বিহাৰৰ ছাছাৰাম ৰে’ল ষ্টেচনত ৰৈ থকা অৱস্থাতে দেওবাৰে পুৱা পাটনা অভিমুখী এখন দ্ৰুতবেগী যাত্ৰীবাহী ৰে’লৰ ডবাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। প্লেটফৰ্ম নম্বৰ ৬ত থকা ছাছাৰাম-পাটনা পেচেঞ্জাৰ ৰে’লখন পুৱা প্ৰায় ৬ বজাত যাত্ৰা আৰম্ভ কৰাৰ ঠিক কিছু সময় পূৰ্বেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। হঠাতে ৰে’লখনৰ এটা ডবাৰ পৰা ক’লা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি ষ্টেচনত থকা যাত্ৰীসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়।
প্ৰাৰম্ভিক তদন্ত অনুসৰি শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰে’ল আৰক্ষী প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে জুই নিৰ্বাপন কৰে। এই দুৰ্ঘটনাত কোনো যাত্ৰী হতাহত হোৱা নাই যদিও ৰে’লখনৰ এটা ডবা সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
ৰে’ল কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত ডবাটো মূল ৰে’লখনৰ পৰা পৃথক কৰি আটাইকেইটা ডবা পৰীক্ষা কৰাৰ পাছতহে ৰে’লখন পুনৰ পাটনা অভিমুখে ৰাওনা কৰাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে ইয়াৰ ঠিক এদিন পূৰ্বেই মধ্যপ্ৰদেশৰ ৰতলামত দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ এটা বাতানুকূল ডবাতো অনুৰূপ ধৰণৰ এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল।
ৰতলামৰ বিক্ৰমগড় আলোট আৰু লুনী ৰিচ্ছা ষ্টেচনৰ মাজত সংঘটিত উক্ত দুৰ্ঘটনাত ৰাজধানী এক্সপ্ৰেছৰ বি-১ ডবাৰ লগতে গাৰ্ড ভানো ক্ষতিগ্ৰস্ত হৈছিল। অৱশ্যে ৰে’লখনৰ স্বয়ংক্ৰিয় সুৰক্ষা প্ৰণালী সক্ৰিয় হৈ পৰাৰ বাবে ৰে’লখন লগে লগে ৰৈ যায় আৰু আটাইকেইজন যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়।
মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত দেশত দুখনকৈ যাত্ৰীবাহী ৰে’লত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে এতিয়া সষ্টম হৈ পৰিছে ৰে’ল মন্ত্ৰালয়। ভৱিষ্যতে এনে দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে আৰু যাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সমগ্ৰ দেশজুৰি ৰে’লৰ ডবাসমূহৰ অগ্নি প্ৰতিৰোধক ব্যৱস্থাৰ এক জৰুৰী অডিট কৰাৰ নিৰ্দেশ দিয়া হৈছে।
