অসমত শেহতীয়া নিৰ্বাচনী বিপৰ্যয়ৰ পাছত এতিয়া দলীয় সংগঠনক পুনৰ সজীৱ কৰাৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে। দলটোৰ জ্যেষ্ঠ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে আজি ৰাজ্যত কংগ্ৰেছৰ এক ডাঙৰ সাংগঠনিক পৰিৱৰ্তনৰ কথা ঘোষণা কৰে। ৰাজ্যত বিজেপিৰ ক্ৰমবৰ্ধমান আধিপত্যৰ মাজতে গৌৰৱ গগৈয়ে শাসকীয় দলটোৱে অসমক নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।
বিজেপিক লক্ষ্য কৰি সাংসদগৰাকীয়ে কয় যে শাসকীয় দলটোৱে অসমক সমগ্ৰ দেশৰ বাবে এক ৰাজনৈতিক কৌশল পৰীক্ষা কৰা ‘পৰীক্ষাগাৰ’ হিচাপে ব্যৱহাৰ কৰিব বিচাৰে। তেওঁৰ মতে বিজেপিৰ লক্ষ্য হৈছে ‘এখন দেশ, এটা দল আৰু এক জনতা’ৰ নীতি প্ৰতিষ্ঠা কৰা। গৌৰৱ গগৈয়ে লগতে অভিযোগ কৰে যে আইনৰ অপব্যৱহাৰ আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহক নিজৰ দখলত ৰাখিহে বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰিব পাৰে। দেশৰ নিৰ্বাচন পৰিচালনা কৰা কৰ্তৃপক্ষসমূহৰ নিৰপেক্ষতাক লৈও তেওঁ এই প্ৰসংগত প্ৰশ্ন উত্থাপন কৰে।
নিৰ্বাচনী ফলাফল সন্দৰ্ভত নিজৰ ভুল স্বীকাৰ কৰি গৌৰৱ গগৈয়ে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়। ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰাত দলটো বিফল হোৱা বুলি স্বীকাৰ কৰি তেওঁ অতি সোনকালে ৰাজ্যজুৰি এক গণসংযোগ অভিযান আৰম্ভ কৰাৰ কথা সদৰী কৰে। কংগ্ৰেছক ৰাইজৰ হকে কাম কৰা এক শক্তিশালী বিকল্প হিচাপে গঢ়ি তুলিবলৈ তৃণমূল পৰ্যায়ৰ পৰা সংগঠনটো মজবুত কৰিবলৈ তেওঁ এতিয়া সংকল্পবদ্ধ হৈছে। জনস্বাৰ্থ জড়িত বিষয়ত চৰকাৰক সহযোগ কৰিব যদিও অন্যায় আৰু দমনমূলক নীতিৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
