আমেৰিকাত এয়াৰ শ্ব’ত চাঞ্চল্য: নৌসেনাৰ দুটা যুদ্ধবিমানৰ প্ৰচণ্ড সংঘৰ্ষ, অল্পতে প্ৰাণৰক্ষা বিমান কৰ্মীসকলৰ

আমেৰিকাৰ ইডাহ’ৰ এক এয়াৰ শ্ব’ত প্ৰদৰ্শনৰ সময়তে দেওবাৰে আমেৰিকান নৌসেনাৰ দুখন অত্যাধুনিক যুদ্ধবিমানৰ মাজত সংঘটিত হয় এক ভয়ংকৰ সংঘৰ্ষ। পশ্চিম ইডাহ’ৰ মাউণ্টেইন হোম এয়াৰ ফৰ্চ বেচত অনুষ্ঠিত এই বিমান প্ৰদৰ্শনীত সংঘটিত দুৰ্ঘটনাটোৰ পাছতে দুয়োখন বিমান ভূপতিত হয় যদিও কথমপি প্ৰাণৰক্ষা পৰে ৪ গৰাকী বিমান কৰ্মীৰ। বিমান দুখন ধ্বংস হোৱাৰ পূৰ্বেই ক্ৰু মেম্বাৰকেইজনে ইজেক্ট কৰি সুৰক্ষিতভাৱে পেৰাচুটেৰে নামি আহিবলৈ সক্ষম হয়।

ইউ এছ পেচিফিক ফ্লীটৰ নৌসেনা বাহিনীৰ মুখপাত্ৰ কমাণ্ডাৰ আমেলিয়া উমায়ামে প্ৰকাশ কৰা অনুসৰি, ৱাশ্বিংটনৰ হুইডবে দ্বীপৰ ‘ইলেক্ট্ৰনিক এটাক স্কোয়াড্ৰন ১২৯’ৰ দুখন ‘EA18-G Growlers’ নামৰ যুদ্ধবিমানৰ মাজত এই সংঘৰ্ষৰ সৃষ্টি হয়। আকাশত যুদ্ধবিমান দুখনে নিজৰ কলা-কৌশল প্ৰদৰ্শন কৰি থকাৰ সময়তে হঠাতে দুয়োখনৰ মাজত খুন্দা লাগে। ইয়াৰ পাছতে দুয়োগৰাকী পাইলটসহ বিমান কৰ্মীসকলে জৰুৰীকালীনভাৱে বিমানৰ পৰা জাপ দিয়ে আৰু প্ৰাণ ৰক্ষা কৰে।

ইফালে, ঘটনাটোৰ লগে লগে মিলিটাৰী বেচটো সম্পূৰ্ণৰূপে লকডাউন কৰি দিয়াৰ লগতে সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰা হৈছে। প্ৰদৰ্শনী চাবলৈ অহা দৰ্শকে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’ত দেখা গৈছে যে আকাশত বিমান দুখনে ইখনে সিখনক স্পৰ্শ কৰাৰ পাছতে নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰমান্বয়ে মাটিত খহি পৰে আৰু এক প্ৰচণ্ড বিস্ফোৰণৰ সৈতে জুইৰ পিণ্ডত পৰিণত হয়। সৌভাগ্যবশতঃ সামৰিক ঘাটিটোত থকা কোনো এজন দৰ্শক বা সাধাৰণ নাগৰিক এই দুৰ্ঘটনাত আহত হোৱা নাই জানিব পৰা গৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *