কাজিৰঙাৰ বুঢ়াপাহাৰত বিৰল দৃশ্য: পৰ্যটকৰ কেমেৰাত বন্দী ঘঁৰিয়াল

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত এক বিৰল আৰু ৰোমাঞ্চকৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল এদল পৰ্যটক। ৰাষ্ট্ৰীয় উদ্যানখনত ছাফাৰী কৰি থকাৰ সময়তে পৰ্যটকসকলে পোনপ্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে বিলুপ্তপ্ৰায় প্ৰজাতিৰ এটা ঘঁৰিয়াল। বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলু কেম্পৰ সমীপত পৰ্যটকৰ দলটোৱে এই দৃশ্য প্ৰত্যক্ষ কৰাৰ লগতে কেমেৰাতো আৱদ্ধ কৰিবলৈ সক্ষম হয়।

ট্যুৰিষ্ট গাইড শিশুকান্ত নাথে পৰ্যটক দিগন্ত কুমাৰ শৰ্মাৰ সৈতে পুৱাৰ ভাগত ভ্ৰমণ কৰি থকাৰ সময়তে এই বিৰল দৃশ্যটো দেখা পায়। প্ৰথমে ডিফলু নদীৰ পাৰত হাতীয়ে পানী খাই থকা দেখি তেওঁলোকে গাড়ীখন ৰখাইছিল। তাৰ কিছু সময়ৰ পাছতেই নদীখনত এটা ঘঁৰিয়াল উপঙি থকা প্ৰত্যক্ষ কৰে পৰ্যটকসকলে। কাজিৰঙাত সাধাৰণতে এনেদৰে ঘঁৰিয়াল দেখা পোৱাটো অতি বিৰল ঘটনা হিচাপে বিবেচিত হৈছে।

বিশ্বজুৰি সংকটাসন্ন প্ৰজাতি হিচাপে চিহ্নিত ঘঁৰিয়াল বন্য অৱস্থাত অতি কম সংখ্যকহে দেখিবলৈ পোৱা যায়। বন্যপ্ৰেমীসকলৰ মতে, কাজিৰঙাত পৰ্যটকৰ কেমেৰাত ঘঁৰিয়াল বন্দী হোৱাৰ এয়াই সম্ভৱতঃ প্ৰথমটো ঘটনা। এই বিৰল দৃশ্যৰ ভিডিঅ’ আৰু আলোকচিত্ৰই ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

কেৱল এশিঙিয়া গঁড়ৰ বাবেই নহয়, কাজিৰঙা যে জৈৱ-বৈচিত্ৰ্যৰ এক চহকী ভাণ্ডাৰ তাক এই ঘটনাই পুনৰ প্ৰমাণ কৰিছে। এই বিৰল প্ৰত্যক্ষই অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশাপ্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে। বৰ্তমান এই ঘটনাই পৰ্যটকসকলৰ মাজতো বিশেষ উৎসাহৰ সৃষ্টি কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *