নীট প্ৰশ্নকাকত ফাদিল কাণ্ডৰ আন এগৰাকী মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ চিবিআইৰ; এনটিএৰ প্ৰশ্নকাকত প্ৰস্তুতকাৰী কমিটিত আছিল ধৃত প্ৰবক্তা মনীষা মান্ধাৰে

মেডিকেল প্ৰৱেশ পৰীক্ষা ‘নীট-ইউজি ২০২৬’ৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ সৈতে জড়িত আন এগৰাকী মাষ্টাৰমাইণ্ডক শনিবাৰে গ্ৰেপ্তাৰ কৰে চিবিআইয়ে। ধৃত মহিলাগৰাকীক ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ৰ প্ৰশ্নকাকত প্ৰস্তুতকাৰী কমিটিৰ সদস্য তথা উদ্ভিদ বিজ্ঞানৰ প্ৰবক্তা মনীষা মান্ধাৰে বুলি চিনাক্ত কৰা হৈছে। দিল্লীস্থিত চিবিআইৰ মুখ্য কাৰ্যালয়ত দীৰ্ঘ সময় ধৰি জেৰা কৰাৰ অন্তত কেন্দ্ৰীয় সংস্থাটোৱে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত লয়।

প্ৰশ্নকাকত ফাদিল কাণ্ডৰ মূল অভিযুক্ত তথা ৰসায়ন বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পি ভি কুলকাৰ্ণীৰ জেৰাৰ ভিত্তিত মনীষাক গ্ৰেপ্তাৰ কৰা বুলি চিবিআইৰ বিষয়াসকলে জানিবলৈ দিছে। পুনেৰ মডাৰ্ণ কলেজ অৱ আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চত কৰ্মৰত মনীষাই যোৱা ৫-৬ বছৰ ধৰি এনটিএৰ হৈ নীট পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰি আহিছিল। এইবাৰো তেওঁক এনটিএৰ তৰফৰ পৰা বিশেষজ্ঞ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ইয়াৰ সুযোগ লৈয়েই তেওঁ উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল কৰিছিল।

সংস্থাটোৱে জনোৱা অনুসৰি, ২০২৬ চনৰ এপ্ৰিল মাহত পুনেৰ নিজা বাসগৃহত অনুষ্ঠিত কৰা গোপন কোচিং ক্লাছৰ জৰিয়তে মনীষাই ছাত্ৰ-ছাত্ৰীক এই প্ৰশ্নসমূহ যোগান ধৰিছিল। তেওঁ কোচিং ক্লাছত উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ একাধিক প্ৰশ্ন ডিক্টেশ্যন দিয়াৰ লগতে উত্তৰসমূহো ছাত্ৰ-ছাত্ৰীৰ বহীত লিখাই দিছিল। ইয়াৰ বিনিময়ত তেওঁ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৩ মে’ত অনুষ্ঠিত মূল পৰীক্ষাৰ প্ৰশ্নকাকতৰ সৈতে এই গোপন ক্লাছত দিয়া প্ৰশ্নসমূহৰ হুবহু মিল থকা বুলি চিবিআইয়ে দাবী কৰিছে।

এই সমগ্ৰ চক্ৰটোৰ বাবে পৰীক্ষাৰ্থীসকলক একত্ৰিত কৰাৰ কাম কৰিছিল যোৱা ১৪ মে’ত গ্ৰেপ্তাৰ হোৱা মনীষা ৱাঘমাৰে নামৰ অন্য এগৰাকী অভিযুক্তই। উল্লেখযোগ্য যে, পূৰ্বে গ্ৰেপ্তাৰ হোৱা কেমিষ্ট্ৰীৰ প্ৰফেচৰ কুলকাৰ্ণীয়েও একে ধৰণৰ কৌশল অৱলম্বন কৰিয়েই ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল কৰিছিল। বৰ্তমান চিবিআইয়ে এই দুই মাষ্টাৰমাইণ্ডক জিম্মাত লৈ সমগ্ৰ নেটৱৰ্কটোৰ সন্দৰ্ভত অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *