সময়ৰ পাছতেই নদীখনত এটা ঘঁৰিয়াল উপঙি থকা প্ৰত্যক্ষ কৰে পৰ্যটকসকলে। কাজিৰঙাত সাধাৰণতে এনেদৰে ঘঁৰিয়াল দেখা পোৱাটো অতি বিৰল ঘটনা…
