অপাৰেচন সিন্দূৰ এক শক্তিশালী, আত্মবিশ্বাসী আৰু সক্ষম ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ এক বলিষ্ঠ নিদৰ্শন। দক্ষিণ কোৰিয়াত বসবাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে এক মতবিনিময় অনুষ্ঠানত বুধবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ আধুনিকীকৰণ আৰু বৈশ্বিক স্থিতি সম্পৰ্কে ভাষণ প্ৰদান কৰি তেওঁ কয় যে এই অভিযানে দেশখনে কোনো কাৰণতে সন্ত্ৰাসবাদ সহ্য নকৰে বুলি এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে।
দেশৰ সুৰক্ষা আৰু পাৰমাণৱিক নীতিৰ প্ৰসংগ উত্থাপন কৰি এক বিশেষ ভাষণ প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। অনুষ্ঠানত দেশৰ পাৰমাণৱিক স্থিতি সম্পৰ্কে তেওঁ কয় যে নতুন দিল্লী নিজৰ স্থিতিত সদায় অলৰ-অচৰ থাকিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, “ভাৰত নিজৰ ‘ন’ ফাৰ্ষ্ট ইউজ’ নীতিৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ হৈ থাকিব, কিন্তু কোনো পক্ষৰ পাৰমাণৱিক ভাবুকিৰ ওচৰত দেশখনে কেতিয়াও হাৰ নামানে।” ইয়াৰ সমান্তৰালভাৱে প্ৰতিৰক্ষা উৎপাদন ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন কৰাৰ বাবে চৰকাৰৰ যি দৃঢ় সংকল্প, তাক তেওঁ এই অনুষ্ঠানতে পুনৰ দোহাৰে।
বিগত এক দশকত দেশৰ অৰ্থনৈতিক আৰু সামৰিক খণ্ডত হোৱা অভূতপূৰ্ব বিকাশৰ এক খতিয়ান দাঙি ধৰে মন্ত্ৰী সিঙে। অহা এক বা দুই বছৰৰ ভিতৰত দেশৰ প্ৰতিৰক্ষা ৰপ্তানিৰ পৰিমাণ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাব বুলি স্পষ্ট কৰে তেওঁ। তেওঁ লগতে কয়, “ভাৰত বৰ্তমান বিশ্বৰ বিভিন্ন জটিল সমস্যাৰ সমাধানকাৰী এক বৈশ্বিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু এয়া বিগত এটা দশকত দেশখনত অহা পৰিৱৰ্তনৰেই প্ৰতিফলন।” ইয়াৰ সমান্তৰালভাৱে অহা কেইটামান মাহৰ ভিতৰতে দেশৰ প্ৰতিৰক্ষা উৎপাদন ১.৭৫ লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি মত প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
ইফালে, চিউলত অনুষ্ঠিত ‘ইণ্ডিয়া-আৰঅ’কে ডিফেন্স ইণ্ডাষ্ট্ৰী বিজনেছ ৰাউণ্ড টেবল’ বৈঠকত অধ্যক্ষতা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। বাণিজ্যিক ক্ষেত্ৰত ভাৰত আৰু দক্ষিণ কোৰিয়াৰ ঔদ্যোগিক সহযোগিতাৰ সফলতাই দুয়োখন দেশৰ মাজত থকা দীৰ্ঘদিনীয়া বিশ্বাসী অংশীদাৰিত্বৰ বিশাল সম্ভাৱনীয়তাকে প্ৰদৰ্শন কৰে বুলি তেওঁ নিজৰ ভাষণত উল্লেখ কৰে। এই সফল মডেলটোক এতিয়া প্ৰতিৰক্ষা খণ্ডলৈ সম্প্ৰসাৰিত কৰাৰ সময় অহা বুলি মন্তব্য কৰি তেওঁ কয় যে বৰ্তমান সময়ত প্ৰযুক্তি, উদ্ভাৱন, উৎপাদন ক্ষমতা আৰু কৌশলগত বিশ্বাস ওতপ্ৰোতভাৱে সাঙোৰ খাই পৰিছে। ভৱিষ্যতৰ বাবে উন্নত প্ৰযুক্তি আৰু প্ৰতিৰক্ষা ব্যৱস্থা যুটীয়াভাৱে গঢ়ি তোলাৰ দিশত দুয়োখন দেশে মিলি কাম কৰিব পাৰে বুলি তেওঁ মত প্ৰকাশ কৰে।
প্ৰতিৰক্ষা উদ্যোগৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানতে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত দুখনকৈ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিয়ে দুয়োখন দেশৰ প্ৰতিৰক্ষা উদ্যোগসমূহৰ মাজত দ্বিপাক্ষিক সহযোগিতা আৰু প্ৰযুক্তিৰ বুজাবুজি অধিক শক্তিশালী কৰিব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।
