12
May
পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলত ব্যাপক ভোটাৰ কৰ্তনে প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা বুলি দাবী কৰিছে তৃণমূল কংগ্ৰেছে। নিৰ্বাচন আয়োগৰ 'বিশেষ নিবিড় সংশোধন' বা এছআইআৰ প্ৰক্ৰিয়াৰ বিসংগতিৰ অভিযোগ তুলি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় সদ্য ক্ষমতাচ্যুত তৃণমূল কংগ্ৰেছ। ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলক লৈ সৃষ্টি হোৱা এই বিতৰ্কই এতিয়া আইনী যুঁজৰ ৰূপ লৈছে। জ্যেষ্ঠ অধিবক্তা কল্যাণ বেনাৰ্জীয়ে আদালতত যুক্তি প্ৰদৰ্শন কৰি কয় যে ৰাজ্যখনৰ কমেও ৩১খন আসনত বিজেপি প্ৰাৰ্থীৰ জয়ৰ ব্যৱধানতকৈ কৰ্তন কৰা ভোটাৰৰ সংখ্যা অধিক আছিল। উদাহৰণস্বৰূপে, জংগীপাড়া সমষ্টিত তৃণমূল প্ৰাৰ্থীজন মাত্ৰ ৮৬২ টা ভোটত পৰাজিত হৈছিল যদিও সেই একেটা সমষ্টিতে প্ৰায় ৫,০০০ ভোটাৰৰ নাম কৰ্তন কৰা হৈছিল। এই কাৰ্যই নিৰ্বাচনী ফলাফলত এক বৃহৎ…
