আই পি এলৰ প্লে অফত প্ৰৱেশ ছানৰাইজাৰ্ছ হায়দৰাবাদ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ ৬৩ সংখ্যক মেচত সোমবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ৫ উইকেটত পৰাস্ত কৰে।এই জয়েৰে এছ আৰ এইচে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰে। এই দলৰ লগতে গুজৰাট টাইটানছ (জিটি)য়েও পৰৱৰ্তী ৰাউণ্ডত স্থান নিশ্চিত কৰে। ইতিমধ্যে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ১৩খন খেলৰ পৰা ৯ খন জয়ৰে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছিল, তাৰ পিছত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছেও শীৰ্ষ চাৰিত স্থান দখল কৰিছে। টছত জয়ী হৈ এম এ চিদাম্বৰম ষ্টেডিয়ামত বেটিং কৰাৰ পথ বাছি লৈ চেন্নাই ছুপাৰ কিংছে ৭ উইকেটত ১৮০ ৰান সংগ্ৰহ কৰে। দলটোৱে ৪৮ ৰান সংগ্ৰহ কৰি দুটা উইকেট হেৰুৱাই অধিনায়ক ঋতুৰাজ গাইকৱাদে ১৫ ৰান কৰি কাৰ্তিক শৰ্মাৰ সৈতে ৩২ ৰান কৰি তৃতীয় উইকেটৰ বাবে ৪২ ৰানৰ অংশীদাৰিত্ব ভাগ কৰে।

চি এছ কেয়ে ১০০ ৰান সংগ্ৰহ কৰি চাৰিটা উইকেট হেৰুৱাইছিল, য’ৰ পৰা শিৱম ডুবেৰ সৈতে দেৱাল্ড ব্ৰেভিছে পঞ্চম উইকেটৰ বাবে ৩৮ বলত ৫৯ ৰান সংগ্ৰহ কৰি দলটোক শক্তিশালী স্থানত ৰাখিছিল। ডেৱাল্ড ব্ৰেভিছে ২৭টা বলত ৪৪ ৰান কৰি আউট হোৱাৰ বিপৰীতে শিৱম ডুবেই দলৰ হৈ ২৬ ৰান অৰিহণা যোগায়। বিপক্ষৰ হৈ পেট কামিন্সে সৰ্বাধিক ৩টা উইকেট দখল কৰে, আৰু ছাকিব হুছেইনে ২টা উইকেট দখল কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৯ অভাৰত খেলখন জয়ী হয় ছানৰাইজাৰ্ছ হায়দৰাবাদে। মাত্ৰ ১৮ ৰানৰ স্ক’ৰত ট্ৰেভিছ হেড (৬)ক আউট কৰাৰ পিছত অভিষেক শৰ্মা আৰু ঈশান কিষানে ৩১টা বলত ৩৮ ৰানৰ অংশীদাৰিত্ব ভাগ কৰি দলটোক ৫৬ ৰানলৈ লৈ যায়। ২১টা বলত ২৬ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে অভিষেক। তেওঁৰ ইনিংছত ৪টা বাউণ্ডেৰী অন্তৰ্ভুক্ত আছিল।

তাৰ পৰাই ঈশান কিষানৰ সৈতে হাইনৰিখ ক্লাচেনে তৃতীয় উইকেটত ৪১টা বলত ৭৫ ৰান সংযোজন কৰি দলটোক জয়ৰ পথত আগুৱাই লৈ যায়। ক্লাচেনে ২৬টা বলত ২৬টা বলত ২টা ছয় আৰু ৬টা চাৰিৰে ৪৭ ৰানত আউট হয়, য’ৰ পৰা ঈশান কিষানে দায়িত্ব লয়। কিষাণে ৪৭টা বলত ৩টা ছয় আৰু ৭টা চাৰিৰে ৭০ ৰান কৰি আউট হয়। ঈশানৰ উইকেট পৰাৰ সময়লৈকে দলটো জয়ৰ পথত প্ৰবেশ কৰে। চেলিল অৰোৰা (১০) আৰু স্মৰণ ৰবিচন্দ্ৰন (৫) অপৰাজিত হৈ দলটোক প্লে অফ বাৰ্থ নিশ্চিত কৰে। বিৰোধী শিবিৰৰ পৰা মুকেশ চৌধাৰীয়ে সৰ্বাধিক ২ উইকেট দখল কৰাৰ বিপৰীতে অংশুল কামোজ, নূৰ আহমেদ আৰু আকিল হুছেইনে ১টাকৈ উইকেট দখল কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *