Sonakshi Sarkar

1848 Posts
সেনা-প’ৰ্টাৰ ঐক্যৰ দৃষ্টান্ত: মেঞ্চুকা উপত্যকাত মে’ দিৱসত সন্মান অনুষ্ঠান

সেনা-প’ৰ্টাৰ ঐক্যৰ দৃষ্টান্ত: মেঞ্চুকা উপত্যকাত মে’ দিৱসত সন্মান অনুষ্ঠান

দেশৰ সুৰক্ষা কৱচ শক্তিশালী কৰাৰ ক্ষেত্ৰত অতি দুৰ্গম পৰ্বতৰ শিখৰত অহৰহ সেৱা আগবঢ়াই অহা প’ৰ্টাৰসকলক ১ মে’ত ভাৰতীয় সেনাই বিশেষ সন্মান যাচে। অৰুণাচল প্ৰদেশৰ অতি উচ্চতাৰ ফৰৱাৰ্ড লোকেশ্যন মেঞ্চুকা উপত্যকাত স্পিয়েৰহাইড ডিভিজনে শ্ৰম দিৱস উপলক্ষে এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডত সেনাক নিৰন্তৰ সাহসেৰে লজিষ্টিক সহায় আগবঢ়াই অহা এই শ্ৰমিকসকলৰ ত্যাগ আৰু নিষ্ঠাক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে সেনাই। এই উপলক্ষে আয়োজিত চাহ মেল আৰু মত-বিনিময় অনুষ্ঠানত ৫০ জনতকৈ অধিক প’ৰ্টাৰে অংশগ্ৰহণ কৰে। অতি দূৰৱৰ্তী আৰু দুৰ্গম সীমান্ত অঞ্চললৈ অত্যাৱশ্যকীয় সামগ্ৰী তথা ৰচদ যোগান ধৰাত এই প’ৰ্টাৰসকলে এক নিৰ্ভৰযোগ্য মেৰুদণ্ড হিচাপে কাম কৰি আহিছে। সেনাই এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ…
Read More
শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজ আছাম ষ্টুডেণ্টছ এছ’চিয়েশ্যনৰ উদ্যোগত ৰঙালী বিহু উদযাপন

শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজ আছাম ষ্টুডেণ্টছ এছ’চিয়েশ্যনৰ উদ্যোগত ৰঙালী বিহু উদযাপন

বহাগ বিহু মানেই যেন অসমীয়াৰ প্ৰাণ। অসমীয়া নতুন বছৰ বহাগ বা ৰঙালী বিহু বুলিয়েই অসমীয়াৰ গা সাতখন - আঠখন লাগে। আনকি দেশৰ আন আন ৰাজ্য আৰু বিদেশত থকা অসমীয়া লোকসকলেও বাৰে ৰহনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰাৰ লগতে অসমীয়া নৱবৰ্ষক আদৰণি জনোৱা পৰিলক্ষিত হৈছে। ইফালে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ ছেইন্ট এন্থনীজ কলেজ আছাম ষ্টুডেণ্টছ এছ'চিয়েশ্যন (চাকাছা) উদ্যোগত ২৫ এপ্ৰিলৰ দিনা ধানখেতিস্থিত মাধৱদেৱ কলা কৃষ্টি কেন্দ্ৰত দিনযোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। আনহাতে ৰঙালী বিহুৰ লগত সংগতি ৰাখি বিয়লি ১ বজাৰ পৰা নিশা ৯ বজালৈ অনুষ্ঠিত  'এনাজৰী - ২০২৬' শীৰ্ষক  কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি নিতুল বৰাকে…
Read More
আফগানিস্তানৰ মহিলা শৰণাৰ্থী দলক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি ফিফাৰ

আফগানিস্তানৰ মহিলা শৰণাৰ্থী দলক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি ফিফাৰ

ফুটবলৰ বিশ্বৰ শাসক সংস্থা ফিফাই আফগানিস্তানৰ মহিলা শৰণাৰ্থী দলটোক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰিছে।আফগানিস্তানৰ ৰাষ্ট্ৰীয় দলৰ মহিলা খেলুৱৈসকলে পাঁচ বছৰ পূৰ্বে তালিবান শাসনৰ বাবে নিজৰ দেশ এৰিছিল আৰু তেতিয়াৰ পৰাই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খেলাৰ অনুমতিৰ বাবে অপেক্ষা কৰি আছিল।মঙলবাৰে ব্ৰিটিছ কলম্বিয়াৰ ভেংকুৱাৰত অনুষ্ঠিত ফিফা কাউন্সিলৰ বৈঠকত ফিফাৰ নিয়ম সংশোধন কৰি আফগান মহিলা শৰণাৰ্থী দলক স্বীকৃতি দিয়াৰ বাবে সন্মত হয়। আফগান মহিলাৰ দলটোৱে আফগান উইমেন ইউনাইটেড নামেৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। যদিও আফগান মহিলা দলটোৱে ২০২৭ চনত ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিব, তথাপিও ২০২৮ চনৰ লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰাত অংশগ্ৰহণ…
Read More
‘অসমত পুনৰ ইতিহাস গঢ়িম’; বিজেপিৰ বিজয়ৰ দাবী দিলীপ শইকীয়াৰ

‘অসমত পুনৰ ইতিহাস গঢ়িম’; বিজেপিৰ বিজয়ৰ দাবী দিলীপ শইকীয়াৰ

আৰু মাত্ৰ কেইটামান ঘণ্টা। ইয়াৰ পাছতে ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল। ৪ মে’ত ঘোষণা হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে বিভিন্ন সংস্থাই প্ৰকাশ কৰিছে এগজিট পল। এই এগজিট পলত অধিকাংশ সংস্থাই অসমত পুনৰ বিজেপিৰ চৰকাৰ হ’ব বুলি দাবী কৰিছে। এগজিট পলৰ এনে পুৰ্বানুমানৰ মাজতে দলৰ ঐতিহাসিক বিজয়ক লৈ আশাবাদী হৈ পৰিছে বিজেপিৰ নেতা-কৰ্মীও। বুধবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অসম ৰাজ্যিক বিজেপিৰ সভাপতি দীলিপ শইকীয়াই কয় যে অসমত এনডিএ চৰকাৰ গঠন হোৱাত কোনো সন্দেহ নাই। এগজিট প’লসমূহৰ সত্যতাৰ ওপৰত বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হ’লেও অসমত মিত্ৰজোঁটে এক নিৰ্ণায়ক জনদেশ লাভ কৰিব বুলি তেওঁ দাবী কৰে। এই সন্দৰ্ভত শইকীয়াই কয় যে…
Read More
ৰূপপুৰ পাৰমাণৱিক প্ৰকল্পত নতুন অধ্যায়; ইন্ধন ভৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ বাংলাদেশত

ৰূপপুৰ পাৰমাণৱিক প্ৰকল্পত নতুন অধ্যায়; ইন্ধন ভৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ বাংলাদেশত

বাংলাদেশৰ শক্তি খণ্ডত এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰি বুধবাৰৰ পৰা আৰম্ভ হ’ল ৰূপপুৰ পাৰমাণৱিক বিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটত ইউৰেনিয়াম ইন্ধন ভৰোৱাৰ প্ৰক্ৰিয়া। পাৰমাণৱিক শক্তিৰ সহায়ত বিদ্যুৎ উৎপাদনৰ দিশত আগবঢ়া এই পদক্ষেপে দেশখনক বিশ্বৰ ৩৩ সংখ্যক পাৰমাণৱিক বিদ্যুৎ উৎপাদনকাৰী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব। পৰীক্ষামূলক বিদ্যুৎ উৎপাদনৰ পূৰ্বে ইন্ধন ভৰোৱাৰ এই প্ৰক্ৰিয়াটোক এক চূড়ান্ত পৰ্যায় হিচাপে গণ্য কৰা হৈছে। ৰিয়েক্টৰটোত অহা কেইটামান সপ্তাহত নিয়ন্ত্ৰিত ফিশ্বন আৰু কেইবাটাও সুৰক্ষা পৰীক্ষা চলোৱা হ'ব। ইয়াৰ পাছতে পৰ্যায়ক্ৰমে বিদ্যুৎ উৎপাদনৰ পৰিমাণ বৃদ্ধি পাব। আগন্তুক আগষ্ট মাহৰ ভিতৰত পৰীক্ষামূলকভাৱে ৰাষ্ট্ৰীয় গ্ৰিডলৈ প্ৰায় ৩০০ মেগাৱাট বিদ্যুৎ যোগান ধৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। অৱশ্যে সম্পূৰ্ণ বাণিজ্যিক উৎপাদন আৰম্ভ…
Read More
আবকাৰী আইন ভংগৰ অভিযোগ; মঠঘৰীয়া দুৰ্ঘটনাৰ পিছতে এক্স’ৰ বাৰৰ লাইচেন্স ৰদ

আবকাৰী আইন ভংগৰ অভিযোগ; মঠঘৰীয়া দুৰ্ঘটনাৰ পিছতে এক্স’ৰ বাৰৰ লাইচেন্স ৰদ

মহানগৰীৰ ভঙাগড়ৰ নৈশ জীৱনৰ অন্যতম কেন্দ্ৰবিন্দু এক্স'ৰো পাবৰ বিৰুদ্ধে অৱশেষত গা লৰিল প্ৰশাসনৰ। মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পূৰ্বে বলি হোৱা যুৱক-যুৱতীকেইজন এই পাবটোৰ পৰা ওলাই অহাৰ দৃশ্য ভাইৰেল হোৱাৰ পাছতে বুধবাৰে প্ৰতিষ্ঠানটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। নিৰ্ধাৰিত সময়সীমা উলংঘা কৰি গভীৰ নিশিলৈকে সুৰা পৰিৱেশন কৰাৰ অভিযোগত জিলা প্ৰশাসনে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত স্বপ্নীল পালে জাৰি কৰা চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা মতে, আই এম এফ এল অনুজ্ঞাপত্ৰ অনুসৰি নিশা ১২:৩০ বজালৈকেহে পাবখন খোলা ৰখাৰ অনুমতি আছিল। কিন্তু দুৰ্ঘটনাৰ দিনা নিশা ৩ বজালৈকে এই প্ৰতিষ্ঠানটো চলি থকাৰ তথ্য প্ৰমাণ পোৱা গৈছে। এই গুৰুতৰ অনিয়মৰ…
Read More
মেঘালয় ভ্ৰমণত দুৰ্ভাগ্য; জলপ্ৰপাতত নিখোজ কিশোৰী, অনুসন্ধান অব্যাহত

মেঘালয় ভ্ৰমণত দুৰ্ভাগ্য; জলপ্ৰপাতত নিখোজ কিশোৰী, অনুসন্ধান অব্যাহত

মেঘালয়ৰ চোহৰাৰ ৱেই ছডং জলপ্ৰপাতত বুধবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। উত্তৰ প্ৰদেশৰ ফ্ৰজাবাদ জিলাৰ পৰা পৰিয়ালৰ সৈতে ফুৰিবলৈ অহা ১৫ বছৰীয়া এগৰাকী কিশোৰী জলপ্ৰপাতটোৰ গভীৰ জলভাগত পৰি সন্ধানহীন হয়। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ অহা কিশোৰীগৰাকীয়ে বিয়লি জলপ্ৰপাতটোৰ সৌন্দৰ্য উপভোগ কৰি থকাৰ সময়তে এই ঘটনাটো ঘটে। জানিব পৰা মতে, জলপ্ৰপাতটোৰ কাষত ফটো তুলিবলৈ চেষ্টা কৰাৰ সময়তে কিশোৰীগৰাকীৰ ভৰি পিছল খায়। এই খবৰ পোৱাৰ পাছতে উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ এক তালাচী অভিযান চলায়। দিনটোৰ পোহৰ থকালৈকে উদ্ধাৰকাৰীসকলে কিশোৰীগৰাকীক বিচাৰি অভিযান চলায় যদিও কোনো শুংসূত্ৰ লাভ কৰাত ব্যৰ্থ হয়। দুৰ্গম ভৌগোলিক অৱস্থান আৰু সূৰ্যাস্তৰ পাছত দৃশ্যমানতা কমি যোৱাৰ বাবে উদ্ধাৰ অভিযান…
Read More
গড়চুক – আজাৰা ৰাণীগেট সংযোগী পথৰ বিধ্বস্ত ৰূপ; যিকোনো মূহুৰ্তত ভয়াবহ দুৰ্ঘটনাৰ আশংকা

গড়চুক – আজাৰা ৰাণীগেট সংযোগী পথৰ বিধ্বস্ত ৰূপ; যিকোনো মূহুৰ্তত ভয়াবহ দুৰ্ঘটনাৰ আশংকা

গুৱাহাটী মহানগৰীৰ গড়চুক - আজাৰা ৰাণীগেট সংযোগী পথচোৱাৰ  বিধ্বস্ত ৰূপৰ বাবে যিকোনো মূহুৰ্ততে ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে। উল্লেখযোগ্য যে সম্প্ৰতি মহানগৰীৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যোৱা বিকল্প পথ হিচাপে  পৰিগণিত হোৱা পথচোৱাই সম্প্ৰতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে।  ইয়াৰ মাজতে ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগত পামহী কেনেলৰ ওপৰত অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগে প্ৰায় দুই দশক পূৰ্বে শৰাইঘাটৰ পুৰণি দলঙৰ আৰ্হিত নিৰ্মাণ কৰা দলংখন  মেৰামতিৰ নামত প্ৰায় দুমাহ ধৰি বন্ধ কৰি ৰখা হৈছে। ফলত দীপৰ বিল হৈ আজাৰা ৰাণীগেটৰ ফালে অহা - যোৱা কৰা যান-বাহন সমূহ প্ৰায় চাৰি কিলোমিটাৰ ঘুৰি …
Read More
অ’পেকৰ পৰা আঁতৰিল ইউ এ ই

অ’পেকৰ পৰা আঁতৰিল ইউ এ ই

সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ হঠাতে পেট্ৰলিয়াম ৰপ্তানিকাৰক দেশ সংস্থা অ’পেকৰ পৰা আঁতৰি অহাৰ ঘোষণাক এক বৃহৎ পৰিঘটনা হিচাপে বিবেচিত হৈছে। ১৯৭১ চনত ইউ এ ই ৰাষ্ট্ৰত পৰিণত হয়। ইউ এ ই তেতিয়াৰে পৰা সংগঠনটোৰ সদস্য হৈ আছিল যেতিয়া ১৯৭১ত তেওঁলোকে এখন ৰাষ্ট্ৰৰূপে গঠন হোৱা নাছিল। মূলতঃ উপসাগৰীয় তেল ৰপ্তানিকাৰক দেশসমূহৰ সংগঠন অ’পেকে উৎপাদন সালসলনি আৰু কোটা নিৰ্ধাৰণ কৰি দশক দশক ধৰি খাৰুৱা তেলৰ মূল্য নিয়ন্ত্ৰণ কৰি আহিছে। ইয়াৰ দ্বাৰা  ইউ এ ইয়ে নিজৰ বৰ্তমানৰ উৎপাদন ক্ষমতা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব বিচাৰিছে। অ’পেকৰ কোটা নিয়মৰ বাবে ইয়াৰ উৎপাদন প্ৰতিদিনে ৩০ৰ পৰা ৩৫ লাখ বেৰেলত সীমাবদ্ধ আছিল। ১৯৬০ চনত ইৰাণ, ইৰাক,…
Read More
গুৰুতৰভাৱে অহাত ৰিয়েল মাদ্রিদৰ এমবাপে

গুৰুতৰভাৱে অহাত ৰিয়েল মাদ্রিদৰ এমবাপে

ৰিয়েল মাদ্রিদৰ তাৰকা ফৰৱাৰ্ড কাইলিয়ান এমবাপে ২০২৫-২৬ লা লিগা ছিজনৰ অন্তিম পাঁচখন মেচৰ পৰা বাহিৰ হ’ব পাৰে। শুকুৰবাৰে নিশা ৰিয়েল বেটিছৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ হোৱাৰ সময়ত তেওঁৰ পেশীত আঘাত পোৱা বুলি নিশ্চিত কৰিছে ক্লাবটোৱে। খেলখন শেষ হোৱাৰ ১০ মিনিট পূৰ্বে এমবাপে খেলপথাৰৰ পৰা ওলাই আহিবলগীয়া হয় আৰু ৰিয়েল মাদ্রিদে ১-০ গ’লত আগবাঢ়ি থাকে৷ অৱশ্যে অৱশেষত হেক্টৰ বেলেৰিনে সমতা স্থাপন কৰি এই ছিজনত মাদ্ৰিদৰ খিতাপ জয়ৰ আশাত ডাঙৰ আঘাত হানে। ৰিয়েল মাদ্রিদৰ ৱেবছাইটত কোৱা হৈছে যে কাইলিয়ান এমবাপেৰ ওপৰত কৰা পৰীক্ষাৰ পিছত তেওঁৰ বাওঁ ভৰিত আঘাত নিশ্চিত হৈছে। ৰিয়েল মাদ্রিদে এমবাপেৰ প্রত্যাৱর্তনৰ কোনো দিন প্রকাশ কৰা নাই৷ ক্লাবটোৱে মাথোঁ উল্লেখ…
Read More