Sonakshi Sarkar

1848 Posts
পৱন খেড়াৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ’ব কংগ্ৰেছ

পৱন খেড়াৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ’ব কংগ্ৰেছ

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কংগ্ৰেছ নেতা পৱন খেড়াৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব বুলি ঘোষণা কৰিছে। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে খেৰাৰ আগতীয়া জামিন আবেদন নাকচ কৰে। এই গোচৰটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সৈতে জড়িত। খেড়াই অভিযোগ কৰিছিল যে শৰ্মাৰ পত্নীৰ হাতত একাধিক পাছপ’ৰ্ট আছে আৰু বিদেশত অঘোষিত সম্পত্তি আছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইটাৰত লিখিছে-সমগ্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছে তেঁওলোকৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেড়াৰ সৈতে দৃঢ়তাৰে সংহতিৰে থিয় দিছে। তেওঁ লগতে কয়-উচ্চতম ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ প্ৰক্ৰিয়া চলি আছে।
Read More
পাকিস্তানৰ নিৰ্দেশত হিন্দু নেতাক হত্যাৰ ষড়যন্ত্ৰ; নয়ডাত এ টি এছৰ জালত আই এছ আইৰ দুই এজেণ্ট

পাকিস্তানৰ নিৰ্দেশত হিন্দু নেতাক হত্যাৰ ষড়যন্ত্ৰ; নয়ডাত এ টি এছৰ জালত আই এছ আইৰ দুই এজেণ্ট

সীমান্তৰ সিপাৰৰ পৰা পৰিচালিত এটা ভয়ংকৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ কূটাঘাতমূলক পৰিকল্পনা নসাৎ কৰিবলৈ সক্ষম হ’ল উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখা। বৃহস্পতিবাৰে নয়ডাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মীৰাটৰ তুষাৰ চৌহান ওৰফে হিজবুল্লাহ আলী খান আৰু দিল্লীৰ সমীৰ খান নামৰ দুই যুৱকক। পাকিস্তানী গেংষ্টাৰ আৰু চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে গোপন যোগাযোগ ৰাখি পশ্চিম উত্তৰ প্ৰদেশত কূটাঘাত সংঘটিত কৰাৰ বাবে তেওঁলোকক দায়িত্ব দিয়া হৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আৰক্ষীৰ জেৰাত এই দুই যুৱকৰ ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য পোহৰলৈ আহে। তেওঁলোকে ভাৰতৰ কেইবাজনো জ্যেষ্ঠ হিন্দু নেতাৰ তথ্য সংগ্ৰহ কৰিছিল আৰু তেওঁলোকক হত্যা কৰি সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ পৰিকল্পনা কৰিছিল। পাকিস্তানী গেংষ্টাৰ শাহজাদ ভাট্টি…
Read More
ভয়-ভাবুকি আৰু হাৰাশাস্তিৰ ৰাজনীতিৰ বিৰুদ্ধে ন্যায়ৰ জয় হ’বঃ পৱন খেৰাৰ পক্ষত থিয় দি মন্তব্য জয়ৰাম ৰমেশৰ

ভয়-ভাবুকি আৰু হাৰাশাস্তিৰ ৰাজনীতিৰ বিৰুদ্ধে ন্যায়ৰ জয় হ’বঃ পৱন খেৰাৰ পক্ষত থিয় দি মন্তব্য জয়ৰাম ৰমেশৰ

অসমৰ এক বিতৰ্কিত গোচৰত কংগ্ৰেছ নেতা পৱন খেৰাৰ আইনী জটিলতা বৃদ্ধি পোৱাৰ সময়তে তেওঁৰ পক্ষত থিয় দিছে কংগ্ৰেছ নেতৃত্ব। ভয়-ভাবুকি আৰু হাৰাশাস্তিৰ ৰাজনীতিৰ ওপৰত অৱশেষত ন্যায়ৰ জয় হ’ব। এই আত্মবিশ্বাস ব্যক্ত কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে। গুৱাহাটী উচ্চ ন্যায়ালয়ে খেৰাৰ আগতীয়া জামিন আবেদন খাৰিজ কৰাৰ পাছতে শনিবাৰে দলটোৰ নেতৃত্ব সৰব হৈ পৰা পৰিলক্ষিত হয়। বৰ্তমান সময়ত সমগ্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছ বৰ্তমান পৱন খেৰাৰ কাষত দৃঢ়তাৰে থিয় দিছে। জয়ৰাম ৰমেশে এক সামাজিক মাধ্যমৰ প’ষ্টত কয়, "দলৰ সংবাদ আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ সৈতে সমগ্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছ একাত্মতাৰে থিয় দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক ইতিমধ্যে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ…
Read More
ভাৰত হ’ব বিশ্বগুৰু; দেশৰ ভৱিষ্যতক লৈ কোনো সন্দেহ নকৰিবলৈ আহ্বান মোহন ভাগৱতৰ

ভাৰত হ’ব বিশ্বগুৰু; দেশৰ ভৱিষ্যতক লৈ কোনো সন্দেহ নকৰিবলৈ আহ্বান মোহন ভাগৱতৰ

ভাৰত নিশ্চিতভাৱে বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হ’ব। দেশৰ ভৱিষ্যতক লৈ কোনেও মনত কোনো ধৰণৰ সন্দেহ পুহি ৰখা উচিত নহয়। শুকুৰবাৰে এই মন্তব্য কৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে। নাগপুৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংঘচালকগৰাকীয়ে দেশৰ সাম্প্ৰতিক অগ্ৰগতিৰ বিষয়ে আলোকপাত কৰে। ভৱিষ্যতৰ লক্ষ্য সন্দৰ্ভত তেওঁ এইদৰে নিজৰ মত প্ৰকাশ কৰে। ভাৰতৰ বিশ্বজোৰা পৰিচয় আৰু ক্ৰমবৰ্ধমান প্ৰভাৱৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে ভাগৱতে। তেওঁ কয়, "ভাৰত বিশ্বগুৰু হোৱাটো একেবাৰে নিশ্চিত। গণতন্ত্ৰত সকলোৰে নিজস্ব মতামত থাকিব পাৰে, কিন্তু দেশৰ সামগ্ৰিক উন্নয়নৰ যাত্ৰাক লৈ আমি আত্মবিশ্বাসী হোৱাটো প্ৰয়োজন।" দেশৰ প্ৰতিগৰাকী নাগৰিকক এক ইতিবাচক চিন্তাৰে আগুৱাই যাবলৈ তেওঁ এই অনুষ্ঠানৰ জৰিয়তে আহ্বান জনায়। ভাৰতৰ এই…
Read More
ডাঙৰ আঘাত পেটিএম পেমেণ্টছ বেংক লৈ: অনুজ্ঞাপত্ৰ বাতিলৰ পাছতে বন্ধ সকলো সেৱা

ডাঙৰ আঘাত পেটিএম পেমেণ্টছ বেংক লৈ: অনুজ্ঞাপত্ৰ বাতিলৰ পাছতে বন্ধ সকলো সেৱা

বন্ধ হৈ পৰিল পেটিএম পেমেণ্ট বেংক! গ্ৰাহকৰ ধন অসুৰক্ষিত হোৱাৰ অভিযোগৰ পাছতে বেংকটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে ৰিজাৰ্ভ বেংকে। ইয়াৰ পাছতে ২৪ এপ্ৰিলৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে পেটিএম পেমেণ্ট বেংক লিমিটেডৰ সকলো কাম-কাজ। দেশৰ অন্যতম হাই-প্ৰফাইল ডিজিটেল বেংকিং ব্যৱস্থাটোৰ বিৰুদ্ধে চৰম পদক্ষেপ গ্ৰহণ কৰি আৰক্ষী আৰু নিয়ন্ত্ৰক সংস্থাটোৱে এতিয়া বেংকটো বন্ধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছে। প্ৰণিধানযোগ্য যে আমানতকাৰীৰ স্বাৰ্থৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ বাবেই এই কঠোৰ নিৰ্দেশ দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। বেংকিং নিয়ন্ত্ৰণ আইনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত আৰু নীতি-নিৰ্দেশনা উলংঘা কৰি আহিছিল পেটিএম পেমেণ্ট বেংক কৰ্তৃপক্ষই। যাৰ পৰিণতিত ২০২২ চনৰে পৰা বেংকটোৰ ওপৰত পৰ্যায়ক্ৰমে বিভিন্ন বাধ্যবাধকতা…
Read More
স্মৃতিকথাত বিস্ফোৰক মন্তব্য মনোজ মুকুন্দ নাৰৱানেৰ: কেন্দ্ৰৰ সিদ্ধান্তসমূহক লৈ প্ৰথমবাৰৰ মতামত

স্মৃতিকথাত বিস্ফোৰক মন্তব্য মনোজ মুকুন্দ নাৰৱানেৰ: কেন্দ্ৰৰ সিদ্ধান্তসমূহক লৈ প্ৰথমবাৰৰ মতামত

প্ৰাক্তন সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নৰৱণেৰ অপ্ৰকাশিত স্মৃতিকথাৰ বিতৰ্কিত অংশই দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে। 'ফোৰ ষ্টাৰ্ছ অফ ডেষ্টিনি' শীৰ্ষক এই গ্ৰন্থখনত উল্লিখিত ভাৰত-চীন সীমান্তৰ উত্তেজনাৰ প্ৰসংগত শেহতীয়াকৈ মুখ খুলিছে প্ৰাক্তন সেনাপ্ৰধানগৰাকীয়ে। এক বিশেষ সাক্ষাৎকাৰত তেওঁ কয় যে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে তেওঁক যি নিৰ্দেশ দিছিল, সেয়া সশস্ত্ৰ বাহিনীৰ প্ৰতি চৰকাৰৰ থকা গভীৰ আস্থাৰেই প্ৰমাণ। উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰী মাহত সংসদৰ বাজেট অধিবেশনত এই অপ্ৰকাশিত গ্ৰন্থখনৰ এটা অংশক লৈ চৰকাৰ আৰু বিৰোধীৰ মাজত তুমুল বাকযুদ্ধৰ সৃষ্টি হৈছিল। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অভিযোগ তুলিছিল যে ২০২০ চনত পূব লাদাখত চীনৰ সেনাই আগ্ৰাসন চলোৱাৰ খবৰ পোৱাৰ পাছতো প্ৰধানমন্ত্ৰীয়ে কোনো সিদ্ধান্ত ল’বলৈ সক্ষম…
Read More
কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: নীতি আয়োগত অশোক লাহিড়ী উপাধ্যক্ষ, গোবৰ্ধন দাসক নতুন ভূমিকা

কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: নীতি আয়োগত অশোক লাহিড়ী উপাধ্যক্ষ, গোবৰ্ধন দাসক নতুন ভূমিকা

কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগৰ অন্যতম উপাধ্যক্ষ হিচাপে মনোনীত হ’ল বিশিষ্ট অৰ্থনীতিবিদ তথা পশ্চিমবংগৰ বালুৰঘাট সমষ্টিৰ বিদায়ী বিজেপি বিধায়ক অশোক লাহিড়ী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শুকুৰবাৰে গ্ৰহণ কৰা এই সিদ্ধান্তত অশোক লাহিড়ীৰ লগতে বিজ্ঞানী গোবৰ্ধন দাসকো নীতি আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়। যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাত নাম নথকাক লৈ সৃষ্টি হোৱা জল্পনা-কল্পনাৰ অন্ত পেলাই এতিয়া এইগৰাকী অৰ্থনীতিবিদক ৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ গুৰুত্বপূৰ্ণ আসনত অধিষ্ঠিত কৰে কেন্দ্ৰীয় চৰকাৰে। প্ৰণিধানযোগ্য যে ২০২১ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত গেৰুৱা দলে অশোক লাহিড়ী আৰু গোবৰ্ধন দাসৰ দৰে কেইবাজনো বিদ্বান ব্যক্তিক নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰাইছিল। এইসকলৰ ভিতৰত অৰ্থনীতিবিদ অশোক লাহিড়ীয়ে বালুৰঘাট সমষ্টিৰ পৰা বিজয়ী হৈ…
Read More
চাণ্ডেলত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ, চুৰাচান্দপুৰত ড্ৰাগছসহ ধৰা পৰিল তিনিজন: মণিপুৰত জোৰদাৰ অভিযান

চাণ্ডেলত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ, চুৰাচান্দপুৰত ড্ৰাগছসহ ধৰা পৰিল তিনিজন: মণিপুৰত জোৰদাৰ অভিযান

মণিপুৰত উগ্ৰপন্থী আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। শুকুৰবাৰে চাণ্ডেল জিলাৰ মৌলচাম আৰক্ষী থানাৰ অন্তৰ্গত খুমকোট গাঁৱত অভিযান চলাই নিৰাপত্তাৰক্ষীৰ এটা দলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফেৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ ভিতৰত চাৰিটা চিঙ্গল ব’ৰ ৰাইফল, চাৰিটা উন্নত মানৰ ‘পম্পি’ অস্ত্ৰ, সাতটা পম্পি শ্বেল, তিনিটা গ্ৰেনেড আৰু পাঁচটা বাওফেং ৰেডিঅ’ চেট আছে। কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যৰে এই সামগ্ৰীসমূহ মজুত কৰি ৰখা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ইফালে, মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা আন এক অভিযানত বুধবাৰে চুৰাচান্দপুৰ জিলাত আটক হয় তিনিজন ড্ৰাগছ সৰবৰাহকাৰী। জিলাখনৰ সিংঙাট আৰক্ষী থানাৰ অন্তৰ্গত বলকোট অঞ্চলৰ পৰা…
Read More
মৰ্মান্তিক ঘটনা তামুলপুৰত: ভয়াবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিহুৱতী নিশামণিয়ে

মৰ্মান্তিক ঘটনা তামুলপুৰত: ভয়াবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিহুৱতী নিশামণিয়ে

ব’হাগৰ উছাহৰ মাজত বিহু গাই ওভতাৰ বাটতে নিশা এক মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী নাচনীয়ে। তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত সংঘটিত এই শোকাবহ ঘটনাত নলবাৰীৰ হাৰিভাঙাৰ 'ভাস্কৰজ্যোতি বিহু হুঁচৰি দল'ৰ নিশামণি হালৈ নামৰ ২৫ বছৰীয়া যুৱতীগৰাকীৰ থিতাতে মৃত্যু ঘটে। বিহু পৰিৱেশন কৰি ঘূৰি অহাৰ সময়তে বিহুৱা-বিহুৱতীৰ দলটো কঢ়িয়াই নিয়া ট্ৰেভেলাৰখনৰ সৈতে এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। ইফালে, এই দুৰ্ঘটনাত দলটোৰ আন ১১ গৰাকী বিহুৱা-বিহুৱতী গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ভিতৰত পাঁচজনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। মৃত নিশামণি হালৈ নাওকাটাৰ নিজজাৰগাঁও নিবাসী ৰমেন হালৈৰ জীয়ৰী…
Read More
যিকোনো মূহুৰ্তত খানা নৈত জাহ যাব পাৰে খানামুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দীপ নগৰ হৈ দীপৰ বিল সংযোগী পথ

যিকোনো মূহুৰ্তত খানা নৈত জাহ যাব পাৰে খানামুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দীপ নগৰ হৈ দীপৰ বিল সংযোগী পথ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ পূব দিশৰ পৰা দীপ নগৰ হৈ দীপৰ বিল সংযোগী পথটো বিগত কেইটামান দিন ধৰি হৈ নেৰানেপেৰা বৰষুণৰ বাবে কেবা ঠাইতো ফাট মেলিছে। আনকি ১৯ এপ্ৰিলৰ দিনা গোটেই নিশা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত দীপ নগৰত পথচোৱাৰ দাঁতিত থকা কমল দাস নামৰ লোকজনৰ এটা শৌচাগাৰ খানা নৈৰ গৰা খহনীয়াৰ কবলত পৰি খহি পৰাৰ লগতে সমাজকৰ্মী মুকুণ্ড মহন্তৰ ঘৰৰ সন্মুখৰ পৰা খানামুখ ৰাজহুৱা  ৰাজহুৱা শ্মশানৰ সমীপলৈ প্ৰায় ৩০০ মিটাৰ পথৰ অংশৰ আধামান খানা নৈত বহি গৈ খহি যোৱাৰ ফলত পথচোৱা সংকুচিত হৈ পৰিছে। এই সন্দৰ্ভত অঞ্চলটোৰ সচেতন লোকসকলে ব্যক্ত কৰা অনুসৰি তৎকালে যদি খহনীয়া…
Read More