শিৱসাগৰত দুৰ্ঘটনাগ্ৰস্ত ১২ হাজাৰ লিটাৰ তেল কঢ়িওৱা টেংকাৰ, স্থানীয় লোকৰ মাজত আতংক

বিপৰীত দিশৰ পৰা অহা এখন বাছক বাট এৰি দিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হ’ল এখন তেল পৰিবাহী টেংকাৰ। শিৱসাগৰ জিলা ৰুদ্ৰসাগৰত বুধবাৰে সন্ধিয়া প্ৰায় ৮ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। ইন্ধন ভৰ্তি টেংকাৰখনৰ চালকগৰাকীয়ে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি, AS-04 AC-4991 পঞ্জীয়ন নম্বৰৰ টেংকাৰখনে নুুমলীগড়ৰ পৰা নাজিৰাৰ এটা তৈল ডিপোলৈ পেট্ৰ’ল আৰু ডিজেল কঢ়িয়াই লৈ গৈ আছিল। চালকগৰাকীৰ দাবী অনুসৰি, বিপৰীত দিশৰ পৰা অহা এখন বাছক পাছ দিবলৈ যাওঁতে বাহনখন নিয়ন্ত্ৰণহীন হৈ পৰে আৰু ঘাইপথৰ কাষৰ এটা দ পুখুৰীত বাগৰি পৰে। দুৰ্ঘটনাৰ সময়ত টেংকাৰখনত প্ৰায় ১২ হাজাৰ লিটাৰ ইন্ধন আছিল।

দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু টেংকাৰখনৰ ভিতৰৰ পৰা চালক আৰু হেণ্ডিমেনগৰাকীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। ৰাস্তাৰ পুৰণি আৰু বেয়া অৱস্থাৰ বাবেই এই গধুৰ বাহনখন পিছলি পুখুৰীত পৰিবলৈ পালে বুলি একাংশ প্ৰতিবেদনত প্ৰকাশ পাইছে।

উল্লেখ্য যে, যিটো পুখুৰীত টেংকাৰখন পৰিছে, সেইটো এটা আত্মসহায়ক গোটৰ মীন পালন পুখুৰী আছিল। ফলত ইন্ধন নিৰ্গমনৰ বাবে স্থানীয় পৰিৱেশ আৰু অৰ্থনৈতিক দিশত ব্যাপক ক্ষতি হোৱাৰ আশংকাই দেখা দিছে। ঘটনা সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *