অসমৰ মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাবাসী অসমীয়া সমাজৰ ; নামঘৰৰ অতিথিশালা নিৰ্মাণৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান

গুৱাহাটীৰ পৰা মাত্ৰ এক বা ডেৰ ঘণ্টা সময়ৰ বাট তথা চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা ৰাজধানী দিছপুৰৰ পৰা প্ৰায় ৪৫  কিলোমিটাৰ নিলগত থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোেক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্রমে – বৰগাওঁ , আঠগাওঁ, নালাপাৰা, নোৱাগাঁও, পুৰাণগাঁও, লালুংপাম, জয়গাঁও, দেহেনগাওঁ , বৰঘাটচাৰি আৰু জাৰিকুছি । এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, বিশিষ্ট সমাজকৰ্মী , মেঘালয় ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বৈদ্যুতিক অভিযন্তা , কাৰ্বি ৰাজ পৰিয়ালৰ প্ৰতিনিধি মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সাহিত্য – সংস্কৃতিৰ চৰ্চা কৰি আহিছে। আনকি অসমৰ বহু ঠাইৰ দৰে মাৰঙাতো তাৰ বাসিন্দা সকলে অসমীয়া নৱবৰ্ষ বহাগ বিহু , মাঘ বিহু, মহাপুৰুষ দুজনাৰ আবিৰ্ভাৱ আৰু তিৰোভাব তিথি, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আদি তেঁওলোকৰ পূৰ্ব পুৰুষৰ দিনৰে পৰা  পৰম্পৰাগতভাবে পালন কৰি  আহিছে।

পৰিস্থিতিৰ বাধ্যবাধকতাত পঢ়ি বেলেগ ৰাজ্যত বাস কৰি আহিলেও অসমৰ প্ৰতি আছে তেওঁলোকৰ হিয়াভৰা মৰম। বিশেষকৈ তেওঁলোকৰ গাঁৱৰ মাজত থকা শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰাথমিক শাখাৰ নামঘৰটো ব্যৱহাৰৰ অনুপযোগী হৈ থকা বাবে ২০২৩ চনৰ জানুৱাৰী মাহত অসমৰ কেবাখনো বাতৰি কাকতত নামঘৰটোৰ উন্নয়নৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰা হৈছিল। তাৰ দুদিনমান  পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তেওঁৰ প্ৰধান প্ৰেছ সচিব ধ্ৰুৱ মহন্তই আমাৰ অনুজ ভাতৃ প্ৰতীম তথা গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক  জয়ন্ত কলিতাৰ জৰিয়তে আমাক যোগাযোগ কৰে। তাৰ কেইদিনমান পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ তদানিন্তন মন্ত্ৰী পীয়ুষ হাজৰিকাই নিজেই মাৰঙালৈ আহি নামঘৰত ৰাইজৰ সৈতে সভা অনুষ্ঠিত কৰি নামঘৰৰ উন্নয়নৰ বাবে দুই লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। সেই টকাৰে নামঘৰটো পুনৰ নিৰ্মাণ কৰি আন্তঃগাঁথনি উন্নয়ন সাধনৰে ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়। আমি এতিয়া তাত এটা সৰুকৈ অতিথিশালা নিৰ্মাণৰ বাবে পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতা কামনা কৰাৰ লগতে আমাৰ অঞ্চলটোৰ বিভিন্ন সামাজিক সংগঠন আৰু অসমীয়াভাষী সমাজৰ ফালৰ পৰা তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছো।

তাৰ ভিতৰত মাৰঙা শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰাথমিক শাখা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জয়মালা বিনং   লিংদো  আৰু সম্পাদক যোগেশ মাৰৱেট, শ্ৰীমন্ত শঙ্কৰদেৱ চেকেণ্ডেৰী স্কুল পৰিচালনা সমিতিৰ বিশ্বজিৎ মাজং  আৰু মনীন ৰাজা , মাৰঙা চ’ছিয়েল এণ্ড কালচাৰেল অৰ্গেনাইজেচনৰ সভাপতি ট্ৰেল বিনং আৰু সম্পাদক ডিমৰ চিয়েম, বিজেপি দলৰ ৯ নম্বৰ নংপো মণ্ডল কমিটিৰ সভাপতি চিনিংস্তেৰ  লিংডো আৰু সম্পাদক শৈলেনষ্টাৰ  ৰনীয়ে এক বিজ্ঞপ্তিত মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্রহণ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ উন্নয়ন সাধনৰ লগতে চুবুৰীয়া ৰাজ্যত বসবাস কৰি থকা অসমীয়া লোকসকলৰ সমস্যাসমূহ সমাধানত এন ডি এ চৰকাৰখনে গুৰুত্ব দিব বুলি  আশা প্ৰকাশ কৰিছে। বিগত পাঁচ বছৰত অসমৰ দ্রুত উন্নয়ন আৰু সু-শাসনৰ বাবেই বিপুল জনাদেশ পাবলৈ সক্ষম হোৱা বিজেপি মিত্রজোঁটৰ চৰকাৰখনে এইবাৰো ৰাইজৰ আশা-আকাংক্ষা পূৰণত বলিষ্ঠ ভূমিকা গ্রহণ কৰিব বুলি বৃহত্তৰ মাৰঙাবাসী অসমীয়া সমাজে আশা প্রকাশ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *