Sonakshi Sarkar

1848 Posts
নচলিল জেন-জিৰ যাদু! দুই উচ্চশিক্ষিতা প্ৰাৰ্থী কুংকী চৌধুৰী, জ্ঞানশ্ৰী বৰাৰ পৰাজয়

নচলিল জেন-জিৰ যাদু! দুই উচ্চশিক্ষিতা প্ৰাৰ্থী কুংকী চৌধুৰী, জ্ঞানশ্ৰী বৰাৰ পৰাজয়

অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত ৰণত পৰিল নতুন প্ৰজন্মৰ দুই উচ্চশিক্ষিতা প্ৰাৰ্থী কুংকী চৌধুৰী আৰু ড° জ্ঞানশ্ৰী বৰা। মধ্য গুৱাহাটী আৰু মৰিয়নী সমষ্টিত পৰিবৰ্তনৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা কৰা এই দুই যুৱ নেত্ৰী অভিজ্ঞ ৰাজনীতিবিদৰ হাতত আজি ধৰাশায়ী হয়। ভোটাৰক আকৰ্ষিত কৰিবলৈ তেওঁলোকে যি আধুনিক শৈলীৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল, সেয়া ভোটবাকচত সফলতালৈ ৰূপান্তৰিত নহ’ল। মধ্য গুৱাহাটী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাই ৮৪,৭৭৫ টা ভোট লাভ কৰি নিজৰ জয় নিশ্চিত কৰে। তেওঁৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ পৰা অৱতীৰ্ণ হোৱা কুংকী চৌধুৰীয় মাত্ৰ ৩২,৪৮৪ টা ভোটত থমকি ৰবলগীয়া হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিজেপি প্ৰাৰ্থী গুপ্তাই ৫২,২৯১ টা ভোটৰ বিশাল ব্যৱধানত কুংকীক…
Read More
বিজয়ৰ দল আগবঢ়িছে সংখ্যাগৰিষ্ঠতাৰ দিশে, তামিলনাডুত উল্লাসৰ ঢৌ

বিজয়ৰ দল আগবঢ়িছে সংখ্যাগৰিষ্ঠতাৰ দিশে, তামিলনাডুত উল্লাসৰ ঢৌ

তামিলনাডু বিধানসভা নিৰ্বাচনৰ ফলাফলত অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ৰ নেতৃত্বাধীন টিভিকে (TVK) দলে সংখ্যাগৰিষ্ঠতাৰ দিশে অগ্ৰসৰ হৈ এক অভূতপূৰ্ব জোৱাৰৰ সৃষ্টি কৰিছে। ২৩৪ খন আসনৰ ভিতৰত ইতিমধ্যে ১০৮ খনতকৈও অধিক সমষ্টিত বিজয়ে অগ্ৰগতি লাভ কৰি শাসনৰ গাদী দখলৰ যুঁজখনত শক্তিশালী স্থিতি প্ৰদৰ্শন কৰে। পানা ইউৰস্থিত দলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত হাজাৰ হাজাৰ কৰ্মী-সমৰ্থকে সমবেত হৈ মিঠাই বিতৰণ কৰি এতিয়াই বিজয়ক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰে। সমগ্ৰ ৰাজ্যখনত বৰ্তমান বিজয়ৰ অনুৰাগীসকলে 'থালাপতি'ৰ জয়ধ্বনিৰে আকাশ-বতাহ কঁপাই তুলিছে। কেইবাটাও দূৰদৰ্শন চেনেলত বিজয়ৰ পিতৃ এছ এ চন্দ্ৰশেখৰ আৰু পৰিয়ালৰ লোকসকলে এই চমকপ্ৰদ ফলাফলক লৈ আনন্দ প্ৰকাশ কৰা দৃশ্য প্ৰচাৰিত হৈছে। বিশেষকৈ শাসকীয় ডি এম কেৰ…
Read More
আয়াত চিনিয়ৰ চেকেণ্ডেৰী স্কুলত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

আয়াত চিনিয়ৰ চেকেণ্ডেৰী স্কুলত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত  আগশাৰীৰ  শিক্ষানুষ্ঠান আয়াত চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে  উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে যোৱা দুই মে'ত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।  অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থী আৰু শিক্ষক সকলে এটি সমবেত সংগীত পৰিৱেশন কৰে। আনহাতে অনুষ্ঠানত উত্তীৰ্ণ শিক্ষাৰ্থীসকলে শিক্ষানুষ্ঠানখনত  তেওঁলোকৰ  শৈক্ষিক জীৱনৰ অভিজ্ঞতা নিজৰ ভাষণ প্ৰসংগত ব্যক্ত কৰে। উল্লেখযোগ্য যে এইবেলি শিক্ষানুষ্ঠানখনৰ পৰা  উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত নুৰাশ্মা বেগমে ৯১.৪ শতাংশ, বিজ্ঞান শাখাত উদিতা পলে ৮৭.৮ শতাংশ আৰু বাণিজ্য শাখাত বিকাশ দাসে ৮৮.৩ শতাংশ নম্বৰ লাভ কৰি  শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই  আনিবলৈ সক্ষম হয়। শিক্ষানুষ্ঠানখনৰ পৰা কলা শাখাত অৱতীৰ্ণ হোৱা  ৭৭…
Read More
ফলাফলক লৈ উদ্বেগ, তামিলনাডুত টিভিকে অনুৰাগীৰ আত্মহননৰ চেষ্টা

ফলাফলক লৈ উদ্বেগ, তামিলনাডুত টিভিকে অনুৰাগীৰ আত্মহননৰ চেষ্টা

আজি অনুষ্ঠিত হৈছে অসমসহ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা। অসম, পশ্চিমবংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাডুত অব্যাহত থকা ভোটগণনাৰ মাজতে তামিলনাডুত সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। এইবাৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অভিনেতা থালাপতি বিজয়ৰ দল টি ভি কেৰ পৰাজয়ৰ উৰাবাতৰিত দুখী হৈ আত্মহননৰ চেষ্টা চলায় এজন সমৰ্থকে। ২৮ বছৰীয়া কে মহেন্দ্ৰন নামৰ যুৱকজনে নিজৰ প্ৰিয় নেতা তথা টিভিকে দলৰ মুৰব্বীগৰাকী নিৰ্বাচনত হাৰিব বুলি শুনি এই চৰম পথ বাছি লয়। আজি পুৱা ভোট গণনা আৰম্ভ হোৱাৰ ঠিক আগমুহূৰ্ততে নিজ ঘৰৰ সমীপতে যুৱকজনে এই ভয়ংকৰ কাণ্ডটো সংঘটিত কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজে মহেন্দ্ৰনক উদ্ধাৰ কৰি কৃষ্ণাগিৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ…
Read More
দিছপুৰত গেৰুৱা বতাহ, ২৪ খন আসনত বিজেপিৰ দপদপীয়া অগ্ৰগতি

দিছপুৰত গেৰুৱা বতাহ, ২৪ খন আসনত বিজেপিৰ দপদপীয়া অগ্ৰগতি

অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰাৰম্ভিক ধাৰাত ভাৰতীয় জনতা পাৰ্টিয়ে এক বৃহৎ অগ্ৰগতি লাভ কৰি দিছপুৰৰ ক্ষমতা পুনৰ দখলৰ দিশে খোজ পেলাইছে। বৰ্তমানৰ শেহতীয়া তথ্য অনুসৰি, গেৰুৱা দলটোৱে ৰাজ্যৰ ২৪ খনকৈ আসনত অগ্ৰগতি লাভ কৰি বিৰোধী শিবিৰক যথেষ্ট পিছ পেলাই থৈছে। বিশেষকৈ শাসকীয় পক্ষৰ কেইবাজনো হেভিৱেট নেতাৰ অগ্ৰগতিয়ে এতিয়া বিজেপি কৰ্মী-সমৰ্থকৰ মাজত আনন্দৰ জোৱাৰ তুলিছে। প্ৰাৰম্ভিক ধাৰাত ভৱানীপুৰ-সৰভোগত ৰণজিৎ কুমাৰ দাস, জাগীৰোডত পীয়ূষ হাজৰিকা, ছিপাঝাৰত পৰমানন্দ ৰাজবংশী আৰু নগাঁও-বটদ্ৰৱাত ৰূপক শৰ্মাই নিজ নিজ সমষ্টিত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ উপৰিও বিশ্বনাথত পল্লব লোচন দাস, ধেমাজিত ডাঃ ৰণোজ পেগু, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, গোলাঘাটত অজন্তা নেওগ আৰু খুমটাত মৃণাল শইকীয়াই শক্তিশালী স্থিতি প্ৰদৰ্শন…
Read More
লখিমপুৰত বন বিভাগত অনিয়মৰ অভিযোগ, গ্ৰেপ্তাৰৰ পাছতে কোটি টকীয়া কাৰবাৰৰ তথ্য পোহৰলৈ

লখিমপুৰত বন বিভাগত অনিয়মৰ অভিযোগ, গ্ৰেপ্তাৰৰ পাছতে কোটি টকীয়া কাৰবাৰৰ তথ্য পোহৰলৈ

বন বিষয়া শিৱাশীষ শাণ্ডিল্যৰ গ্ৰেপ্তাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ লখিমপুৰ বন বিভাগৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ ধন দাবীৰ অভিযোগ। এজন বৈধ কুৱেৰী অনুজ্ঞাপত্ৰ ধাৰীয়ে বন বিভাগৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া শোষণ আৰু ছিণ্ডিকেটৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ জিলাখনতে জোকাৰণিৰ সৃষ্টি কৰিছে। বিভাগীয় বিষয়াৰ পৰা তলতীয়া কৰ্মচাৰীলৈকে চলি থকা এই 'পদ্ধতিগত লুণ্ঠন'ৰ কাহিনীয়ে এতিয়া প্ৰশাসনৰ স্বচ্ছতাক লৈ অৱতাৰণা কৰিছে ডাঙৰ প্ৰশ্নচিহ্নৰ। ইন্দ্ৰজিৎ মৰাং ওৰফে মাইকেল নামৰ ব্যৱসায়ীজনে দেওবাৰে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক দাবী কৰি কয়, "বিগত ২৫ বছৰত কেৱল ব্যৱসায়টো জীয়াই ৰাখিবলৈকে মই বন বিভাগক প্ৰায় ৫ কোটি টকাৰ অবৈধ ধন আদায় দিবলগীয়া হৈছে।" বালি আৰু শিলৰ বৈধ অনুজ্ঞাপত্ৰ থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষৰ…
Read More
দিছপুৰত গেৰুৱা প্ৰভাৱঃ অসমত বিজেপিৰ আগবঢ়া, বেংগলত টিএমচিৰ ওপৰত চাপ

দিছপুৰত গেৰুৱা প্ৰভাৱঃ অসমত বিজেপিৰ আগবঢ়া, বেংগলত টিএমচিৰ ওপৰত চাপ

অসমসহ দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বহু প্ৰত্যাশিত ভোট গণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। প্ৰাৰম্ভিক ধাৰা অনুসৰি, অসমত ভাৰতীয় জনতা পাৰ্টিয়ে একক আধিপত্য বিস্তাৰ কৰি হেট্ৰিকৰ দিশে অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ ১২৬ খন আসনৰ ভিতৰত ইতিমধ্যে ৪৩ খনতকৈও অধিক সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি বিৰোধী শিবিৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। বিশেষকৈ দিছপুৰৰ ক্ষমতা পুনৰ দখলৰ লক্ষ্যৰে গেৰুৱা দলে যি ধুমুহাৰ সৃষ্টি কৰিছে, সি এতিয়া বিৰোধী ঐক্যৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। ইফালে, পশ্চিম বংগৰ ফলাফলে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, বংগত এতিয়া বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত তীব্ৰ যুঁজ চলিছে যদিও গেৰুৱা…
Read More
চিলাপথাৰত ভয়াবহ পথ দুৰ্ঘটনা, তিনিজনৰ থিতাতে মৃত্যু

চিলাপথাৰত ভয়াবহ পথ দুৰ্ঘটনা, তিনিজনৰ থিতাতে মৃত্যু

ধেমাজি জিলাৰ চিলাপথাৰত কালি মাজনিশা এক শোকাবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে তিনিগৰাকী লোকৰ। কুলাজান পুৰাণ তিনিআলিত নিশা প্ৰায় ১ বজাত এখন বিবাহ যাত্ৰীৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা প্ৰকাণ্ড গছত খুন্দা মৰাৰ ফলতে এই শোকাৱহ ঘটনাটো সংঘটিত হয়। অল্টো বাহনখনত থকা আন দুগৰাকী যাত্ৰীও এই দুৰ্ঘটনাত পতিত হৈ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। আৰক্ষীৰ তথ্য অনুসৰি এএছ-০৭ টি-৩৮৪৩ নম্বৰৰ বাহনখন চিলাপথাৰৰ ভৈৰৱপুৰৰ পৰা গোগামুখ অভিমুখে গৈ থকাৰ সময়তে চালকে নিয়ন্ত্ৰণ হেৰুৱায় পেলায়। দুৰ্ঘটনাটোৰ প্ৰচণ্ড খুন্দাৰ ফলত গোগামুখৰ বাসিন্দা অখিল ঘোষ (৪৭), ভদ্ৰেশ্বৰ সোণোৱাল (৫৬) আৰু পংকজ শইকীয়াই (৫০) থিতাতে প্ৰাণ হেৰুৱায়। স্থানীয় ৰাইজে ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি…
Read More
কৰ্ণাটকৰ তুমকুৰত ভাইৰাছৰ প্ৰকোপ, ৪৪টা ময়ুৰৰ মৃত্যুৰে জিলা জুৰি সজাগতা

কৰ্ণাটকৰ তুমকুৰত ভাইৰাছৰ প্ৰকোপ, ৪৪টা ময়ুৰৰ মৃত্যুৰে জিলা জুৰি সজাগতা

কৰ্ণাটকৰ তুমকুৰ জিলাত এইচ৫এন১ ভাইৰাছৰ সংক্ৰমণে সৃষ্টি কৰে তীব্ৰ আতংকৰ। এই ভাইৰাছৰ ফলত জিলাখনত ৪৪টাকৈ ময়ুৰৰ মৃত্যু হোৱাৰ তথ্য শনিবাৰে সদৰী কৰে জিলা উপায়ুক্ত শুভ কল্যাণে। এই দুৰ্ভাগ্যজনক ঘটনাৰ পাছতে সংক্ৰমিত অঞ্চলৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। মৃত ময়ুৰৰ নমুনা পৰীক্ষাত এইচ৫এন১ ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছতে জিলা প্ৰশাসনে কঠোৰ নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰে। উপায়ুক্ত কল্যাণে ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাই কয়, "প্ৰশাসনে ৩১খন হাঁহ-কুকুৰাৰ দোকান আৰু ১০খন ফাৰ্ম ইতিমধ্যে চিনাক্ত কৰিছে।" ৰেপিড ৰেচপন্স দলসমূহে উক্ত এলেকাবোৰত অহৰহ নিৰীক্ষণ চলাই থকা বুলিও তেওঁ লগতে উল্লেখ কৰে। ইফালে যুটীয়াভাৱে সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে কাম কৰিছে স্বাস্থ্য আৰু বন বিভাগে।…
Read More
সুৰক্ষা বাহিনীৰ কঠোৰ কাৰ্যসূচীঃ মণিপুৰত ২৩ বাংকাৰ উচ্ছেদ, বিপুল অস্ত্ৰ জব্দ

সুৰক্ষা বাহিনীৰ কঠোৰ কাৰ্যসূচীঃ মণিপুৰত ২৩ বাংকাৰ উচ্ছেদ, বিপুল অস্ত্ৰ জব্দ

অশান্তজৰ্জৰ মণিপুৰত অব্যাহত থকা তীব্ৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে ২৩টাকৈ অবৈধ বাংকাৰ ধ্বংস কৰিবলৈ সক্ষম হ’ল নিৰাপত্তাৰক্ষী। উখ্ৰুল আৰু টেংনৌপাল জিলাত পৃথককৈ চলোৱা এই বিশেষ অভিযানত বাহিনীয়ে বাংকাৰসমূহ ধ্বংস কৰাৰ উপৰি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰে। শনিবাৰে আৰক্ষীয়ে এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে এই তথ্য সদৰী কৰে। উখ্ৰুল জিলাৰ লিটান আৰক্ষী থানাৰ অন্তৰ্গত মংকট চেপু, শ্বংফেল, মুল্লাম, চিৰাৰাখং আৰু ৰিংগুৱে গাঁৱত বৃহস্পতিবাৰে এই সমন্বিত অভিযান চলোৱা হয়। অভিযানকাৰী দলে উক্ত অঞ্চলৰ পৰা এটা পাম্প একচন গান, ১৭ জাঁই সজীৱ গুলী আৰু ১১১টা খালী কাৰ্টিজ উদ্ধাৰ কৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা টাংখুল নগা আৰু কুকি সম্প্ৰদায়ৰ মাজত চলা ধাৰাবাহিক সংঘাতৰ…
Read More