28
Apr
গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ চেকগেটস্থিত নৃত্য গীতৰ প্ৰশিক্ষণৰ অগ্ৰণী প্ৰতিষ্ঠান উপাসনা কলাকেন্দ্ৰৰ ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত এক বাৰে ৰহণীয়া নৃত্য সন্ধিয়া অনুষ্ঠিত হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত মূখ্য অতিথি হিচাপে ভাগ লৈ উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ডঃ প্ৰশান্ত শৰ্মাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জনসংখ্যা বিষয়া ডঃ দিলীপ কলিতা, অসম মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডঃ প্ৰদীপ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি, বিচমিল্লাহ খান বঁটা প্ৰাপক সত্ৰীয়া নৃত্যৰ সাধক নৰেন চন্দ্ৰ…
