নীট-ইউ জি ২০২৬ পৰীক্ষা বাতিল, নতুনকৈ হ’ব পৰীক্ষা

নীট-ইউ জি ২০২৬ পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বে ফাদিল হোৱাৰ ঘটনা সন্দৰ্ভত এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ২০২৬ৰ ৩ মে’ত অনুষ্ঠিত হোৱা পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছে নেচনেল টেষ্টিং এজেন্সীয়ে। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বজাই ৰাখিব পৰা যায়।

নেচনেল টেষ্টিং এজেন্সীয়ে উল্লেখ কৰে যে তদন্তৰ সময়ত উন্মোচিত তথ্য আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতিবেদনে স্পষ্ট কৰি দিছে যে বৰ্তমানৰ পৰীক্ষা প্ৰক্ৰিয়া অব্যাহত ৰখাটো উপযুক্ত নহ’ব। গতিকে নীট-ইউ জি ২০২৬ পৰীক্ষাৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰা হ’ব। অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অতি সোনকালে প্ৰকাশ পাব নতুন পৰীক্ষাৰ তাৰিখ আৰু এডমিট কাৰ্ডৰ সময়সূচী।

এই বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ক তদন্তৰ দায়িত্ব দিছে। সংস্থাটোৱে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ লগতে তদন্তৰ বাবে প্ৰয়োজনীয় সকলো নথি-পত্ৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *