17
Apr
পশ্চিমবংগত নিৰ্বাচনী যুঁজ তীব্ৰতৰ হৈ পৰাৰ মাজতে বিজেপিৰ হৈ প্ৰচাৰ চলাই মমতা বেনাৰ্জীক লক্ষ্য কৰি লোৱা দেখা গ’ল হিমন্ত বিশ্ব শৰ্মাক। বৃহস্পতিবাৰে কোচবিহাৰ দক্ষিণত আয়োজিত এক বিশাল জনসভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ শাসনকালৰ তীব্ৰ সমালোচনা কৰে। ধৰ্মীয় অনুষ্ঠানক লৈ পশ্চিমবংগত বিৰ্তকিত মন্তব্য কৰাটো এক সহজলভ্য বিষয় হৈ পৰা বুলি অভিযোগ কৰি এনে আচৰণ অসম বা উত্তৰ প্ৰদেশত সহ্য কৰা নহয় বুলিও তেওঁ হুংকাৰ দিয়ে। তৃণমূল কংগ্ৰেছৰ নেতৃত্বই ৰাজ্যখনত যিকোনো মন্তব্য কৰিব পৰা এক মুকলি পৰিৱেশ গঢ়ি তুলিছে বুলিও তেওঁ তীব্ৰ কটাক্ষ কৰে। সীমান্ত সুৰক্ষাৰ প্ৰসংগতো তৃণমূল চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। অসম আৰু ত্ৰিপুৰাত সীমান্তত কাঁটাতাঁৰৰ বেৰ…
