15
May
সংক্ৰামক ৰোগৰ বতৰ চলি থকাৰ মাজতে উত্তৰ প্ৰদেশৰ গৰখপুৰৰ এখন গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। নিশাৰ আহাৰ গ্ৰহণৰ পাছত এটা পৰিয়ালৰ ৯ গৰাকী সদস্য গুৰুতৰভাৱে অসুস্থ হৈ পৰাত সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্য। বৃহস্পতিবাৰে নিশা তৰমুজ খোৱাৰ পাছৰে পৰাই এই উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি প্ৰশাসনে জানিবলৈ দিছে। ফলবিধ খোৱাৰ মাত্ৰ কিছু সময় পাছৰে পৰাই পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্যই বমি আৰু পেটৰ বিষত ছটফতাবলৈ আৰম্ভ কৰে। অসুস্থ লোকসকলৰ ভিতৰত শিশু আৰু বৃদ্ধও অন্তৰ্ভুক্ত হৈ থকাৰ বাতৰি পোৱা গৈছে। পৰিস্থিতি অধিক সংকটজনক হোৱাত তেওঁলোকক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে চুবুৰীয়াই। চিকিৎসকে এইয়া তীব্ৰ খাদ্য বিষক্ৰিয়াৰ ঘটনা বুলি এতিয়া সন্দেহ কৰিছে।…
