21
May
বিপৰীত দিশৰ পৰা অহা এখন বাছক বাট এৰি দিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হ’ল এখন তেল পৰিবাহী টেংকাৰ। শিৱসাগৰ জিলা ৰুদ্ৰসাগৰত বুধবাৰে সন্ধিয়া প্ৰায় ৮ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। ইন্ধন ভৰ্তি টেংকাৰখনৰ চালকগৰাকীয়ে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। প্ৰাথমিক তথ্য অনুসৰি, AS-04 AC-4991 পঞ্জীয়ন নম্বৰৰ টেংকাৰখনে নুুমলীগড়ৰ পৰা নাজিৰাৰ এটা তৈল ডিপোলৈ পেট্ৰ’ল আৰু ডিজেল কঢ়িয়াই লৈ গৈ আছিল। চালকগৰাকীৰ দাবী অনুসৰি, বিপৰীত দিশৰ পৰা অহা এখন বাছক পাছ দিবলৈ যাওঁতে বাহনখন নিয়ন্ত্ৰণহীন হৈ পৰে আৰু ঘাইপথৰ কাষৰ এটা দ পুখুৰীত বাগৰি পৰে। দুৰ্ঘটনাৰ সময়ত টেংকাৰখনত প্ৰায় ১২ হাজাৰ লিটাৰ…
